
শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে দুখনকৈ ফটো একেলগে আপলোড কৰি সেয়া মোগল বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজ বুলি দাবী কৰিছিল। পোষ্টবোৰত দুখন ভিন্ন ফটো দেখা গৈছে। ভিন ভিন কেপছনেৰে ব্যৱহাৰকাৰীসকলে সেয়া মমতাজ, যাৰ স্মৃতিত ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, বুলি দাবী কৰা আমাৰ দৃষ্টিগোচৰ হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ফেচবুক পোষ্টত থকা সেই দুয়োখন ফটোৰ একাদিক্ৰমে ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। প্ৰথম ফটোখনৰ সন্ধান কৰোতে আমি একাধিক লিংক লাভ কৰিলোঁ, য’ত সেই ফটোখন তথা সেইখনৰ আন এক পূৰ্ণাৱয়ব ৰূপো আমি পালোঁ। alamy নামৰ আলোকচিত্ৰ সংগ্ৰহৰ ৱেবছাইটটোত আমি সেই ফটোখন পালোঁ আৰু প্ৰাথমিক তথ্য হিচাপে সেইখন ভূপালৰ বেগম চুলতান ছাহ-জাহানৰ(১৮৭২) ফটো বুলি জানিব পাৰিলোঁ।
তদুপৰি আলোকচিত্ৰ সংগ্ৰহৰ বিখ্যাত ৱেবছাইট gettyimagesত আমি সেই ফটোখনৰ পূৰ্ণাৱয়ব ৰূপটো পালোঁ। তাতো আমি সেয়া ভূপালৰ নবাব ছাহ-জাহান বেগমৰ ফটো বুলি তথ্য লাভ কৰিলোঁ।
Royal Collection Trust নামৰ ৱেবছাইটটোতে আমি এই ফটোখন বেগম ছাহ-জাহানৰ বুলি জানিব পাৰিলোঁ।
ইয়াৰ পাছত আমি বেগম ছাহ-জাহানৰ সম্পূৰ্ণ তথ্যসহ পূৰ্ণাৱয়ব ফটোখন INDIAN CULTURE ৱেবছাইটত পালোঁ। তাত আমি জানিব পাৰিলোঁ যে বেগম ছাহ-জাহান আছিল ভূপালৰ তৃতীয়গৰাকী বেগম তথা নবাবী শাসক। ব্ৰিটিছ শাসিত ভাৰতত সেই সময়ৰ ভূপালত তেওঁ তেওঁৰ আইতা তথা প্ৰথমগৰাকী বেগম খাদিজা বেগমৰ পৰা উত্তৰাধিকাৰসূত্ৰে শাসনভাৰ লাভ কৰিছিল। তেওঁ তেওঁ মাতৃ দ্বিতীয় বেগম ছিকন্দৰ বেগমৰ পাছত ভূপালৰ শাসনভাৰ গ্ৰহণ কৰি স্ত্ৰী-শিক্ষাৰ আমূল পৰিৱৰ্তনৰ বাবে শিক্ষানুষ্ঠান স্থাপনৰ পৰা আৰম্ভ কৰি অন্য বিভিন্ন উল্লেখযোগ্য উন্নয়নমূলক কাম সাধন কৰিছিল। সেই তথ্যসমূহ আপোনালোকে ইয়াত পঢ়িব পাৰিব।
এইখিনি তথ্যৰে সৈতে আমি প্ৰথম ফটোখন ভূপালৰ তৃতীয় বেগম ছাহ-জাহানৰ বুলি নিশ্চিত হোৱাৰ পাছত আমি দ্বিতীয় ফটোখনৰো ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত সেই ফটোখনৰ সৈতে কিছু তথ্যসহ অন্যান্য লিংক লাভ কৰিলোঁ। The Indian Expressত এটা লেখা লাভ কৰিলোঁ। তাত সেই ফটোখন আমি পালোঁ আৰু জানিব পাৰিলোঁ যে সেয়া হৈছে ভূপালৰ একেবাৰে শেহতীয়া তথা শেষ বেগম চুলতান জাহান। তাত উল্লেখ আছিল যে পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে শক্তিশালী স্থিতিত অটল থাকি চুলতান বেগমে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি জনকল্যানমূলক কাম কৰিছিল। তেওঁ আছিল ভূপালৰ শেষৰগৰাকী মহিলা শাসক। সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।
আমি NDTVৰ ৱেবছাইটত আন এটা লেখা পঢ়িবলৈ পালোঁ, য’ত সেই ফটোখনৰ লগতে একেগৰাকী নাৰীৰ আন এখন ফটোও আমি পালোঁ। সেই লেখাত কোৱা হৈছে যে অভিনেতা ছেইফ আলী খানৰ আজোআইতা আছিল যিকোনো ভাৰতীয় বিশ্ববিদ্যালৰ প্ৰথমগৰাকী আচাৰ্য্য, যিয়ে ভূপালক ইউৰোপৰ দৰে গঢ়িব বিচাৰিছিল। ইয়াতো উল্লেখ আছিল যে চৰকাৰ আম্মান নামেৰে জন্মলাভ কৰা চুলতান জাহানে তেওঁৰ আইতাক বেগম ছিকন্দৰৰ মৃত্যুৰ পাছত তেওঁ মাতৃ বেগম ছাহ-জাহানৰ উত্তৰাধিকাৰী হিচাপে ভূপালৰ মছনদ অধিকাৰ কৰিছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰক নাৰী শাসক আছিল। ভূপালৰ শেষৰগৰাকী নবাব চুলতান জাহানে নিজৰ তিনি দশকৰ শাসনকালত স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ, শিক্ষানুষ্ঠান তথা কাৰিকৰী প্ৰতিষ্ঠান স্থাপন আদিৰ দৰে অনেক সংস্কাৰমূখী কাম কৰাৰ লগতে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ আচাৰ্য্য পদ গ্ৰহণ কৰি যিকোনো ভাৰতীয় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী আচাৰ্য্য হোৱাৰ গৌৰৱ অধিকাৰ কৰিছিল। বেগম চুলতান জাহান আছিল বলীউডৰ অভিনেতা ছৈফ আলী খানৰ আজোআইতাক। বেগম চুলতান জাহানৰ একমাত্ৰ পুত্ৰ হামিদুল্লাহ খানৰ কন্যা ছাজিদা চুলতানৰ বিবাহ পটৌদিৰ নবাব ইফতিখাৰ আলী খানৰ সৈতে হৈছিল। আৰু তেওঁ মনছুৰ আলী খান পটাউদীৰ পিতৃ তথা ছেইফ আলী খানৰ ককা আছিল। সেই লেখা আপোনালোকে ইয়াক সবিস্তাৰে পঢ়িব পাৰিব।
ভূপালৰ চতুৰ্থ তথা শেষৰ গৰাকী নবাব তথা মহিলা শাসক বেগম চুলতান জাহানৰ অন্য যিখন ফটো আমি ওপৰোক্ত লেখাটোত পাইছিলোঁ, সেই একেখন ফটোকে আমি INDIAN CULTURE ৱেবছাইটৰ ভূপালৰ চাৰিওগৰাকী মহিলা নবাব শাসকৰ বিষয়ে সবিস্তাৰে লিখা লেখাটোত পালোঁ। তাতো একেই তথ্য উল্লেখ কৰা আছিল।
এই তথ্য সমুহে নিশ্চিত প্ৰদান কৰে যে দ্বিতীয় ফটোখন ভূপালৰ চতুৰ্থ তথা শেষৰ গৰাকী নবাব বেগম চুলতান জাহানৰ ফটো। ইয়াৰ লগে লগে আমি এই সিদ্ধান্তত উপনীত হওঁ যে যিদুখন ফটো বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেই দুখন আচলতে ভূপালৰ তৃতীয় বেগম নবাব ছাহ-জাহান আৰু চতুৰ্থ বেগম নবাব চুলতান জাহানৰ। সম্পৰ্কত দুয়ো মাতৃ-কন্যা।
প্ৰণিধানযোগ্য যোগ্য যে ২০২৪ চনতো প্ৰথমখন ফটোৰে সেয়া মমতাজৰ ফটো বুলি দাবী কৰি সামাজিক মাধ্যমত বিয়পোৱা হৈছিল। সেই সময়তো ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তাৰ সত্যতা নিৰূপণ কৰিছিল। সেই লেখাত ইয়াত পঢ়িব পাৰিব।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। যিদুখন ফটো বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেই দুখন আচলতে ক্ৰমানুসৰি ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব দুই মাতৃ-কন্যা বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ভূপালৰ তৃতীয় আৰু চতুৰ্থ বেগম নবাব বেগম ছাহ-জাহান আৰু বেগম চুলতান জাহানৰ ফটোকে বাদশ্বাহ ছাহজাহানৰ পত্নী মমতাজৰ ফটো বুলি ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
