
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ৰাজধানী তেহৰাণৰ ওপৰত মিছাইলেৰে চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ইইজৰাইলৰ প্ৰচণ্ড আক্ৰমণ! ইৰাণৰ বুকুত বোমা বৰ্ষণ। ইৰাণৰ উচতনিৰ পাছত এতিয়া ইজৰাইলে লৈছে ভয়ংকৰ প্ৰতিশোধ। ইজৰাইলী বায়ুসেনাই ইৰাণৰ গুৰুত্বপূৰ্ণ ঘাটিসমূহ মষিমূৰ কৰি দিছে। চাওক এই বিধ্বংসী ভিডিঅ’।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুকত এই ভিডিঅ’টো যোৱা ৮ মাৰ্চ ২০২৬ত আপলোড কৰা দেখিলোঁ। তাত লিখা আছিল- What Israeli/American media doesn’t want you to see. Iranian missiles falling on Tel Aviv. অৰ্থাত সেয়া ইৰাজাইলৰ তেল আভিভৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণৰ শেহতীয়া দৃশ্য।

৭ মাৰ্চ ২০২৬ত আন এটা ফেচবুক পোষ্টত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। তাত লিখা হৈছিল- Urgent 7-3-2026. Iranian missiles soar freely over Tel Aviv, unhindered by the Iron Dome. ইয়াতো সেয়া তেল আভিভৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি কোৱা হৈছে।

আনহাতে ইনষ্টাগ্ৰামতো এই ভিডিঅ’টো ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ বুলি উল্লেখ কৰি আপলোড কৰি থোৱা আছে। লিখা হৈছে- Heavy Missile Rain on Tel Aviv

তদুপৰি এক্সতো ৮ মাৰ্চ ২০২৬ত এই ভিডিঅ’টো টুইট কৰি আপলোড কৰিছে আৰু লিখিছে- Iranian missiles have a free sky without that iron scrap in Tel Aviv,,

ইৰাণ আৰু ইজৰাইলৰ অতি শেহতীয়া যুদ্ধ সন্দৰ্ভত সংবাদ মাধ্যমত ৭ মাৰ্চ ২০২৬ত প্ৰকাশ কৰা বাতৰিতো এই দৃশ্যটোৰ খণ্ডচিত্ৰ আমি দেখিলোঁ। বাতৰিৰ শিৰোনাম হৈছে- Iran strikes Tel Aviv! Here are the moments when the Iron Dome was rendered ineffective.

ইয়াৰ পৰা নিশ্চিত হয় যে যিটো দৃশ্য ইৰাণ-ইজৰাইলৰ অতি শেহতীয়া যুদ্ধৰ সময়ত ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা মিছাইল আক্ৰমণ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতো ইৰাণে ইজৰাইলৰ তেল আভিভৰ ওপৰত সেই যুদ্ধকালত চলোৱা মিছাইল আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


