
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকীৰ বয়স ৩৫০ বছৰ আৰু তেওঁ নিজৰ ৭ম ভতিজাকৰ কোলাত বহি আছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’ঠোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ইউটিউৱত এই ভিডিঅ’টো বহুকেইটা চেনেলে আপলোড কৰা দেখিলোঁ। তাৰে এটা চেনেলত আপলোড কৰা ভিডিঅ’টোত এটা বিশেষ কথা আমাৰ দৃষ্টিগোচৰ হ’ল। সেয়া হৈছে ভিডিঅ’টোত Latentcore বুলি এটা ৱাটাৰমাৰ্ক আমি দেখিলোঁ।
Latentcoreৰ আঁত ধৰি সন্ধান কৰোতে আমি ইউটিউৱত Latentcoreৰ চেনেলটো পালোঁ।
চেনেলটোত Experiments in Latentcore বুলি লিখা আছিল আৰু তাত বিভিন্ন ধৰণৰ অস্বাভাৱিক ভিডিঅ’ আপলোড কৰা আছিল। ভিডিঅ’সুমূহ প্ৰাথমিক দৃষ্টিত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা যেন অনুভৱ হৈছিল। তাতেই আমি অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে ৩৫০ বছৰীয়া বৃদ্ধৰ ভিডিঅ’ বুলি দাবী কৰা ভিডিঅ’টোও লাভ কৰিলোঁ। তেতিয়া আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো Latentcoreএ সৃষ্টি কৰিছে অথবা ভিডিঅ’টোৰ উৎস Latentcore।
এইবাৰ আমি Latentcoreৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোও পালোঁ।
তাতো আমি দেখিলোঁ যে Experiments in Latentcore বুলি লিখা আছে আৰু আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোও আছে।
Latentcoreৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম হেণ্ডেল পৰীক্ষা কৰি আমি নিশ্চিত হ’লোঁ যে সেই ভিডিঅ’টোৰ সৃষ্টি তেওঁলোকেই কৰা আৰু Experiments in Latentcore বুলি উভয়তে লিখি থোৱা দেখি ধাৰণা কৰিলোঁ যে এয়া কোনো সম্পৰীক্ষামূলক ভিডিঅ’হে। কাৰণ দুয়োটা প্লেটফৰ্মতেই আমি দেখা ভিডিঅ’সমূহ কেমেৰাত বন্দী কৰা স্বাভাৱিক ভিডিঅ’ৰ দৰে নহয়। আমি সততে দেখি অহা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’ৰ দৰেহে।
আমাৰ ধাৰণাক ভিত্তি কৰি আমি অধিক অনুসন্ধান কৰোতে Latentcoreৰ টিকটক একাউণ্টটোৰ লিংকটোও লাভ কৰিলোঁ। যিহেতু আমাৰ দেশত টিকটক নামৰ প্লেটফৰ্মটো নিষিদ্ধ হৈ আছে, গতিকে আমি আমাৰ কম্বোডিয়াস্থিত সহকৰ্মীৰ সহায় লৈ সেই একাউণ্টটো পৰীক্ষা কৰিলোঁ। তেতিয়া জানিব পাৰিলোঁ যে উল্লিখিত ভিডিঅ’টো তাতো আপলোড কৰা আছে।
টিকটক একাউণ্টটোৰ বৰ্ণনা শিতানত Latentcoreৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত লিখি থোৱাৰ দৰে Experiments in Latentcore বুলি লিখি থোৱা আছে আৰু তাৰ তলতে All videos are AI generated বুলি লিখা আছে। এই কথাই আমাৰ ধাৰণাক নিশ্চিতি প্ৰদান কৰে যে এই ভিডিঅ’টো কোনো প্ৰকৃত বৃদ্ধ মানুহৰ নহয়। বৰং Latentcore নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তাৰে ভিডিঅ’ সৃষ্টি কৰা গোটৰ দ্বাৰা সৃষ্টি কৰা ভিডিঅ’হে।
তাৰ লগতে আমি কী-ৱৰ্ড ছাৰ্চ কৰি আমি জানিবলৈ চেষ্টা কৰিলোঁ যে আজিৰ তাৰিখত পৃথিৱীত জীয়াই থকা আটাইতকৈ বয়সীয়াল ব্যক্তিজন কোন। তাৰ পাছত সেই ব্যক্তিজনৰ স্থান গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেবছাইটত পোৱা গ’ল। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ তথ্য অনুসৰি বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন হৈছে ইংলেণ্ডৰ ইথেল কেটাৰহাম। ২০২৫ চনৰ ৩০ এপ্ৰিললৈকে কেটাৰহামৰ বয়স আছিল ১১৫ বছৰ আৰু ২৫২ দিন।
ইয়াৰ উপৰিও আমি গিনিজ বুক অৱ ৰেকৰ্ডছৰ ৱেবছাইটত দেখিলোঁ যে ইতিহাসৰ আটাইতকৈ দীৰ্ঘায়ু ব্যক্তিৰ অভিলেখ ফ্ৰান্সৰ জিন লুই কেলমেণ্ট নামৰ এগৰাকী মহিলাৰ হাতত আছে। ১২২ বছৰ ১৬৪ দিন জীয়াই থকা জিনে ১৯৯৭ চনৰ ৪ আগষ্টত মৃত্যুবৰণ কৰে।
ইয়াৰ অৰ্থ হৈছে আজিলৈকে এই পৃথিৱীত ১২২ বছৰতকৈ অধিককাল জীয়াই থকা কোনো লোকৰ তথ্য বা অভিলেখ নাই। মুঠতে ক’ব পাৰি যে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এটা ভিডিঅ’ৰে মিছাকৈ দাবী কৰা হৈছে সেয়া ৩৫০ বছৰ বয়সৰ এগৰাকী ব্যক্তিৰ ভিডিঅ’।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। এয়া ৩৫০ বছৰ বয়সৰ কোনো লোকৰ ভিডিঅ’ নহয়। এয়া হৈছে Latentcore নামৰ গোট এটাই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এটা ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ব্যক্তিজনৰ বয়স ৩৫০ বছৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
