
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ প্ৰতিশোধ! ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণে তৃতীয় বিশ্বযুদ্ধৰ আগজাননী দিছে নেকি? আপোনাৰ মতামত কমেন্টত জনাওক।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ আৰু দেখিলোঁ যে তাত দুটা ভিডিঅ’ ক্লিপ আছে। আমি দুয়োটা ক্লিপৰে কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি প্ৰথম ক্লিপটো ২০২৪ৰ ৯আগষ্টত ইউটিউৱত আপলোড কৰি থোৱা দেখা পালোঁ। তাত লিখা আছিল-Mouloudia fans’ celebration of 103 years (মৌলডিয়াৰ অনুৰাগীসকলে ১০৩ বছৰীয়া আনন্দ পালন কৰিছে।) তাত লিখা আৰৱী কথাখিনিৰ অৰ্থ হৈছে -দলটোৰ প্ৰতিষ্ঠা দিৱসত আলজেৰিয়াৰ মৌলডিয়া ক্লাবৰ সমৰ্থকসকলৰ উদযাপন। ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে আলজেৰিয়াৰ মৌলডিয়া ক্লাৱে ২০২৪ত ১০৩ বছৰ সম্পূৰ্ণ কৰে।

আমি সেই দৃশ্যটো ২০২৪ৰ ১৯ আগষ্টতো ফেচবুকত আপলোড কৰা দেখিলোঁ। তাত লিখা আৰৱী কথাখিনিৰ অৰ্থ হৈছে- যেতিয়া কোনো বিদেশীয়ে এই ভিডিঅ’টো চাব তেতিয়া তেওঁলোকে হয়তো ভাবিব পাৰে যে এই অঞ্চলটো যুদ্ধৰ সন্মুখীন হৈছে।

দৃশ্যটোত দেখা আৰক্ষী জোৱানৰ ইউনিফৰ্ম চাই আমি জানিব পাৰিলোঁ যে তেওঁলোক আলজেৰিয়াৰ আৰক্ষী জোৱান। তলত তুলনা দিয়া হৈছে।

আমি Mouloudia Club d’Alger ৰ অফিচিয়েল পেজতো ২০২৪ৰ ৮ আগষ্টত তেওঁলোকৰ ১০৩ বছৰীয়া জয়ন্তীৰ উদযাপনৰ আতচবাজীৰ ভিডিঅ’ পালোঁ। তাত আৰৱীত লিখা কথাখিনিৰ অৰ্থ হৈছে- ১৯২১ চনত কাছবাহত তোমাক প্ৰতিষ্ঠা কৰিছিল প্ৰখ্যাত লোকে আৰু আজিও তোমাৰ পুত্ৰই তোমাৰ শিখা জ্বলাইছে। সেই সেউজীয়া-ৰঙা ৰং ৰজা দিনলৈকে জিলিকি থাকিব।

আমাৰ সন্ধানত লাভ কৰা তথ্যৰ ভিত্তিত আমি ঠাইখিনিৰ সন্ধান গুগল মেপত কৰোতে সেয়া আৰজেৰিয়াৰ ৰাজধানীৰ Djamaa El Kbir Mosque ৰ সমীপৰ অঞ্চল বুলি জানিব পাৰিলোঁ।

ইয়াৰ দ্বাৰা আমি নিশ্চিত হওঁ যে সেই ক্লিপটো ২০২৪চনত আলজেৰিৰ ৰাজধানীত দেশখনৰ প্ৰসিদ্ধ ফুটবল ক্লাৱ মৌলডিয়াৰ ১০৩ সংখ্য়ক জয়ন্তী উদযাপনৰ বেলিকা অনুৰাগীসকলে ভিন্নৰঙী আতচবাজীৰে আকাশ ৰঙীন কৰি তোলা দৃশ্য।
একেদৰে আমি দ্বিতীয় ক্লিপটোৰো ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে ২০২৪ৰ ৮ আগষ্টত সেই ক্লাৱটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন দৃশ্য বুলি ফেচবুকত আপলোড কৰা দেখা পালোঁ।

আমি সেই ক্লিপটো উল্লিখিত ক্লাৱটোৰ প্ৰতিষ্ঠা দিসৱৰ উদযাপনৰ দৃশ্য বুলি উল্লেখ কৰি ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰা দেখা পালোঁ। ইনষ্টাগ্ৰামতো সেই ক্লিপটো ২০২৪ৰ ৮ আগষ্টত পোষ্ট কৰা হৈছিল।

এইখিনি অনুসন্ধানত আমি নিশ্চিত হওঁ যে ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰা দৃশ্য বুলি দুটা ক্লিপৰ যিটো ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, সেয়া আচলতে ২০২৪ত আলজেৰিয়াৰ ফুটবল ক্লাৱ মৌলডিয়াৰ ১০৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত আনুৰাগীয়ে কৰা উদযাপনৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰা দৃশ্য বুলি দুটা ক্লিপৰ যিটো ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, সেয়া আচলতে ২০২৪ত আলজেৰিয়াৰ ফুটবল ক্লাৱ মৌলডিয়াৰ ১০৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত আনুৰাগীয়ে কৰা উদযাপনৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:আলজেৰিয়াৰ এটা ফুটবল ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দৃশ্যকে ইজৰাইলৰ ইৰাণ আক্ৰমণৰ দৃশ্য বুলি দাবী।
Fact Check By: Pranjal SharmaResult: False


