২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

Misleading Social

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি বাতৰিটোত ব্যৱহাৰ হোৱা তলত উল্লিখিত ফটোকেইখনৰ সত্যতা নিৰূপণ কৰিলোঁ। 

ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে আমি জাপানৰ শেহতীয়া ভূমিকম্পৰ একাধিক বাতৰিত সেই ফটোকেইখন নিৰ্দিষ্ট সময়ৰ উল্লেখৰ সৈতে লাভ কৰিলোঁ। তাৰ পৰাই আমি সেই ফটোকেইখন শেহতীয়া ভূমিকম্পৰে হয় বুলি নিশ্চিত হ’লোঁ। সেই বাতৰি আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পাছত আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া সেই ভিডিঅ’টো বিগত সময়ত জাপানৰ ভূমিকম্পৰ সৈতে সংযোগ কৰি বিভিন্ন সময়ত সামাজিক মাধ্যমত আপলোড কৰা দেখিলোঁ। ২০২৪ চনৰ ২৮ এপ্ৰিলত এই ভিডিঅ’টো জাপানৰ ভূমিকম্পৰ বুলি ইয়াত আৰু ইয়াত আপলোড কৰা হৈছিল। তাৰ পাছত ২৭ এপ্ৰিলতো এই ভিডিঅ”টো জাপানৰ সেই ভূমিকম্পৰ বুলি প্ৰকাশ কৰা হৈছিল। 

তদুপৰি ২০২৪ৰ ৮ আগষ্ট আৰু ২২ নৱেম্বৰতো এই ভিডিঅ’টোকে জাপানৰ ভূমিকম্পৰ সৈতে সংযুক্ত কৰি এক্স আৰু ফেচবুকত আপলোড কৰা আমি দেখিলোঁ। 

আমাৰ অনুসন্ধানত আমি দেখিলোঁ যে সেই একেটা ভিডিঅ’ ২০২৪ৰ ৫ জানুৱাৰীত ইনষ্টাগ্ৰাম আৰু ইউটিউৱতো জাপানৰ ভূমিকম্পৰ বুলি আপলোড কৰা হৈছে। ইনষ্টাগ্ৰামৰ সেই পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব লগতে সেই ইউটিউৱ ভিডিঅ’ ইয়াত সংলগ্ন কৰা হৈছে।

ইমানতে ক্ষান্ত নাথাকি আমি আগবঢ়াই নিয়া আমাৰ অনুন্ধানত আমি জানিব পাৰিলোঁ যে সেই ভিডিঅ’টো আচলতে জাপানক যোৱা ২০২৪ৰ জানুৱাৰীৰ ১ তাৰিখে অহা ভূমিকম্পৰ সময়ৰহে। তাৰেই প্ৰমাণ ৰূপে আমি যি তথ্য লাভ কৰিলোঁ, সেয়া ইয়াত আৰু ইয়াত সংলগ্ন কৰা হৈছে। 

উল্লেখযোগ্য যে যোৱা ১ জানুৱাৰী ২০২৪ত জাপানৰ ইশ্বিকাৱা প্ৰিফেকছুৰৰ নোটো পেনিনচুলাৰ অন্তৰ্গত ছুজু অঞ্চলৰ উত্তৰ-উত্তৰপূৰ্বাঞ্চলত এক ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পই ছুজু,নোটো,ৱাজিমা আৰু আমানিজু অঞ্চলক প্ৰভাৱিত কৰিছিল। সেই ভূমিকম্পৰ সময়ৰে এই দৃশ্যটো পৰৱৰ্তী সময়ত জাপানৰ বিভিন্ন ভূমিকম্পৰ সৈতে সংযুক্ত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি অহা দেখা গৈছে। প্ৰকৃততে এই দৃশ্যটো ২০২৪ৰ ১ জানুৱাৰীৰ হে। এইসমৰ্মে জাপানৰ অতি শেহতীয়া ভূমিকম্পৰ সৈতে এই ভিডিঅ’টো সংযুক্ত কৰি প্ৰচাৰ কৰা দাবীটো বিভ্ৰান্তিকৰ। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো  বিভ্ৰান্তিকৰ। যিটো ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰা হৈছে, সেইটো প্ৰকৃততে ২০২৪ৰ ১ জানুৱাৰীত জাপান ছুজু অঞ্চলত হোৱা ভূমিকম্পৰহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *