
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধী সম্পৰ্কে এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীৰ ফটো সংলগ্ন এটা চেনিটেৰী পেডৰ পেকেট দেখুওৱা হৈছে। কোনো ব্যক্তিয়ে পেকেটটোৰ পৰা এটা পেড উলিয়াই পেডটো খুলি চোৱাত সেই পেডৰ ভিতৰতো ৰাহুল গান্ধীৰ ফটো দেখা গৈছে। দাবী কৰা হৈছে যে বিহাৰৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে মহিলাসকলৰ মাজত বিতৰণ কৰা চেনিটেৰী পেডৰ পেকেটৰ লগতে ভিতৰত থকা চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো সংলগ্ন কৰা হৈছিল।
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এই সম্পৰ্কে ভালেমান প্ৰতিবেদন পালোঁ।
টাইমছ অব ইণ্ডিয়াত যোৱা ৬ জুলাইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ এই ভাইৰেল ভিডিঅ’টোক মিছা বুলি আখ্যা দি এজাহাৰ দাখিল কৰিছে।প্ৰতিবেদনত লিখা আছে এইদৰে, “… A video, which has gone viral on social media, shows Gandhi’s picture pasted on a sanitary pad, purportedly being distributed under the party’s Priyadarshini Udaan Yojana in Bihar, aimed at raising menstrual hygiene awareness among women in the state.
Congress leader Supriya Shrinate confirmed that an FIR has been registered regarding the video. “An FIR has been lodged against the misuse of Rahul Gandhi’s image to create a fake video. Action is also being taken against others involved,” Shrinate said on Sunday…(…ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে ৰাজ্যৰ মহিলাসকলৰ মাজত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিহাৰত দলৰ প্ৰিয়দৰ্শিনী উড়ান যোজনাৰ অধীনত বিতৰণ কৰা হৈছে বুলি কোৱা চেনিটেৰী পেডত গান্ধীৰ ছবিখন সংলগ্ন কৰা হৈছে।
কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে নিশ্চিত কৰিছে যে ভিডিঅ’টো সন্দৰ্ভত এফআইআৰ ৰুজু হৈছে। দেওবাৰে শ্ৰীনেটে কয় যে ৰাহুল গান্ধীৰ ফটোৰ অপব্যৱহাৰ কৰি ভুৱা ভিডিঅ’ তৈয়াৰ কৰাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে৷…)”
এই সম্পৰ্কে সুপ্ৰিয়া শ্ৰীনেটৰ টুইট তলত চাব পাৰিব।
এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
উল্লেখযোগ্য যে “প্ৰিয়দৰ্শিনী উড়ান যোজনা”ৰ অধীনত বিহাৰত মহিলাসকলৰ মাজত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ফটো সম্বলিত চেনিটেৰী পেড বিতৰণ কৰা হৈছিল। কিন্তু ভিডিঅ’টোত দাবী কৰা ধৰণে পেকেটৰ ভিতৰত থকা চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো নাই।
আন এক প্ৰতিবেদন অনুসৰি, “যুৱ কংগ্ৰেছ কৰ্মী প্ৰিয়ংকা দেৱীৰ এজাহাৰৰ পাছতে বেংগালুৰুৰ হাই গ্ৰাউণ্ড থানাত ৰতন ৰঞ্জন আৰু অৰুণ কোচিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
বিহাৰৰ অভিযুক্তই ৰাহুল গান্ধীৰ ছবিখন মৰ্ফ কৰি চেনিটেৰী পেডত ৰখাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগত দাবী কৰা হৈছিল যে এই কাৰ্য্যৰ উদ্দেশ্য হৈছে ভুৱা তথ্য প্ৰচাৰ কৰা, বদনাম কৰা আৰু নাৰীবিদ্বেষী মতামত প্ৰচাৰ কৰা। অভিযোগকাৰীয়ে পোষ্টটো ৰিপ’ষ্ট কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা বিচাৰিছে৷(The case has been registered against Ratan Ranjan and Arun Kosil at the High Grounds Police Station in Bengaluru following a complaint by Priyanka Devi, a Youth Congress worker.
The accused, reportedly Bihar-based, allegedly morphed Rahul Gandhi’s picture and placed it on a sanitary pad.
The complaint claimed that this act was intended to spread false information, defame, and promote misogynistic views. The complainant also sought action against those who have reposted the post.)”
অধিক অনুসন্ধানত আমি কংগ্ৰেছ দলৰ অফিচিয়েল এক্স হেণ্ডলত এটা ভিডিঅ’ পালোঁ য’ত ভাইৰেল ভিডিঅ’টোত থকা চেনিটেৰী পেডৰ পেকেট আৰু কংগ্ৰেছ দলে বিহাৰত বিতৰণ কৰা পেকেটৰ মাজত তুলনা দেখুওৱা হৈছিল।
আন এটা ভিডিঅ’ ইয়াত চাব পাৰিব।
কংগ্ৰেছ দলৰ অফিচিয়েল ইউটিউবত প্ৰিয়দৰ্শিনী উড়ান যোজনাৰ অধীনত বিহাৰত মহিলাসকলৰ মাজত বিতৰণ কৰা চেনিটেৰী পেডৰ পেকেটৰ এটা বিতং ভিডিঅ’ আপলোড কৰা হৈছিল য’ত দেখা গৈছে যে ভাইৰেল ভিডিঅ’টোত থকা পেকেটটো প্ৰকৃত পেকেটটোৰ পৰা পৃথক।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে বিহাৰত কংগ্ৰেছ দলে মহিলাসকলৰ মাজত বিতৰণ কৰা চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো সংলগ্ন কৰা হোৱা নাই বৰং পেকেটটোতহে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ফটো সংলগ্ন কৰা হৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো? জানক সত্যতা।
Fact Check By: Fact Crescendo AssameseResult: Misleading
