
অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো যোৱা ২ চেপ্তেম্বৰ ২০২৫ত ফেচবুকত আপলোড কৰি থোৱা দেখিলোঁ। তাত ইণ্ডোনেছিয়ান ভাষাত টৰ্ণেতত আৰক্ষীৰে সৈতে সংঘাত বুলি কেপছন লিখা দেখিলোঁ। যিহেতু নেপালত প্ৰতিবাদ আৰম্ভ হৈছিল ৮ চেপ্তেম্বৰ ২০২৫ত, গতিকে ভিডিঅ’টো তাৰ আগৰে বুলি জানিব পাৰিলোঁ। লগতে টৰ্ণেত যিহেতু ইণ্ডোনেছিয়াৰ এক দ্বীপ,গতিকে সেয়া নেপালৰ নহৈ ইণ্ডোনিছেয়াৰ হ’ব পাৰে বুলি অনুমান কৰিলোঁ।

৩ চেপ্তেম্বৰ ২০২৫ত আন এটা ফেচবুক পোষ্টত এই ভিডিঅ’টো টৰ্ণেতৰ বুলি লিখা দেখিলোঁ।

ইউটিউৱতো একেটা ভিডিঅ’ টৰ্নেতত আৰক্ষীৰে সৈতে জনতাৰ সংঘৰ্ষৰ দৃশ্য বুলি নেপাল কাণ্ডৰ ৫দিন আগতে অৰ্থাত ৩ চেপ্তেম্বৰ ২০২৫ত আপলোড কৰা হৈছে।

একেধৰণে একে তাৰিখত একেটা ভিডিঅ” টৰ্ণেতৰ দৃশ্য বুলি আন এটা পোষ্টত আমি পালোঁ।

ইনষ্টাগ্ৰামতো ২ চেপ্তেম্বৰত এইটো ভিডিঅ’ আপলোড কৰি দেশৰ অৱস্থা ভাল নহয় বুলি ইণ্ডোনেছিয়ান ভাষাত কেপছন লিখিছে। তাত হেশ্বটেগ দি ইণ্ডোনেছিয়া বুলি লিখা আছে।

নেপালৰ ভিডিঅ’ বুলি দাবী কৰি প্ৰচাৰ কৰা এই ভিডিঅ’টোত আমি মন কৰিছিলোঁ যে তাত ইণ্ডোনেছিয়াৰ পতাকাৰ ৰংটো দেখিলোঁ।

আনহাতে তাত যিসকল আৰক্ষীৰ লোক দেখা গৈছে আটাইৰে ইউনিফৰ্ম, হাতত থকা নিৰাপত্তা শ্বিল্ড তথা হেলমেটত POLISI বুলি লিখা আছিল। ইণ্ডোনেছিয়াত আৰক্ষীক POLISI বুলি উল্লেখ কৰা হয়। ইয়াৰ দ্বাৰা আমাৰ ধাৰণা আৰু অধিক গাঢ় হৈ পৰিল।

ইয়াৰে আঁত ধৰি আমি সন্ধান কৰোতে ইণ্ডোনেছিয়াত বিগত এসপ্তাহৰো আগৰ পৰা হৈ থকা প্ৰতিবাদৰ বিভিন্ন বাতৰি লাভ কৰিলোঁ। দেশখনত সাধাৰণ নাগৰিকৰ জীৱন ধাৰণৰ মান নিম্নগামী হৈ গৈ থকা তথা ৰাজনৈতিক নেতাৰ সা-সুবিধা বৃদ্ধি হৈ থকাৰ প্ৰতিবাদত ৰাজধানী জাকাৰ্টাকে আদি কৰি বিভিন্ন প্ৰান্তত অশান্ত পৰিস্থিতৰ সৃষ্টি হৈ আছে। আনকি চৰকাৰী সম্পত্তি জ্বলাই দিয়াৰ দৰে ঘটনাও ঘটিছে। ১২শৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইণ্ডোনেছিয়াৰ টৰ্ণেততো এই প্ৰতিদাবী উগ্ৰ ৰূপ ধাৰণ কৰিছে। তেনেকুৱা বাতৰি আপোনালোকে ইয়াত ইয়াত আৰু ইয়াত পঢ়িবলৈ পাব।

এই সমূহ তথ্য প্ৰমাণে নিশ্চিত কৰিছে যে যিটো ভিডিঅ’ নেপালৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ইণ্ডোনেছিয়াৰহে। নেপালৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ নেপালৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ইণ্ডোনেছিয়াৰহে। নেপালৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


