১৯৪৮চনত ভাৰতীয় ফুটবল দলটোক নেহৰুৱে জোতা কিনিবলৈ ধন দিয়া নাছিল নেকি। সত্যটো কি, জানো আহক। 

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট কৰিছে। পোষ্টটোৰে তেওঁ দাবী কৰিছে যে ১৯৪৮ চনৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলটোৱে খালী ভৰিৰে ফুটবল খেলিবলগীয়া হৈছিল। কাৰণ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৈলেন্দ্ৰ নাথ মান্নৰ অধিনায়কাধীন দলটোক ফুটবল খেলা জোতা কিনিবলৈ ধন দিয়া নাছিল। প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰি লৈছিল ঠিকেই, কিন্তু ভাৰতীয় ফুটবল দলটোৰ অতিকৈ প্ৰয়োজনীয় জোতাসমূহৰ যোগান ধৰা নাছিল। এই দাবীৰে পোষ্টটো কৰা হৈছে।

Facebook Link  Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

ফেচবুক পোষ্টটোত একাধিক দাবী উত্থাপন কৰা হৈছে। সেই সমূহৰ অনুসন্ধানৰ আৰম্ভণীতে আমি ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি গেটী ইমেজত সেই ফটোখন পালোঁ। জানিব পাৰিলোঁ যে যিখন ফটো ফেচবুক পোষ্টটোত সংলগ্ন কৰা হৈছে, সেইখন ক্ৰপ পৰা ফটো মূল ফটোখনৰ একাংশ কাটি ফটোখন আপলোড কৰা হৈছে। মূল ফটোখনত জোতা পিন্ধি থকা খেলুৱৈয়ো দেখা যায়। ১৯৪৮চনত লণ্ডন অলিম্পিকত সেই ফটোখন তোলা হৈছিল বুলি তাত উল্লেখ কৰা হৈছে। 

Sportskeeda নামৰ খেলৰ ৱেবচাইট এটাতো আমি সেই একেখন ফটো পালোঁ। 1948 London Olympics: The day India lost to France in football শীৰ্ষক এটা প্ৰৱন্ধৰ সৈতে সেই ফটোখন প্ৰকাশ কৰা হৈছে। তাতো লণ্ডন অলিম্পিকৰ কথা উল্লেখ কৰা হৈছে। অৰ্থাত সেয়া বিশ্বকাপৰ ফটো বুলি কৰা দাবীটো মিছা।

ইয়াৰ আঁত ধৰি আমাৰ সন্ধান আগুৱাই নিয়াত আমি Sportsar আলোচনীত এটা লেখা পালোঁ। When the Indian football team almost beat France at the 1948 Olympics শীৰ্ষক লেখাটোত উল্লেখ কৰা হৈছে যে সাধাৰণতে জোতা পিন্ধি খেলাত অনভ্যস্ত সৰহসংখ্যক ভাৰতীয় খেলুৱৈয়ে একাষৰীয়া কৰি থৈ দিয়া All India Football Federation  ৰ তৰফৰ পৰা প্ৰদান কৰা জোতাসমূহ ইলেণ্ডৰ সেমেকা তথা পিছত পৰিবেশত পিন্ধি খেলিবলৈ বাধ্য হৈছিল। 

আমি ১৯৪৮ অলিম্পিকৰ খেলৰ তথ্যৰ সন্ধান কৰোতে লাভ কৰা বিবিচিৰ ১৯৪৮ চনৰ অলিম্পিকৰ হাতপুথিত দেখা গৈছে যে ফুটবল খেলসমূহ নকআউট পদ্ধতিৰে অনুষ্ঠিত হৈছিল। 

১৯৪৮ চনৰ অলিম্পিকৰ চৰকাৰী প্ৰতিবেদনত দেখা যায় যে ভাৰতীয় ফুটবল দলটোৱে খেলা প্ৰথমখন মেচতে ফ্ৰান্সৰ হাতত পৰাস্ত হোৱাৰ পাছত দলটো অলিম্পিকৰ পৰা বাহিৰ হৈছিল।

সেই একেই ১৯৪৮ চনৰ অলিম্পিকৰ প্ৰতিবেদনত পঢ়িব পাৰি যে ভাৰত-ফ্ৰান্সৰ খেলখনত ভাৰতৰ ৯ জন সদস্যই  জোতা নিপিন্ধাকৈ খেলিছিল

‘স্প’ৰ্টষ্টাৰ’ আলোচনীৰ ৱেবছাইটত পঢ়িব পাৰিলোঁ যে সেই সময়ত ভাৰতীয় দলটোৰ জোতা পিন্ধি খেলাৰ অভ্যাস নাছিল আৰু এআইএফএফ(All India Football Federation)ৰ ফালৰ পৰা দিয়া জোতাবোৰ সাধাৰণতে খেলপথাৰৰ ভিজা আৰু পিছল অৱস্থাৰ বাহিৰে ভাৰতীয় দলৰ সদস্যসকলে ব্যৱহাৰ নকৰিছিল।

১৯৪৮চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় দলৰ একাংশ খেলুৱৈয়ে জোতা পিন্ধি খেলা কিছুমান আলোকচিত্ৰ ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।

All India Football Federationৰ ৱেবচাইটত আমি পঢ়িবলৈ পালোঁ যে ১৯৫২ চনৰ আগলৈকে খালি ভৰিৰেও খেলিব পাৰিছিল। ১৯৫২চনৰ পৰাহে জোতা পিন্ধি খেলাটো বাধ্যতামূলক কৰা হৈছিল।

আনহাতে আমি সত্যতা নিৰূপণ কৰি থকা পোষ্টটোত উল্লেখ কৰা হৈছে যে সেই সময়ত ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল শৈলেন্দ্ৰ নাথ মান্ন। কিন্তু প্ৰকৃততে সেই দলটোৰ অধিনায়ক আছিল ড০ তালিমৰাণ আও। অলিম্পিকৰ অফিচিয়েল ৱেবচাইটত সেই তথ্য উপলব্ধ

তাৰিমৰাণ আৱে সেইসময়ত কৈছিল We play football, whereas you play bootball.যাৰ সহজ অৰ্থ হৈছে আমি ভৰিৰে খেলোঁ আৰু তোমালোকে জোতাৰে খেলা। সেই তথ্যও আমি লাভ কৰিলোঁ। 

এইসমূহ তথ্য প্ৰমাণৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে সেই ফটোখন বিশ্বকাপৰ নহয়, লণ্ডন অলিম্পিৰকৰ হে। ১৯৪৮চনত ভাৰতীয় দলটোক জোতা প্ৰদান কৰা হৈছিল। কিন্তু জোতা পিন্ধি খেলাৰ অভ্যাস নথকাৰ বাবে বহুকেগৰাকী খেলুৱৈয়ে খালি ভৰিৰে খেলিছিল। তদুপৰি অধিনায়ক শৈলেন্দ্ৰ নাথ মান্না নাছিল, তালিমৰাণ আওহে আছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। সেই ফটোখন বিশ্বকাপৰ নহয়, লণ্ডন অলিম্পিৰকৰ হে। ১৯৪৮চনত ভাৰতীয় দলটোক জোতা প্ৰদান কৰা হৈছিল। কিন্তু জোতা পিন্ধি খেলাৰ অভ্যাস নথকাৰ বাবে বহুকেগৰাকী খেলুৱৈয়ে খালি ভৰিৰে খেলিছিল। তদুপৰি অধিনায়ক শৈলেন্দ্ৰ নাথ মান্না নাছিল, তালিমৰাণ আওহে আছিল।     

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:১৯৪৮চনত ভাৰতীয় ফুটবল দলটোক নেহৰুৱে জোতা কিনিবলৈ ধন দিয়া নাছিল নেকি। সত্যটো কি, জানো আহক।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *