কৰাচীৰ ছকৰ অঞ্চলৰ পাচলি বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণৰ সময়ৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে আৰু এটা অঞ্চলৰ জুইৰ লেলিহান শিখাৰ মাজত আৱদ্ধ হৈ পৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই দুয়োটা ভিডিঅ’ আপলোড কৰি সেয়া জাফৰ এক্সপ্ৰেছৰ অপহৰণৰ সময়ৰ বুলি দাবী কৰিছে। বিস্ফোৰণৰ পাছত জুয়ে চানি ধৰা ভিডিঅ’টোও জাফৰ এক্সপ্ৰেছৰ অপহৰণৰ বুলিয়ে দাবী কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfLYtaYnmtkrB9X4YwHR2VlPFmFVSrot_DHqmmE61arWdaIbj2gvoNrsIVqCxSGHZiKRF6jyLhlDG17Nbd_Yxzyp7Pty9rZ2qGehU0HcIst5vzxVYx17QjhlpS3ToadXgKIVo2z?key=QrlvOnWPcAzHxJpBk3V8SDFR

Facebook Link Archived Link 

আনফালে আন এক ফেচবুক পেজতো এটা ভিডিঅ’ আপলোড কৰি সেয়া জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ৰ বুলি দাবী কৰা হৈছে। সেই ভিডিঅ’টোতো প্ৰথম ১৮চেকেণ্ডৰ পাছত বিস্ফোৰণৰ জুয়ে চানি ধৰা অঞ্চলৰ দৃশ্য়াৱলীটো ব্যৱহাৰ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfzOTXqKontBQXQx--U0fLXlZ3d4SwUb7xv6S79cTkUhpWGiRdrZpucklLze9u-QUJNe6SEUkZp0bMe4AoDr_PWTcVLXqI4UXhr4r9wnQFWkS-1R7ZnAX4Q-Izr38EXIwNYlZxAMg?key=QrlvOnWPcAzHxJpBk3V8SDFR

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি পাকিস্তানৰ জিও নিউজ টিভিৰ ইনষ্টাগ্ৰাম একাউণ্টটোত সেই ভিডিঅ’টো পালোঁ। তাত লিখা আছিল-A fire broke out near Mir Chakar area in Karachi’s Gulshan-e-Maymar on Monday. The cause of the blaze remains unknown.(সোমবাৰে কৰাচীৰ মীৰ ছকৰ অঞ্চলৰ গুলছন-এ-মাইমাৰত এক অগ্নিকাণ্ড হয়। জুইৰ কাৰণ অজ্ঞাত)

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeqTpKP8phRbXQguiUdlur2NEIx88Nw5oEhEGAMtufDlBgfZmIgsPTKB6NwiO7VVfYKozyyOgqaH843WnbVuJHcB4SPl-tSxH4ZqLvG7lyR4nysMnFcx4MbZyclytg2rEXvglCteg?key=QrlvOnWPcAzHxJpBk3V8SDFR

ইয়াৰ পাছত আমি এটা ইউটিউৱ শ্বৰ্ট পালোঁ,য’ত কোৱা হৈছে যে ছকৰ হোটেলৰ কাষত থকা পাচলি বজাৰত জুই লাগিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXecFRLcWOeobUatBsHzZ937EiWOR10mhlEJyar4ZlsKCiaLejQdAMS7Ym2anT8RG8lZpcdXF__uXM7wLt_S4seTPbUSm19xWk2jYh690UJInoAf-LEfxAyxXDsh_5rrmpxA0zPY?key=QrlvOnWPcAzHxJpBk3V8SDFR

তাৰ পাছত আমি নিউজ ২৪/৭ উৰ্দুৰ সেই বাতৰিটো পালোঁ, য’ত কৰাচীৰ ছকৰ হোটেলৰ এক পাচলি বজাৰত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ সবিশেষ বৰ্ণনা কৰা হৈছিল আৰু তাতেই আমি ভাইৰেল হৈ পৰা দৃশ্যাৱলীও দেখিলোঁ। 

 

আমি ফেচবুকৰ এটা ৰীলতো সেই ঘটনাৰ দৃশ্য দেখিলোঁ আৰু সেই সম্পৰ্কে পৰিবেশন কৰা বাতৰিৰ প্ৰতিবেদনো লাভ কৰিলোঁ। 

আমি সেই ঘটনাৰ প্ৰকৃত ভিডিঅ’ আৰু ভাইৰেল হোৱা ভিডিঅ’টোৰ সাদৃশ্য বুজাবলৈ তলত একাধিক তুলনা সংলগ্ন কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcyPJfjV8yVu5aresI8raj8mqtQxzuOXaYp0vV08-pbErRI7XiReou6gObQW3fsJWfF-WMazqcqMz7AXZ-EgQlaPC3rMDZq4H16ZLGY1DThUKArvDWBUFUt0w1D-7QpQz8ki7A5jA?key=QrlvOnWPcAzHxJpBk3V8SDFR

আন এক তুলনা

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfltETFT4hN10EEHJ5rksprrY8wP7jIrvFcBwGc4qcJmp55YqNizYA-ItWnwrz7Y01Z6ecI7VGEk5fcG6yHvYuvq3sCLEejcT8w7I2o_jY0Uk2mlq_-DW8R2WbwS2p_sDBulaHBHw?key=QrlvOnWPcAzHxJpBk3V8SDFR

উল্লেখযোগ্য যে যোৱা ১১ মাৰ্চত পাকিস্তানৰ বেলুছিস্তানত বিচ্ছিন্নতাবাদী গোট বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তান প্ৰদেশত ৪০০ যাত্ৰী কঢ়িয়াই নিয়া জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল। আমি সত্যতা নিৰূপণ কৰা দৃশ্যাৱলীৰ সৈতে সেই অপৰণ কাণ্ডৰ সম্পৰ্ক নাই। আমি লাভ কৰা সমুহ তথ্যৰ পৰা নিশ্চিত হৈছোঁ যে যিটো দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ৰ দাবানলৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে কৰাচীৰ মীৰ ছকৰ অঞ্চল এক পাচলি বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। যিটো দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ৰ দাবানলৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে কৰাচীৰ মীৰ ছকৰ অঞ্চল এক পাচলি বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কৰাচীৰ ছকৰ অঞ্চলৰ পাচলি বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্য জাফৰ এক্সপ্ৰেছ অপহৰণৰ সময়ৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *