ঘৰুৱা ক’ভিড মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰী আৰু ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে এই বার্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই!

False Medical
WhatsApp Image 2020-06-18 at 19.34.02.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখ ৪০ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৮০.৬ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩ লাখ ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১২ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো চাৰিহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে আঠজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট/বাৰ্তা ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিশেষকৈ ক’ৰনা ভাইৰাছ ৰোগৰ চিকিৎসা সমন্ধে বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে । শেহতীয়াকৈ অসমত হোৱাটচ এপ্পৰ যোগেদি এটা বিশেষ বাৰ্তা ভাইৰেল হৈছে । 

ভাইৰেল বাৰ্তাটোৰ শিৰোনামা দিয়া হৈছে, ‘ঘৰত দৰকাৰ হোৱা ক’ভিড মেডিকেল কিট’ । বাৰ্তাটোত দাবী কৰা হৈছে যে টাটা হেলথৰ ফালৰ পৰা উক্ত বাৰ্তাটো প্ৰচাৰ কৰা হৈছে । বার্তাটোত সেই উল্লেখিত ঘৰুৱা মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰীৰ বিষয়ে লিখা আছে, লগতে ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে লিখা আছে । বাৰ্তাটোত টাটা হেলথৰ এক ৱেবলিংকও দিয়া আছে । 

সঁচাকৈ এই বাৰ্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি টাটা হেলথৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ আৰু এই বিষয়ে তেওঁলোকৰ ফালৰ পৰা কোনো বক্তব্য ৰখা হৈছে নেকি, জানিবলৈ চেষ্টা কৰিলোঁ । আমি দেখিলোঁ যে এজন টুইটাৰ ইউজাৰে তেওঁলোকক ইতিমধ্যে উক্ত ভাইৰেল বার্তাটোৰ বিষয়ে প্ৰশ্ন কৰিছে আৰু টাটা হেলথৰ ফালৰ পৰা এক স্পষ্টীকৰণ দিয়া হৈছে যে তেওঁলোকে এনে ধৰণৰ কোনো বার্তা প্ৰচাৰ কৰা নাই । 

tata 1.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

আমি আৰু দেখিলোঁ যে টাটা হেলথৰ ফালৰ পৰা এই বিষয়ে আন এক টুইট কৰা হৈছে য’ত তেওঁলোকে লিখিছে যে সত্যতা নিৰূপণ নোহোৱা বার্তা বা তথ্য বিশ্বাস নকৰি সকলোৱে কাষৰ ডাক্তৰ বা হস্পিটেলত ক’ভিড সম্পৰ্কে থকা সন্দেহ বা প্ৰশ্নৰ নিৰ্মূল কৰিব লাগে বা উত্তৰ বিচাৰিব লাগে । 

tata 2.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

ইয়াৰ পাছত আমি ভাইৰেল বার্তাটোত ক’ৰনা ভাইৰাছ ৰোগৰ যি তিনিটা ষ্টেজৰ বিষয়ে লিখা হৈছে, সেই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ যদিয়ো কোনো নাম থকা প্ৰতিষ্ঠান বা সংস্থায়ে এই সম্পৰ্কে কোনো ঘোষণা বৰ্তমানলৈকে কৰা নাই । 

ইয়াৰ উপৰিও ভাপ ললে বা গৰম পানী খালে বা কুলকুলি কৰিলে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি আগতেও বিভিন্ন বার্তা ভাইৰেল হৈছে আৰু আমি ইয়াৰ সত্যতা নিৰূপণ কৰি ভুৱা বুলি নিৰ্ণয় কৰিছিলোঁ । 

tata 3.png

এই বিষয়ে পঢ়ক ইয়াত আৰু ইয়াত। 

tata 4.png

ফলাফল
উক্ত ভাইৰেল বার্তাটো ভুৱা হয় । টাটা হেলথৰ ফালৰ পৰা এনে কোনো বার্তা প্ৰচাৰ কৰা নাই । এনে ধৰণৰ বার্তায়ে সাধাৰণ মানুহক বিপদত পেলাব পাৰে ।

Avatar

Title:ঘৰুৱা ক’ভিড মেডিকেল কিটত থাকিবলগীয়া সামগ্ৰী আৰু ‘ক’ভিড-১৯’ৰ তিনিটা ষ্টেজৰ বিষয়ে এই বার্তাটো ‘টাটা হেলথ’ৰ ফালৰ পৰা প্ৰচাৰ কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *