এয়া বিহাৰৰ কোনো কলেজৰ নহয়, দিল্লীৰ বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰহে দৃশ্য।

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো বিহাৰৰ। ভিডিঅ’টোত দেখা যায় যে এটি শ্ৰেণীকোঠাত বহুকেইগৰাকী ছাত্ৰী বহি আছে আৰু তাত এটি কুকুৰ সোমাই আহিছে। ব্যৱহাৰকীৰগৰাকীয়ে ভিডিঅ’টোত কৈছে যে সেয়া বিহাৰৰ এখন কলেজ য’ত পৰীক্ষা নিয়ন্ত্ৰণ কৰিবলৈ কুকুৰ ব্যৱহাৰ কৰা হয়।   

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ ওপৰত University Of Delhi বুলি লিখা টেক্সট ওভাৰলে’(Text Overlay) এটা মন কৰিলোঁ। সেই সূত্ৰ ধৰি অনুসন্ধান আগুৱাই নিওতে আমি বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰি লাভ কৰিলোঁ। সেই বাতৰিবোৰত এই ভিডিঅ’টোৰ স্ক্ৰিণশ্বট আমি দেখিলোঁ। 

NDTV ৰ বাতৰি মতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ এখন মহাবিদ্যালয়ত এইদৰে শ্ৰেণীকোঠাৰ ভিতৰলৈ এটা বাটৰুৱা কুকুৰ সোমাই আহিছিল। সেই ভিডিঅ’টো এক্সত @gharkekalesh  নামৰ হেণ্ডেলটোৰ পৰা শ্বেয়াৰ কৰা হৈছিল। 

Times Nowৰ এক্সত সেয়া দিল্লী বিশ্ববিদ্যালয়ৰ এখন কলেজৰ ভিতৰৰ দৃশ্য বুলি টুইট কৰা হৈছে। 

ওপৰোক্ত টুইটোত সংলগ্ন  Times Nowৰ বাতৰিতো সেয়া দিল্লী বিশ্ববিদ্যালয়ৰ এখন মহাবিদ্যালয়ৰ দৃশ্য তথা সেই ভিডিঅ’টো @gharkekalesh নামৰ হেণ্ডেলটোৰ পৰা টুইট কৰা হৈছে। একেই উল্লেখ থকা বাতৰি ইয়াত চাব পাৰিব।

আমি @gharkekalesh নামৰ হেণ্ডেলটোত সেই ভিডিঅ’টো বিচাৰি পালোঁ। 

সেই টুইটটোত এগৰাকী ব্যৱহাৰকাৰীয়ে সেয়া চাউথ কেম্পাছৰ শ্ৰীভেংকটেশ্বৰা কলেজ বুলি উল্লেখ কৰা দেখিলোঁ।

ইয়াৰে আঁত ধৰি সন্ধান কৰোতে আমি সেয়া দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰ এক পৰীক্ষাৰ সময়ত এটা বাটৰ কুকুৰে শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি লিখা এটা বাতৰি লাভ কৰিলোঁ। News18ৰ সেই বাতৰি মতে শ্ৰেণী অব্যাহত থকাৰ সময়তেই সেইদৰে কুকুৰটো ভিতৰলৈ সোমাই আহিছিল। 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে যিটো ভিডিঅ’ বিহাৰৰ কোনো এখন কলেজৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰ এটা শ্ৰেণীকোঠাৰ দৃশ্যহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  যে দাবীটো মিছা। যিটো ভিডিঅ’ বিহাৰৰ কোনো এখন কলেজৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰ এটা শ্ৰেণীকোঠাৰ দৃশ্যহে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া বিহাৰৰ কোনো কলেজৰ নহয়, দিল্লীৰ বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰহে দৃশ্য।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *