যোৱা জানুৱাৰীৰ গাজাৰ দৃশ্যকে অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তান বুলি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰাৰ পাছৰ পাকিস্তানৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc6eXrT4oRbUr6YJGwhTqLFzVnCZLxOLAkQRGcTPID6j4tP1z48mMzrZKGd09WxKrmcH9UaLdbTtxrGluzI7onBa5QxTh0mlvTwW1LryGkEBaT2NJWetiyhhtqGAE3ab5Obh3OxwQ?key=ks3YRS8vCeemDAxpw5_hrQ

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। 

৪মে’,২০২৫ত ইউটিউৱত এই সেই ভিডিঅ’টো আপলোড হৈ থকা আমি দেখিলোঁ। অনুমান কৰিলোঁ যে ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ আগৰ। ভিডিঅ’টোত টেস্কট ওভাৰলে’ কৰি Gaza বুলি লিখা আছিল আৰু dn_osama বুলি এটা ৱাটাৰমাৰ্ক আছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfGYMpKwt2QYXu8s46VvMsXiO2tqzq_-b-fCbQj7ZvI7euXt97VidtL1wO76SrWrcrga5DJhVWApHZV1fd_ZATgSsXIZhNtooS3QrzSkztoyF0dDkSg-c3ugs8fF4bJ4_uC-RV9NA?key=ks3YRS8vCeemDAxpw5_hrQ

Gaza বুলি টেক্সট ওভাৰলে’ কৰা আৰু dn_osama বুলি এটা ৱাটাৰমাৰ্ক থকা সেই ভিডিঅ’টো ২২ এপ্ৰিল ২০২৫তো ইউটিউৱৰ এটা চেনেলত আপলোড কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcRQWkPkQ6INpb4AT0UJD4jsqSl52806svDnI9uAh_WfvZRw0hf2BWCZSqXihc7MCkjLSvvlb205H3wuWuvBZ_qDP8-bLzbpOeFwSR4hhaJ94_b8EOTVT_N4c4Z4DP7Aw1pTvVjqg?key=ks3YRS8vCeemDAxpw5_hrQ

পৰৱৰ্তী অনুসন্ধানত আমি সেই ভিডিঅ’টো এটা পাৰ্ছী ৱেবছাইটতো পালোঁ। তাত লিখা আছিল Gaza situation after ceasefire বুলি। সেই ভিডিঅ’টো আজিৰ পৰা তিনিমাহ পূৰ্বে ৱেবছাইটটোত আপলোড কৰা হৈছিল। এই কথাই ভিডিঅ’টো অপাৰেচন সিন্দূৰৰ বহু আগৰ বুলি নিশ্চিতি দিলে আৰু পেলেষ্টাইনৰ গাজাৰ দৃশ্য বুলি অনুমান কৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcxkTMx_xAp0aZDd8ZzEZdQ7URxD5yiT4XnQTNDM82IwmviEqNO1nWLw4VpfLspWwO-q2A1VLTndfT-T0wcM2OHIjdJlPE1n_eJ3dOnntIXOLkIjlg6b5_MVT-ipLr_6tcPn6m4?key=ks3YRS8vCeemDAxpw5_hrQ

dn_osama ৱাটাৰমাৰ্কটোৰ সন্ধান কৰি আমি উত্তৰ গাজাৰ OSAMA A RABEA নামৰ ফটোগ্ৰাফাৰজনৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ। তেওঁ ইনষ্টাগ্ৰামত dn_osama বুলি তেওঁৰ ভেৰিফাইড হেণ্ডেলটো চলায়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfZcIVdl7OMzRLzJcNd0SLtyJK1YBDvUQhAfRR9HXbpDnewmiertXkDGC9mjrrDWfolajDOI6ZYSkaLaRk5Egg9ZLDjFl_qQjN84_4ORpFCW3qszraIoA7SFiHEjaL3ybAFDt6dVA?key=ks3YRS8vCeemDAxpw5_hrQ

তেওঁৰ সেই হেণ্ডেলটোতেই আমি ১৯ জানুৱাৰীত সেই মূল ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcPsuRY7UOHcCDz9Xb5_av0sMorQbuCL-wOdjid2SavFoYEepfxvcRT_1Dd-K5i1J9-yAo5BZgBFWGLMt7Kt0TZwV4BQSp9LIfP3bQlSErlnTnfIXCZi4fuSJ9fP7YH8qBSEdiHQw?key=ks3YRS8vCeemDAxpw5_hrQ

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত ধ্বংসপ্ৰাপ্ত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৫ৰ জানুৱাৰীতেই সংগ্ৰহ কৰা পেলেষ্টাইনৰ গাজাৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছত ধ্বংসপ্ৰাপ্ত পাকিস্তানৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৫ৰ জানুৱাৰীতেই সংগ্ৰহ কৰা পেলেষ্টাইনৰ গাজাৰ দৃশ্যহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যোৱা জানুৱাৰীৰ গাজাৰ দৃশ্যকে অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তান বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *