
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চন্দ্ৰ আৰু আন তৰা কেইটামানৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া চন্দ্ৰ, শনি, মংগল, শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ এক বিৰল দৃশ্য য’ত আটাইবোৰ একে শাৰীতে থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ১৪৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে যোৱা ২৯ জানুৱাৰীত কুম্ভমেলাৰ সময়ত প্ৰয়াগৰাজত ব্ৰহ্ম মুহূৰ্ত্তত এই ফটোখন তোলা হৈছিল। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰয়াগৰাজত ব্ৰহ্ম মুহুৰ্তত তোলা ঐশ্বৰিক বিৰল ফটো ❣️
চাবলগীয়া এক দৰ্শনীয় দৃশ্য।
সূৰ্য্য উদয়ৰ প্ৰায় এঘণ্টা আগতে,
শনি, মংগল, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ
এই দেৱতাসকলক প্ৰণাম 🙏
এই বিৰল গ্ৰহ জ্যোতিৰ্বিজ্ঞান পৰিঘটনাৰ সৈতে মহা কুম্ভ মেলাৰ সম্পৰ্ক আছে।১৪৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ২৯ জানুৱাৰীত পূষ্য নক্ষত্ৰত একে ৰেখাত বৃহস্পতি, শনি, সূৰ্য্য আৰু চন্দ্ৰক একেলগে শাৰী পাতি থকা দেখা গ’ল। এয়া ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষৰ এক ঐশ্বৰিক, অনন্য, ভৱিষ্যৎ আৰু অতুলনীয় জ্যোতিৰ্বিজ্ঞানৰ ঘটনা।
ওম নাৰায়ণ নম:”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া pinterest নামৰ ৱেবছাইটত ভাইৰেল ফটোখন সৈতে মিল থকা কিন্তু সামান্য বেলেগ ৰঙৰ ফটো এখন পালোঁ। ফটোখনৰ ওপৰত লিখা আছিল যে এই ফটোখন অষ্ট্ৰেলিয়াত ২০২২ চনৰ ২৮ এপ্ৰিলত Ren Theelen নামৰ ব্যক্তিজনে তুলিছিল। ফটোখনৰ সৌজন্য Cosmic Intelligence Agency বুলি উল্লেখ কৰা হৈছিল।
আমি ভাইৰেল ফটোখনৰ সৈতে Pinterestত পোৱা ফটোখনৰ তুলনা কৰি দেখিলোঁ যে ফটোদুখনৰ ৰঙৰ পাৰ্থক্যৰ বাহিৰে আন সকলো উপাদান একেই। তলত দুয়োখন ফটোৰ মাজত তুলনা চাব পাৰিব।
এইবাৰ আমি ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি পোৱা ফটোখনত উল্লেখ থকা তথ্যক সমল হিচাপে লৈ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Ren Theelen নামৰ ব্যক্তিজনৰ ফেচবুক প্ৰ’ফাইলটো পালোঁ আৰু ভাইৰেল ফটোখনৰ এক স্পষ্ট সংস্কৰণ ২০২২ চনৰ ২৮ এপ্ৰিলত আপলোড কৰা দেখিলোঁ। ফটোখনৰ কেপশ্বনত লিখা আছিল এইদৰে, “Alining of planets Saturn, Mars, Venus, Jupiter and crescent moon just before sunrise 28 April 2022 (২০২২ চনৰ ২৮ এপ্ৰিলত সূৰ্যোদয়ৰ আগমুহূৰ্তত শনি, মংগল, শুক্ৰ, বৃহস্পতি গ্ৰহ আৰু অৰ্ধচন্দ্ৰৰ প্ৰান্তিককৰণ)
এই ফটোখনৰ কমেণ্ট অংশত এগৰাকী ব্যৱহাৰকাৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰেন থিলেন (Ren Theelen) প্ৰ’ফাইলৰ পৰা লিখা হৈছিল যে ফটোখন ৰাতিপুৱা ৫ বজাত তোলা হৈছিল।
একেখন ফটো আপলোড কৰি এই ফেচবুক প্ৰ’ফাইলৰ আন এটা পোষ্টত ফটোখন ড্ৰেকছব্ৰুক ৱেয়াৰ ৱাৰুনা (Drakesbrook Weir Waroona, West Australia)ত তোলা বুলি উল্লেখ কৰা হৈছিল।
ৰেন থিলেন (Ren Theelen) নামৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত একেখন ফটো ২০২২ চনৰ ২৮ এপ্ৰিলত আপলোড কৰা হৈছিল।
অধিক তথ্যৰ বাবে আমি প্ৰ’ফাইলৰ গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ পৰা সঁহাৰি পালেই আমি ইয়াত আপডেট কৰিম।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন ২০২২ চনৰেই আৰু অষ্ট্ৰেলিয়াতহে তোলা। চলিত কুম্ভমেলাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ফটোখন ২০২২ চনৰ ২৮ এপ্ৰিলত ৰেন থিলেন নামৰ ব্যক্তি এগৰাকীয়ে পশ্চিম অষ্ট্ৰেলিয়াৰ ড্ৰেকছব্ৰুক ৱেয়াৰত তুলিছিল। এই ফটোখনৰ চলিত কুম্ভমেলাৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২২ চনত অষ্ট্ৰেলিয়াত তোলা চন্দ্ৰ আৰু আন গ্ৰহ সমূহৰ ফটো যোৱা ২৯ জানুৱাৰীত প্ৰয়াগৰাজত তোলা বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
