
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেড ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি ২০২৫ৰ অক্টোবৰত ইউটিউৱত “How Recon Marines Board a Moving Ship.” নামেৰে আপলোড কৰা এটা দীঘলীয়া ভিডিঅ’ পালোঁ। আমি দেখিলোঁ যে সেই ভিডিঅ’টোৱেই আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’ ক্লিপটোৰ মূল ভিডিঅ’। ইউটিউৱত পোৱা সেই ভিডিঅ’টো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে ভাইৰেল ভিডিঅ’টো মূল ভিডিঅ’টোৰ এটা সৰু টুকুৰাহে,যিটো ওলোটাই লোৱা হৈছে আৰু সম্পাদনা কৰি ৰংটো ঈষত হালধীয়া কৰা হৈছে।

আমি ওপৰৰ ভিডিঅ’টো লেহেমীয়া কৰি জাহাজখনৰ নামটো চাবলৈ চেষ্টা কৰিলোঁ আৰু সেইখনৰ নাম লুইচ বি. পুলাৰ(Lewis B. Puller) বুলি গম পালোঁ। তাৰ ভিত্তিতেই আমি সন্ধান আগবঢ়াই জানিব পাৰিলোঁ যে মূল ভিডিঅ’টো ২০২১ চনৰ ১৯ মাৰ্চত ডিফেন্স ভিজুৱেল ইনফৰ্মেশ্যন ডিষ্ট্ৰিবিউচন চাৰ্ভিচৰ (Defense Visual Information Distribution Service) ক্লিপৰ পৰা লোৱা হৈছে। ক্লিপটোত দেখা গৈছে যে মেৰিন আৰু নাৱিকসকলে ভিজিট, ব’ৰ্ড, চাৰ্চ এণ্ড চীজাৰ (ভিবিএছএছ) (Visit, Board, Search and Seizure (VBSS) প্ৰশিক্ষণ আৰু অনুশীলন চলাই আছে, যাৰ শিৰোনাম হৈছে, “১৫সংখ্যক এমইইউ মেৰিন, নাৱিকসকলে ইউএছএছ লুইছ বি. পুলাৰত ভিবিএছএছ প্ৰশিক্ষণ চলায়।” (“15th MEU Marines, Sailors conduct VBSS training aboard USS Lewis B Puller.”)

এইখিনিতে উল্লেখযোগ্য যে ২০২৫ চনৰ ডিচেম্বৰ মাহত আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে সেই মাহত এখন তেলৰ জাহাজ প্ৰকৃততে জব্দ কৰা ভিডিঅ’ ফুটেজ শ্বেয়াৰ কৰিছিল।
বণ্ডীয়ে শ্বেয়াৰ কৰা ফুটেজত দেখা গৈছে যে আমেৰিকাৰ সৈন্যই হেলিকপ্টাৰৰ পৰা ৰছী ব্যৱহাৰ কৰি জাহাজ এখনৰ ওপৰত নামিছে আৰু তাৰ পাছত চিৰিৰে আগবাঢ়িছে। বিষয়াসকলে সংবাদ মাধ্যমক জনোৱা মতে, আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ সদস্যসকলক হেলিকপ্টাৰেৰে তেল টেংকাৰখনলৈ লৈ যায়। জাহাজখনৰ নাম স্কিপাৰ বুলিও জনোৱা হৈছে আৰু অভিযোগ অনুসৰি জাহাজখনে কেৰিবিয়ানত ইয়াৰ অৱস্থান গোপন কৰাৰ লগতে কঢ়িয়াই অনা লাখ লাখ ডলাৰৰ অবৈধ খাৰুৱা তেল লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল।
এইখিনিত তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে ২০২১ চনত ১৫সংখ্যক এমইইউ মেৰিন, নাৱিকসকলে ইউএছএছ লুইছ বি. পুলাৰত ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্য।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ আমেৰিকাৰ বিশেষ বাহিনীয়ে ৰাছিয়াৰ তেল টেংকাৰ ‘বেলা ১’ দখল কৰাৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো প্ৰকৃততে ২০২১ চনত ১৫সংখ্যক এমইইউ মেৰিন, নাৱিকসকলে ইউএছএছ লুইছ বি. পুলাৰত ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title: ভিবিএছএছ প্ৰশিক্ষণ চলোৱা দৃশ্যকে বেলা ১ দখলৰ দৃশ্য বুলি মিছাকৈ দাবী কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


