AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাছ দুৰ্ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো কেডাৰনাথলৈ যোৱা এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাৰ ভিডিঅ’। ভিডিঅ’টোত ব্যৱহাৰকাৰীজনে নিজেই কেমেৰাৰ সমুখত সেই দাবী উত্থাপন কৰিছে।    

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfgs4AUmxOAJbK9P-Fiv_Vcdn31Wzk5ACtDIQQ0nc14-Ws4r5ej4_wDwbxkZoZtcTcBzO3VjdjCpAK4-ImmK9-AwMCdY7hGr4Ii8cAxlWoMGZmHbJYyi-KvOdkHx6GPnVjtw20Ovw?key=gt7XYbDjsABG2xjMdMAbOg

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিছিলোঁ। তেতিয়া প্ৰথমে ইনষ্টাগ্ৰামত সেই ভিডিঅ’টোকে লাভ কৰিলোঁ। ভিডিঅ’টোৰ ওপৰত ৱাটাৰ মাৰ্ক এটা পালোঁ। লিখা হৈছিল cozyclouda1 বুলি।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfFCAKH3ug2KlC3OdP4Qms8vJsLZHUBT0jDNIbodFl3Bbxsi8pbm8NMwz1kVd-mdg8UdHnvjZHJZDF18xrJycAVBo_OTVDObjVV_c-H-ozJ3mJeKcK1hYl0Ar0wUNX9M8E2dg8D1A?key=gt7XYbDjsABG2xjMdMAbOg

Cozyclouds1ৰ আঁত ধৰি আমি সন্ধান কৰোতে ইনষ্টাগ্ৰামতে cozyclouds1ৰ ভেৰিফাইড হেণ্ডেলটো পালোঁ। তাত লিখা আছিল যে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ পাব পৰা এক সামাজিক মাধ্যম। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfh2tzcrfNcbqCrtvnaqEJiFB-swizRmAyHGMmqFtPPljgvg471JDpKazo17Xyx5KNWJ7w-NWO5AyCf4nKzG5nYHHQ1N7a8qW5WSFdcitMw88Jzal0ZwjlQiNLOZjuSvonsywKxZg?key=gt7XYbDjsABG2xjMdMAbOg

COZY CLOUDSৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰোতে আমি তাত বিভিন্ন AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ দেখিলোঁ। লগতে যিটো ভিডিঅ’ কেডাৰনাথত বাছ দুৰ্ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটোও যোৱা ২৯জুন ২০২৫তে আপলোড কৰি থোৱা দেখা পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdOg7toSrbGlY-gh7M-EdpbKwIOfM_ohZjcny8JBTZGvLLMleVerugFIK59OG7DjhjuVQWMIgQ2BrqWZWSYGAR6gd13PK5FWNsO6x-bIIhgSUnVviP2VhZ0AOzJ-hE03sR_gMsd?key=gt7XYbDjsABG2xjMdMAbOg

আমাৰ সন্ধানত আমি COZY CLOUDSৰ ফেচবুক পেজটোও পালোঁ। তাতো স্পষ্ট ৰূপত লিখা আছে যে সেয়া AI Videoৰ এক সামাজিক মাধ্যম। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXduejimFw0tnoibuqavcJE2ZO041pA2nvHfm7OPB4juYnymTrUuqLEjSqx8BSuzgkSlb8_OIVnfb7rbStUUlZ-KBhoXEJwPCJmi2TONmk6dMTpbOO6oB1aOz-9xT_7i9dW1p3yS?key=gt7XYbDjsABG2xjMdMAbOg

এই ফেচবুক পেজটোতো আমি উক্ত ভিডিঅ’টো দেখা পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXflVKZYKe8Ywqc-Aj2-ElSqGqj2lfdAwclese7QBNbwfuHWWJEI2C8yRqG5wwBSmGh2L2Qpn1tei15kc4pU0UtEzaKzV3c2lU_SbLxx6juk0pdbqrtG75CBWDNCzjI_BlMtX40S_A?key=gt7XYbDjsABG2xjMdMAbOg

ইয়াৰ পৰা আমি এই ভিডিঅ’টো COZY CLOUDS নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰে ভিডিঅ’ নিৰ্মাণ কৰা গোটটোৰ দ্বাৰা আলোচিত ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে বুলি নিশ্চিত হ’লোঁ যদিও চূড়ান্ত নিশ্চিতিৰ বাবে আমি সামাজিক মাধ্যমৰ জৰিয়তেই তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু অৱশেষত তেওঁলোকৰ পৰা সহাৰি লাভ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে তেওঁলোকেই সেই ভিডিঅ’টো সৃষ্টি কৰিছে। বিভিন্ন AI Tools ব্যৱহাৰ কৰি তেওঁলোকে সেই ভিডিঅ’টো প্ৰস্তুত কৰিছে বুলি আমাক জানিবলৈ দিয়ে। লগতে ইয়াকো কয় যে তেওঁলোকে ব্যৱসায়িক উদ্দেশ্যৰেও এইধৰণৰ ভিডিঅ’ প্ৰস্তুত কৰে। এই কথাই নিশ্চিত কৰে যে যিটো ভিডিঅ’ কেডাৰনাথৰ বাছ দুৰ্ঘটনা বুলি অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে দাবী কৰিছে, সেইটো আচলতে COZY CLOUDS নামৰ AI Video প্ৰস্তুতকাৰী গোটেহে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰিছিল। দাবীটো মিছা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ কেডাৰনাথৰ বাছ দুৰ্ঘটনা বুলি অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে দাবী কৰিছে, সেইটো আচলতে COZY CLOUDS নামৰ AI Video প্ৰস্তুতকাৰী গোটেহে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰিছিল।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *