
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰা পাকিস্তানৰ এটা মছজিদৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি Genocide in Gaza নামৰ এটা ৱেবছাইটত প্ৰকাশিত এটা লেখা পালোঁ, যিটো লেখাত ভাইৰেল ভিডিঅ’টোৰ লগতে তাৰ স্ক্ৰীণশ্বটো আছিল আৰু উল্লেখ কৰা আছিল যে ২০২৩ৰ ২৩ নৱেম্বৰত মধ্য গাজাত থকা আল নুছেইৰাট নামৰ শৰনাৰ্থী শিবিৰত থকা আল ফাৰুক মছজিদটো ইজৰাইলী যুদ্ধবিমানে সম্পূৰ্ণকৈ ধ্বংস কৰি পেলায়।
এই তথ্যৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰাত Al Jazeera English ইউটিউৱ চেনেলত সেই ভিডিঅ’টো পালোঁ। ২৪নৱেম্বৰ,২০২৩ত আপলোড কৰা ভিডিঅ’টোৰ বৰ্ণনাত লিখা গৈছিল যে ইজৰাইলে মধ্য গাজাৰ আল নুছেইৰাট শৰনাৰ্থী শিবিৰত থকা আল ফাৰুক মছজিদটো বোমাৰে উৰুৱাই দিছে।
একেই ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তানৰ এটা মছজিদৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ নৱেম্বৰত মধ্য গাজাৰ আল নুছেইৰাত শৰণাৰ্থী শিবিৰৰ আল ফাৰুক মছজিদটো ইজৰাইলৰ বোমাই ধ্বংস কৰি দিয়া দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তানৰ এটা মছজিদৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰ নৱেম্বৰত মধ্য গাজাৰ আল নুছেইৰাত শৰণাৰ্থী শিবিৰৰ আল ফাৰুক মছজিদটো ইজৰাইলৰ বোমাই ধ্বংস কৰি দিয়া দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ৰ নৱেম্বৰত মধ্যগাজাৰ আল ফাৰুক মছজিদ ইজৰাইলে ধ্বংস কৰা দৃশ্যটো ভাৰতে অপাৰেচন সিন্দূৰেৰে ধ্বংস কৰা পাকিস্তানৰ মছজিদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
