এইটো ভিডিঅ’ ভাৰতে ধ্বংস কৰা পাকিস্তানী যুদ্ধবিমানৰ পাইলটৰ নহয়। 

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে ধ্বংস কৰা পাকিস্তানৰ যুদ্ধবিমানৰ এগৰাকী পাইলটৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeE5XCB__zHipb9Cok5Qab3qXEsCIg_dXIvlYNYA6yR1JPSYzj2-Sr8RGJk25zCZaVOEFc4c-h96_TroZdxJ-57EsArdMu7LoFx-DYj1E9lkmpL8LXY4AJJi6cmBXjxrjkRmH2U5w?key=A6Bd4wlOAqOEG4QImSxP-Q

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৫ৰ ১৫ এপ্ৰিলত এক্সত এগৰাকী ব্যৱহাৰকাৰীয়ে নিজৰ টুইটত এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf7hVvHvxdSr4Az0Ec2Xek8tKFSdPgRG-M4FNPjCbuJS2FUXocWGr0pBNkJO-SFV1XxqxrJB_akvSkgCMfpCKX3S_0sk5V9ESSMKhArjCgaOilJEiRUVTktGBzUoZ2_WbsfcJ1V?key=A6Bd4wlOAqOEG4QImSxP-Q

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১৫ এপ্ৰিলত পাকিস্তানৰ মিৰাজ নামৰ যুদ্ধবিমানৰ দুৰ্ঘটনা হৈছিল বেহাৰি জিলাৰ ওচৰত। 

আন এটা টুইটত আৰু অধিক তথ্য দিয়া হৈছে। 

ভাইৰেল হোৱা ভিডিঅ’ৰ সবিশেষ আমি ইউটিউৱতো লাভ কৰিলোঁ। 

 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcVfTR8EeEpmgpCFV31A8eBQG5GQV1kjcpHJqkPKQ8hPsPfCKyHV9iMgAlqKIOB0nxJMSoUSrhZk5Qj4nejsZOQoJtMP69LPtJm3hrWFQ3C_YqAv5tCP0-yOQnb-m9_Y3-6SSveQg?key=A6Bd4wlOAqOEG4QImSxP-Q

india tv news ৰ বাতৰি অনুসৰি যেতিয়া পাকিস্তানৰ প্ৰশিক্ষণ বিমান এছল্ট মিৰাজ ৫ কাৰিকৰী বিজুতিৰ বাবে পাকিস্তানৰ বেহাৰি জিলাৰ ৰাস্তা তিব্বা অঞ্চলত দুৰ্ঘটনাগ্ৰস্থ হৈছিল,তেতিয়া তেতিয়া দুয়োগৰাকী পাইলটে সুৰক্ষিত ভাৱে বিমানখনৰ পৰা বাহিৰ হ’বলৈ সক্ষম হয় আৰু স্থানীয় লোকে তেওঁলোকক প্ৰাথমিক উপচাৰ প্ৰদান কৰে। 

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতৰ আক্ৰমণত ধ্বংস হোৱা বিমানৰ পাইলটৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ১৫ এপ্ৰিলত পাকিস্তানৰ প্ৰশিক্ষণ বিমান মিৰাজৰ দুৰ্ঘটনাৰ সময়ৰহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতৰ আক্ৰমণত ধ্বংস হোৱা বিমানৰ পাইলটৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ১৫ এপ্ৰিলত পাকিস্তানৰ প্ৰশিক্ষণ বিমান মিৰাজৰ দুৰ্ঘটনাৰ সময়ৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইটো ভিডিঅ’ ভাৰতে ধ্বংস কৰা পাকিস্তানী যুদ্ধবিমানৰ পাইলটৰ নহয়।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *