ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পুৰণি দৃশ্যকে আমেৰিকাই ভেনেজুৱেলাৰ ওপৰত কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া আমেৰিকাই শেহতীয়াভাৱে ভেনিজুৱেলাৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো অন্য কিছু সামাজিক মাধ্যমত আমেৰিকাৰ ভেনিজুৱেলা আক্ৰমণৰ কেইবামাহো পূৰ্বেই আপলোড হৈ থকা আমি দেখিলোঁ।

২০২৫ চনৰ জুন মাহৰ ১৭ তাৰিখে এই একেটা ভিডিঅ’ ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল।  

একেটা দিনতে ফেচবুকতো একাধিক পেজত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। সেই আপলোডৰ বৰ্ণনা মতে সেয়া ইজৰাইলৰ টেল আভিভ আৰু হাইফাৰ ওপৰত ইৰাণৰ ট্ৰু প্ৰমিজ ৩ মিছাইলেৰে কৰা আক্ৰণৰ দৃশ্য। 

অধিক অনুসন্ধানত আমি সেই ভিডিঅ’টো ২০২৪ৰ ১ অক্টোবৰত এক্সত আপলোড কৰি সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি উল্লেখ কৰা দেখিলোঁ। 

তদুপৰি আমি সেই একেটা ভিডিঅ’ এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৱেবছাইটতো পালোঁ। তাতো সেয়া ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ বুলি উল্লেখ কৰা হৈছে। 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে যিটো ভিডিঅ’ ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো প্ৰকৃততে ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো প্ৰকৃততে ২০২৪ৰ অক্টোবৰত ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’হে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ পুৰণি দৃশ্যকে আমেৰিকাই ভেনেজুৱেলাৰ ওপৰত কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Fact Crescendo Team 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *