
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতিৰ
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো পৰ্যবেক্ষণ কৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে যিখন দেৱালৰ ওচৰত পতাকা বিক্ৰেতাজনক প্ৰহাৰ কৰা হৈছিল,সেই দেৱালখনত এটা বিজ্ঞাপন লিখা আছে।
বিশেষ ব্যৱস্থাৰে সেই শব্দকেইটাৰ পাঠোদ্ধাৰ কৰোতে আমি জানিব পাৰিলোঁ যে সেয়া ‘ৰকমাৰী ডট কম’ নামৰ এটা ৱেবছাইটৰ বিজ্ঞাপন। সেই ৱেবছাইটটো সন্ধান কৰি আমি জানিব পাৰিলোঁ যে সেইটো বাংলাদেশৰ এটা ই-কমাৰ্ছ ৱেবছাইট।
এইখিনিতে সেই দৃশ্যটো ভাৰতৰ নহৈ বাংলাদেশৰ হ’ব পাৰে বুলি আমি অনুমান কৰিলোঁ আৰু এইবাৰ সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এক্সত যোৱা ১১জুন ২০২৫ত সেই ভিডিঅ’টো আপলোড কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেয়া বাংলাদেশ সেনাই এগৰাকী নিৰীহ পতাকা বিক্ৰেতাক নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি উল্লেখ কৰি সেই কাৰ্যক গৰিহণা দিয়া দেখিলোঁ।
তদুপৰি ইউটিউৱতো দাবী কৰা ভিডিঅ’টো বিভিন্ন চেনেলে আপলোড কৰা দেখিলোঁ। ইয়াৰে ভিতৰত সামান্য পতাকা বিক্রিতার উপর সেনাবাহিনীর নির্মম অত্যাচার বুলি বাংলা ভাষাত কেপছন লিখি যোৱা ১২জুন,২০২৫ত সেই ভিডিঅ”টো আপলোড কৰা চেনেলটো পৰীক্ষা কৰোতে আমি জানিব পাৰিলোঁ যে সেই চেনেলটো পৰিচালনা কৰে বাংলাদেশৰ এগৰাকী সাংবাদিক জাহাংগীৰ আলমে। তেওঁৰ সেই চেনেলটোতো ‘বাংলাদেশ’ বুলি লিখা থকা আমি দেখিলোঁ।
আন এটা ইউটিউৱ চেনেলত সেই ভিডিঅ’টোৰ শেষৰ ফালে বাংলাদেশ সেনাৰ কেইগৰাকীমান বিষয়াই এগৰাকী ব্যক্তিক কোনো সামগ্ৰী প্ৰদান কৰা এখন আলোকচিত্ৰ সংলগ্ন কৰা দেখিলোঁ। তাত টেস্ক্ট ওভাৰলে’ কৰি বাংলা ভাষাতেই লিখা আছিল যে তেওঁৰ ওচৰত ক্ষমা বিচাৰিছে আৰু এক লাখ টাকা(বাংলাদেশৰ ধন) উপহাৰ হিচাপে প্ৰদান কৰিছে।
এইবাৰ আমি ইয়াৰেই সূত্ৰ ধৰি সন্ধান আগবঢ়াই নিওতে দুটামান ফেচবুক পোষ্ট লাভ কৰিলোঁ আৰু বাতৰিৰ প্ৰতিবেদনো লাভ কৰিলোঁ। বাংলাদেশ মিলিটাৰীৰ ফেচবুক পেজত ১২জুন ২০২৫ত আপডেট কৰা পোষ্টটোত আমি পঢ়িবলৈ পালোঁ যে ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশ আৰু ছিংগাপুৰৰ মাজৰ ফুটবল খেলখনৰ সময়ত টিকটবিহীনভাৱে ষ্টেডিয়ামত প্ৰবেশ কৰিবলৈ বিচৰা উন্মত্ত জনতাক নিয়ন্ত্ৰণৰ বেলিকা সেনাৰ দ্বাৰা প্ৰহৃত পতাকা বিক্ৰেতাগৰাকীক বাংলাদেশ সেনাই ক্ষতিপূৰণ হিচাপে এক লাখ টাকা প্ৰদান কৰিছে।
আমি ১১জুন ২০২৫ত দিয়া আন এটা ফেচবুক পোষ্ট লাভ কৰিলোঁ য’ত আমি ইতিপূৰ্বে উল্লেখ কৰা এটা ইউটিউৱ চেনেলৰ ভিডিঅ’ৰ শেষৰ ফালে বাংলাদেশ সেনাই লোক এজনক ধন উপহাৰ দিয়া ফটোখন আপলোড কৰা হৈছে আৰু কোৱা হৈছে যে বাংলাদেশ আৰু ছিংগাপুৰৰ মাজৰ ফুটবল খেলখনৰ দিনা টিকটবিহীনভাৱে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা লোকসকলক নিয়ন্ত্ৰণ কৰাৰ সময়ত ভুৱবলতঃ সেনাৰ প্ৰহাৰৰ বলি হ’বলগীয়া পতাকা বিক্ৰেতাজনক বাংলাদেশ সেনাই এক লাখ টাকা প্ৰদান কৰিছে।
বালাংদেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান যমুনা টিভিৰ ৱেবছাইটত ১১জনু ২০২৫ত প্ৰকাশিত এটা বাতৰিত বাংলাদেশৰ সেনা বিষয়াই এগৰাকী ব্যক্তিক উপহাৰ প্ৰদান কৰা তথা আমি ইতিমধ্যেই ওপৰত উল্লেখ কৰা সেই ফটোখন সংলগ্ন কৰি এটা বাতৰি পৰিবেশন কৰিছিল। সেনাবাহিনী থেকে লাখ টাকা উপহার পেলেন স্টেডিয়ামে পতাকা বিক্রি করা সেই যুবক শীৰ্ষক বাতৰিটোত সবিস্তাৰে উল্লেখ কৰা হৈছে যে ১০ জুন ২০২৫ত বাংলাদেশৰ ঢাকাস্থিত জাতীয় ষ্টেডিয়ামত বাংলাদেশ আৰু ছিংগাপুৰৰ মাজত এফচি এছিয়ান কাপৰ কোৱালিফায়াৰ খেলখনত ৮নম্বৰ গেটৰ সমুখত বহুসংখ্যক লোকে অভাৱনীয় ভিৰ সৃষ্টি কৰে। টিকট অবিহনেই বহুলোকে ষ্টেডিয়ামৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। সেই সময়ত সেইসকল লোকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে বাংলাদেশ সেনাৰ জোৱানৰ দ্বাৰা ভুলবসতঃ বেয়াকৈ প্ৰহৃত হয় বাংলাদেশৰ পতাকা বিক্ৰী কৰা এজন যুৱক। পাছত সেই ভুলৰ কথা জানিব পাৰি সেনাই দুখ প্ৰকাশ কৰে আৰু ক্ষতিপূৰণ হিচাপে যুৱকজনক এক লাখ টাকা প্ৰদান কৰে।
এইসমূহ তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰিবলৈ ধৰা দুস্কৃতিকাৰীৰ ওপৰত ভাৰতীয়া সেনাৰ প্ৰহাৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে বাংলাদেশৰ ভিডিঅ’হে। যোৱা ১০জুন ২০২৫ত বাংলাদেশৰ ৰাজধানী ঢাকাস্থিত জাতীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এফচি এছিয়ান কাপৰ কোৱালিফায়াৰ খেলখনৰ সময়ত ৪নম্বৰ গেটেৰে টিকটবিহীনভাৱে ষ্টেডিয়ামৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বিচৰা বহুলোকক নিয়ন্ত্ৰণ কৰাৰ সময়ত সেনাজোৱানৰ দ্বাৰা ভুলবসতঃ বাংলাদেশৰ পতাকা বিক্ৰী কৰা এজন যুৱক প্ৰহৃত হৈছিল। সেই ভিডিঅ’টোকে ভাৰতৰ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰিবলৈ ধৰা দুস্কৃতিকাৰীৰ ওপৰত ভাৰতীয়া সেনাৰ প্ৰহাৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে বাংলাদেশৰ ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
