
শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে পাকিস্তান শিয়ালকোটৰ ওপৰত কৰা আক্ৰমণ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি ইনষ্টাগ্ৰামত এমাহ পূৰ্বেই আপলোড কৰা একেটা ভিডিঅ’ লাভ কৰিলোঁ। ই প্ৰমাণ কৰিলে যে এই দৃশ্যটো অতি শেহতীয়া ভাৰত-পাকিস্তান যুদ্ধৰ নহয়।
ইয়াৰ পাছত আমি টাইমছ অৱ ইণ্ডিয়াই ২০২৫ৰ ২৫ মাৰ্চত কৰা এটা টুইট পালোঁ। তাত লিখা আছিল- “Massive fire erupts in #Mumbai’s #Dharavi after leakage from a LPG gas cylinder atop a truck carrying several cylinders”.
খবৰ অনুসৰি মুম্বাইৰ ধাৰাভিত ২০২৫ৰ ২৫ মাৰ্চত এখন ৰখাই থোৱা এলপিজি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত জুই লাগি কেইবাটাও বিষ্ফোৰণ ঘটে। চিলিণ্ডাৰত লীকেজ থকাৰ কাৰণে জুই লাগে আৰু প্ৰায় ২০টা চিলিণ্ডাৰ বিষ্ফোৰিত হয় যদিও কোনো লোক হতাহত হোৱা নাছিল এই দুৰ্ঘটনাত।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ পাকিস্তানৰ শিয়ালকোটত ভাৰতীয় আক্ৰমণ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা মাৰ্চত মুম্বাইৰ ধাৰাভীত হোৱা এক চিলিণ্ডাৰ বিষ্ফোৰণৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ পাকিস্তানৰ শিয়ালকোটত ভাৰতীয় আক্ৰমণ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে যোৱা মাৰ্চত মুম্বাইৰ ধাৰাভীত হোৱা এক চিলিণ্ডাৰ বিষ্ফোৰণৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: মুম্বাইৰ ধাৰাভীৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ দৃশ্য শিয়ালকোটৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
