
শেহতীয়াভাবে অসমৰ একাংশ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা বিশেষ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱেও সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে অভিনেত্ৰী ছানী লিয়নীয়ে মহাকুম্ভ মেলাত গংগানদীত স্নান কৰিছে। “কুম্ভমেলাত গংগা স্নান কৰিলে ছানী লিয়নে, মহাকুম্ভত পূণ্য অৰ্জন কৰিবলৈ এয়া ছানী লিওনী” আদি কেপছনেৰে ছানী লিয়নীৰ সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। এইদৰেই সেয়া ছানী লিয়নীয়ে মহাকুম্ভত গংগা স্নান কৰা বুলি দাবী কৰি ভিডিঅ’টো প্ৰেৰণ কৰি থকা হৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি দৈনিক জাগৰণৰ ৱেবছাইটত ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত এটা বাতৰি পালোঁ। ২০২৩ চনৰ ১৭ নৱেম্বৰত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে “ছানি লিয়নীয়ে গীতৰ এটা এলবামৰ প্ৰচাৰৰ বাবে বাৰাণসীত উপস্থিত হৈছিল। এই সময়ছোৱাত বাবা বিশ্বনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে তেওঁ গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল।”
সমান্তৰালভাৱে ই-টিভি ভাৰতেও সেই বাতৰি পৰিবেশন কৰিছিল, য”ত উল্লেখ কৰা হৈছিল যে ছানী লিয়নীয়ে গীতৰ প্ৰচাৰৰ বাবে সেই স্থানত উপস্থিত হৈছিল আৰু গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল।
ইয়াৰ পাছতেই আমি জি নিউজৰ অফিচিয়েল ইউটিউব চেনেলটোত ভিডিঅ’ বাৰ্তা পালোঁ। ২০২৩ চনৰ ১৭ নৱেম্বৰত আপলোড কৰা ভিডিঅ’টোৰ সৈতে দিয়া সবিশেষ অনুসৰি সেয়া বাৰাণসীত ছানী লিয়নী উপস্থিত হৈ সনাতনী ৰূপত পূজা কৰাৰ সময়ৰ দৃশ্য। আমি জানিব পাৰিলোঁ যে ওপৰোক্ত বাতৰিত উল্লেখ কৰা ধৰণে ছানী লিয়নীয়ে এইদৰে পূজা আৰতিত অংশ গ্ৰহণ কৰিছিল বাৰাণসীত।
তদুপৰি ২০২৩ চনৰ নৱেম্বৰত ছানী লিয়নীয়ে এইদৰে বাৰাণসীত উপস্থিত হৈ গংগা আৰতিত অংশ লোৱা সম্পৰ্কত অন্য ভিডিঅ’বাৰ্তাও আমি লাভ কৰিলোঁ।
সদৌ শেষত আমি ছানি লিয়নীৰ অফিচিয়েল এক্স হেণ্ডেলত অসমত ভাইৰেল হোৱা সেই ভিডিঅ’টো পালোঁ। ২০২৩ চনৰ ডিচেম্বৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল তেওঁ।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ অসমৰ হোৱাটছএপত ছানী লিয়নীৰ মহাকুম্ভৰ গংগা স্নানৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ চনৰে ভিডিঅ’। ছানী লিয়নীয়ে সেই সময়ত গীতৰ এলবামৰ প্ৰচাৰৰ বাবে বাৰাণসীত উপস্থিত হৈ গংগা আৰতিত অংশ লোৱাৰ সময়ৰ ভিডিঅ’ সেইটো।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো ২০২৩ চনৰ, যেতিয়া ছানী লিয়নী বাৰাণসীলৈ গৈছিল গীতৰ এলবামৰ প্ৰচাৰৰ বাবে। ভিডিঅ’টোৰ মহাকুম্ভৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনত গীতৰ প্ৰচাৰৰ বাবে বাৰানসীত উপস্থিত হোৱা ছানী লিয়নীৰ ভিডিঅ’ শেহতীয়া মহাকুম্ভৰ গংগা স্নানৰ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
