যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।

False Social

শেহতীয়াকৈ যোৱা ১৬ মে ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাতৰি পঢ়ি থকা এগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো সেইদিনটোৰ অৰ্থাত ১৬মে’ৰ। তুৰস্কত অহা ভূমিকম্পত এইদৰে বাতৰিৰ মাজতে কম্পিত হৈছিল বুলি কোৱা হৈছে পোষ্টটোত। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdEjwWitO8BcPcPQ1W0bL-ZUBxgggtHxTMeelpF8QO1oNBwc_3Aj_EG1UU3DKQF9dshlUD82WYjjqWszrntyDnmQCKMItVNPjWI2qww0CJPo_VmKykF5pUkZ5oegH3WeZhLQK_qEg?key=iPaXaJnDTMd9hLjvlaRc-w

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন ইউটিউৱ চেনেলত যোৱা এপ্ৰিল মাহতে সেই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। আমি বুজিব পাৰিলোঁ যে সেই ভিডিঅ’টো ১৬মে’ত তুৰস্কত হোৱা ভূমিকম্পৰ সময়ৰ নহয়, তাৰে প্ৰায় এটা মাহ পূৰ্বৰ। ২৪ এপ্ৰিলত এটা ইউটিউৱ চেনেলে Anchor on camera during Turkish earthquake asks for mom কেপছনেৰে সেই ভিডিঅ’টো আপলোড কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfpKBlpJ-OMMXV8rZwJk_2vz44ailFnQbDPxwKSEDW1bNFVBjwBhU7GCjGss0yxuASXN4TBw4INFQhfTdvyabs4uVLDGi1Q_5hKrnby87-SmML3cMQK9RnLYrd9K01N6yRjveyoWA?key=iPaXaJnDTMd9hLjvlaRc-w

একেধৰণে ২০২৫ৰ ২৪ এপ্ৰিল আৰু ২৩ এপ্ৰিলত সেই ভিডিঅ’টো বিভিন্ন ইউটিউৱ চেনেল আৰু ফেচবুকত আপলোড কৰা হৈছিল। সেয়া আপোনালোকে ইয়াত, আৰু ইয়াত চাব পাৰিব।

DAILYMOTIONতো সেই বাতৰিটো আমি লাভ কৰিলোঁ আৰু মূল দৃশ্যটোৰ কিয়দংশ দেখিলোঁ। এক বাতৰি সম্প্ৰচাৰ হৈ থাকোতে হঠাত অহা ভূমিকম্পৰ বাবে এইদৰে কঁপি উঠিছিল নিউজ ষ্টুডিঅ’ আৰু এংকৰগৰাকী আতংকিত হৈ পৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc6gYJaKQuz2w-_JM6exxf4i-gfu4k6yGNRsEL3VgT2W7GsvlHO0yt3QHCHqqDtpJs6B9vHeVn_TIFhflqI0kO0Qo7oNogmSn_oa2PZQotdWool5jJTbJi2Myz3Yb28nV-nTI0tSQ?key=iPaXaJnDTMd9hLjvlaRc-w

যিহেতু আমি প্ৰতিটো ভিডিঅ’টো CNN TURK বুলি ল’গোটো দেখিছিলোঁ, সেইবাবেই আমি নিৰ্দিষ্ট সেই চেনেলটোতে সন্ধান কৰি মূল ভিডিঅ’টো লাভ কৰিবলৈ সক্ষম হ’লোঁ। যোৱা এপ্ৰিল মাহৰ ২৩ তাৰিখে তুৰস্কত হোৱা ভূমিকম্পৰ সময়ত সেই ঘটনাটো ঘটিছিল চেনেলটোত। মেলটেম বোজবেয়ুগ্লু নামৰ একংৰ গৰাকীয়ে সেই সময়ত বাতৰি পৰিবেশন কৰি আছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfUXNp_lWj59x2XbiB4nLtwlv8QgS5rGrXd1SV5GZE7nxORw50hoOx4hHeK8pPnZ7u9j20YpvPFIBTbU_1hnxNh9THzTmFJYCFIDFpKjcPjdbznSsZCsoZG84s_MwqxvSNnRtt3_w?key=iPaXaJnDTMd9hLjvlaRc-w

ইয়াৰ পৰা প্ৰমাণ হয় যে যিটো ভিডিঅ’ যোৱা ১৬ মে’ ২০২৫ৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে যোৱা ২৩ এপ্ৰিল ২০২৫ৰহে। তুৰস্কত অহা ভূমিকম্পত এইদৰে কঁপি উঠিছিল CNN TURKৰ নিউজ এংকৰ। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো বিভ্ৰান্তিকৰ। যিটো ভিডিঅ’ যোৱা ১৬ মে’ ২০২৫ৰ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে যোৱা ২৩ এপ্ৰিল ২০২৫ৰহে। তুৰস্কত অহা ভূমিকম্পত এইদৰে কঁপি উঠিছিল CNN TURKৰ নিউজ এংকৰ। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।

Written By: Pranjal Sharma 

Result: False