ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া সোৱনশিৰি নৈৰ পাৰৰ বালিচৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ কাছ পানীৰ পৰা পাৰলৈ উঠি আহিছে। ভিডিঅ’টোক ব্যৱহৃত অসমীয়া ভাষাৰ ভয়ছ ওভাৰত শুনা যায় যে এয়া অসমৰ সোৱনশিৰি নৈৰ পাৰৰ দৃশ্য আৰু এইদৰে নৈৰ পৰা কাছবোৰ পাৰলৈ উঠি আহিছে আৰু তালৈ আনকি ধেমাজীৰ পৰা সেনা বাহিনীৰ লোকো আহিবলগীয়া হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdBLvdhGStEXs-T-dGwyH5FFnViGNUtHiISL4voxTu3Fq6q-Sm0_kub1OZ-E-2m0ewut_wJiATkaB661m1PHh6IUScnxzLP9tAz1Yh7jlRopiogsYjHuHFnma_8QnkdKQ6PAgxtTw?key=ZeqPZKe52z9UcJN-OyjfgKVz

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পৰা কিছুমান কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ইউটিউৱ, ইনষ্টাগ্ৰাম, এক্স আদিৰ বহুকেইটা লিংক লাভ কৰিলোঁ। তদপৰি একাধিক বাতৰিৰ প্ৰতিবেদনো আমি লাভ কৰিলোঁ। 

প্ৰথমে আমি চালোঁ ইউটিউৱ লিংকটো। Factsjjn নামৰ ইউটিউৱ চেনেলটোত ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত আপলোড কৰা এই একেটা ভিডিঅ’ত কোৱা হৈছে যে সেয়া ওডিছাৰ দৃশ্য। লাখ লাখ কাছ কণী পাৰিবলৈ এইদৰে সাগৰৰ পাৰলৈ উঠি আহিছে বুলি কোৱা হৈছে। সেই সৰু প্ৰজাতিৰ কাছবোৰক অলিভ ৰিডলে প্ৰজাতিৰ কাছ বুলি কোৱা হৈছে। এই প্ৰজাতিৰ কাছই কণী পাৰিবলৈ এইদৰে পানীৰ পৰা পাৰলৈ উঠি আহে আৰু পৰৱৰ্তী সময়ত পুনৰ পানীলৈ গুছি যায়। 

 

আমি লাভ কৰা এটা টুইটত একেটা ভিডিঅ’ আমি দেখিলোঁ আৰু তাতো সেয়া ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ দৃশ্য বুলি কোৱা হৈছে। অলিভ ৰিডলে কাছই এইদৰে কণী পাৰিবলৈ পাৰৰ বালিচৰলৈ উঠি অহা বুলি কোৱা হৈছে। সেই টুইটটো কৰা হৈছিল ২০২৫ৰ ২৪ ফেব্ৰুৱাৰীত। 

আনফালে একেদিনাই কৰা আন এটা টুইটত সেই ভিডিঅ’টো আপলোড কৰি কোৱা হৈছে যে ওডিছাৰ গঞ্জামত এইদৰে অলিভ ৰিডলে কাছই কণী পাৰিবলৈ পাৰলৈ উঠি আহিছে। 

একেধৰণৰ টুইট ইয়াতো চাব পাৰিব। 

তদপৰি ইনষ্টাগ্ৰামতো আমি ওডিছাৰ সেই ভিডিঅ’টো পাইছিলোঁ। তাতো কোৱা হৈছে যে সেয়া ওডিছাৰ গঞ্জামৰ দৃশ্য। অলিভ ৰিডলে প্ৰজাতিৰ কাছই কণী পাৰিবলৈ পাৰলৈ উঠি অহাৰ দৃশ্য বুলি কোৱা হৈছে। সেই পোষ্টটো কৰা হৈছিল ২০২৫ৰ ২৩ ফেব্ৰুৱাৰীত। 

ওডিছাৰ সেই দৃশ্যটো আন এক ইনষ্টাগ্ৰাম পোষ্টতো লাভ কৰিলোঁ। 

কেৱল ইমানেই নহয় দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত ওডিছাৰ গঞ্জাম জিলাৰ ৰুছিকুল্যা নৈৰ পাৰৰ বালিচৰলৈ এইদৰে হাজাৰ হাজাৰ অলিভ ৰিডলে প্ৰজাতিৰ কাছই বংশ বৃদ্ধিৰ উদ্দেশ্যেৰে প্ৰাকৃতিক নিয়ম অনুসৰি উঠি অহা ঘটনা সম্পৰ্কত পৰিবেশন কৰা বাতৰিও লাভ কৰিলোঁ। সেই বাতৰিটোত এই সম্পৰ্কে সবিশেষ লিখা হৈছে। লগতে বাতৰিটোত নৈৰ পাৰৰ সেই দৃশ্যৰ এক আলোকচিত্ৰও সংলগ্ন কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdoICWaZr6MPnE_bYwPCxw_eEnbiQMwbh6sy59sQUyYXU0pITqoyGaOrg33JVfIqoktJR8bnEd0dL48QlqXFvkwnY2M3y2k7n-PX1eM8zOCNcymXV7PqBTTgAiy9MxpfvP9gzdlvA?key=ZeqPZKe52z9UcJN-OyjfgKVz

একেই পৰিঘটনাৰ বাতৰি দ্য ইণ্ডিয়ান এক্সপ্ৰেছেও বৰ্ণনাত্মকভাৱে পৰিবেশন কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfi-D2m_og4GJO9Fsq5no1Nn-nuSnhbVClN6zSrTGTVjb94RoABtvDXKvZZNh9cmBB844q6aJ5JIsTs1EwDuYcXMQjVDVx72ye7gDbZ8Bp_l9npvlN-zQeR-zteAh4TXo-4xY3J?key=ZeqPZKe52z9UcJN-OyjfgKVz

এতেকে আমি জানিব পাৰিলোঁ আৰু নিশ্চিত হ’লোঁ যে যিটো ভিডিঅ’ আমাৰ অসমৰ সোৱনশিৰিৰ পাৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ওডিছাৰ গঞ্জাম জিলাৰ ৰুছিকুল্যা নৈৰ পাৰৰ বালিচৰলৈ চিৰাচৰিত প্ৰাকৃতিক নিয়ম অনুসৰি কণী পাৰিবলৈ উঠি অহা অলিভ ৰিডলে প্ৰজাতিৰ কাছৰ সমাগমৰ দৃশ্যহে। অসমৰ সৈতে ইয়াৰ কোনো সম্পৰ্কয়ে নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। সেই দৃশ্যটো ওডিছাৰ গঞ্জাম জিলাৰ ৰুছিকুল্যা নৈৰ পাৰৰ বালিচৰলৈ কণী পাৰিবলৈ উঠি অহা অলিভ ৰিডলে প্ৰজাতিৰ কাছৰ সমাগমৰহে। সেয়া অসমৰ সোৱনশিৰিৰ পাৰৰৰ দৃশ্য নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma  

Result: False