এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২৯জুলাই ২০২৫ত ৰাছিয়াৰ কামছাটকা অঞ্চলত হোৱা প্ৰৱল ভূমিকম্পৰ এটা বাতৰি প্ৰকাশ কৰি তাত এখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেইখন কামছাটকাৰ ভূমিকম্পৰ পাছৰ ফটো।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeDLAuoWoA1S6w-CYoa715P1P0peFnWGjuYc37GJYdL4pGrzRXkw1Ca-S5WtywzMGy8GXyvvPXCqB0Se2EfjM_fzPcEDfW2isSZi1jfMLd0GbYo4NHcHX-0e6XFWnqpy1LNL9GgKg?key=0_mDC6Mh23216omvbVUiEQ

Facebook Link Archived Link 

ফেচবুক পোষ্টটোৰ লগত সংলগ্ন ৱেবছাইটৰ বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXddAx8V-3348DIb-0AGKO-3ZA3L9oNtUPefxKYwiHtEW5ZHRyRiLbZ0JtPz9dW3irCs8LezDy39hwEqnqLfxd0ajcWY1mn62oIRvqavcaMuXYaEwglq10VO9EIuIdjrMjy2dM9UUQ?key=0_mDC6Mh23216omvbVUiEQ

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি কেইবাটাও ইউটিউৱ লিংক আৰু ইনষ্টাগ্ৰাম পোষ্টৰ লিংক লাভ কৰিলোঁ। ২৯ মাৰ্চ ২০২৫ত ইউটিউৱত আপলোড কৰা এটা ভিডিঅ’ আমি পালোঁ। ভিডিঅ’টোত আমি এই ফটোখনত দেখা পথটো দেখিলোঁ। সেই ভিডিঅ’টোৰ ওপৰত ৰোমান লিপিত লিখা আছিল Kilauea, Hawaii বুলি। তেতিয়া আমি সেই ভিডিঅ’টো হাৱাইৰ হ’ব পাৰে বুলি প্ৰাথমিকভাৱে সন্দেহ কৰিলোঁ।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc3gCTNjc4FHMM8lcibd2YIe7hudW21Rbz1HNWgM8Z944Ez5kjd6sMbjqs8PqJsmVPLnrmaGdnyzrS3nZFVqd2_wui8vTGUvViWRJkJrklsRIuey61SVozf82jS8r7nsY0_ZORE_A?key=0_mDC6Mh23216omvbVUiEQ

ইয়াৰ পাছৰ সন্ধানত আমি সেই ৰাষ্টাটোৰ একেটা ভিডিঅ’ ২৫ মাৰ্চ, ২০২৫ত This guy reached the end of the world ! #volcano #amazingview #nature বুলি কেপছন লিখি আপলোড কৰা দেখিলোঁ। তাত আৱহ কণ্ঠত ইংৰাজী ভাষাত কোৱা হৈছে যে দুৰ্ঘটনাবসতঃ কোনো এজন ব্যক্তিয়ে পৃথিৱীৰ প্ৰায় অন্তিম স্থানত উপনিত হৈছিল। সেই ভিডিঅ’টোৰ পৰা আমি নিশ্চিত হ’লোঁ যে সেই ভিডিঅ’টো অন্ততঃ ২৯ জুলাই ২০২৫ৰ নহয়। তাৰ আগৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc4kfuIWdbPk760-WxXMg16VI5VNsmPQetOahixSferuTm5A02K9cSVyRXmFKTy69t4dLqKBUcp9BRsNVK-JL6655z-l6xvvuOoEDtAzn2SAaM6NTS1A3nEiLhr84C-eRL6vA-q?key=0_mDC6Mh23216omvbVUiEQ

তাৰ পাছত আমি ১৮ মাৰ্চ ২০২৫ত This caldera in Hawaii looks like a scene straight out of Fallout #earthquakee #hawaii #fyp #wtf কেপছনেৰে আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোত কোনো আৱহকণ্ঠ নাছিল যদিও কেপছনটোত আমি হাৱাইৰ উপৰিও কালডেৰা নামৰ ঠাইটুকুৰাৰ উল্লেখ পোৱাত সেই দৃশ্য হাৱাইৰ কালডেৰাৰ হ’ব পাৰে বুলি অনুমান কৰি আমি সন্ধান আগুৱাই নিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeQ-ny8Sob8mZfqHL_j_sDp_j1RHbhBV-vEeQxJCJCVCg3JHtSB0k-EhTJ_g3L4fck4Btk846z8dKaTmEt0LCbZApxi3pWkPxp5ByBd3hDRsufbY-Wx_BfOLVVTSe__vdyZbDX6MQ?key=0_mDC6Mh23216omvbVUiEQ

এইবাৰ আমি তাৰো দুদিন আগত অৰ্থাত ১৬ মাৰ্চ ২০২৫ত This caldera in Hawaii looks like a scene straight out of Fallout কেপছনেৰে আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোৱে আমাক সেই দৃশ্য কালডেৰাৰ আৰু ম্যানমাৰ ভূমিকম্পৰ আগৰ বুলি প্ৰায় নিশ্চিতি প্ৰদান কৰিলে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeL9orp2Q713z7ZvgRDeA-0cfyeL4yGG9U5dG5nFTaFeI5s5Mp-TJXm4yhJOjAcYdleuElIEtERt_-UeAKOSbnPsXi5WxLPTz3o8DaCsQIZPlbBFBaIGsLqrMRQAOG7e1uYIVNU7Q?key=0_mDC6Mh23216omvbVUiEQ

অনুসন্ধানৰ আৰম্ভনীতে আমি লাভ কৰা Kilauea আৰু  Hawaii শব্দ দুটাৰ আঁত ধৰি এই ভিডিঅ’টোৰ মূল উৎসৰ সন্ধানত অৱশেষত আমি একাধিক ৱেবছাইটৰ লিংক লাভ কৰিলোঁ। USGSৰ ৱেবছাইটত ২০২২ চনৰ ২ মাৰ্চত অৰ্থাৎ আজিৰ পৰা তিনি বছৰৰো অধিক কাল পূৰ্বে প্ৰকাশিত এটা লেখা লাভ কৰিলোঁ। আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’ৰ খণ্ডচিত্ৰ সংলগ্ন March 2, 2022 — Kīlauea summit damaged road শীৰ্ষক লেখাটোৰ পৰা আমি জানিব পাৰিলোঁ যে “ক্ৰেটাৰ ৰিম ড্ৰাইভৰ এটা অংশ যিটো ২০১৮ চনত ক্ষতিগ্ৰস্ত হৈছিল, সেইটো ২০২২ চনৰ ২ মাৰ্চত হাৱাই আগ্নেয়গিৰি মানৱ নিৰীক্ষণ কেন্দ্ৰই অভাৰফ্লাইট নিৰীক্ষণ কৰাৰ সময়ত সেইদৰে দেখা গৈছিল। ২০১৮ চনত ইষ্ট ৰিফ্ট জ’নৰ নিম্নাংশত আগ্নেয়গিৰি লাভাৰ বৃহৎ বিস্ফোৰণৰ ফলত কিলিয়া শিখৰৰ মেগমা জলাশয়ৰ পানী আংশিকভাৱে নিষ্কাশন হৈছিল। যাৰ ফলত শিখৰৰ কিছু অংশ ভাঙি ক্ৰেটাৰ ৰিম ড্ৰাইভৰ কিছু অংশ ধ্বংস হৈছিল।” 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdbIzZ9z2L4M4tesMnnrvMmHxu3PhEO2bURX01F517q8-x2hpN5MZ0maTT_64OCngVJ8lnWYWceWzmZQgTFVfD6HrmrFV6xi3cyps3ypb6whC0Wkjfompijn8CobsBQxTep3IL1RA?key=0_mDC6Mh23216omvbVUiEQ

এই লেখাটোৰ আঁত ধৰি আমি ২০১৮ চনত ক্ৰেটাৰ ৰিম ড্ৰাইভ ক্ষতিগ্ৰস্থ হোৱা সন্দৰ্ভত কিছু সন্ধান কৰোতে ২০১৮ চনৰ ২১ আগষ্টত প্ৰকাশিত এটা লেখা লাভ কৰিলোঁ। সেই লেখাটোত ক্ৰেটাৰ ৰিম ড্ৰাইভৰ আংশিক দৃশ্য আলোকচিত্ৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeGDGUzKvSCwHZmt6bBAvRiT0DwQn_uRAoZi5DswAfm3vav-uQ-T2LBwW76HxbJk6evIX-8GNF3ziuwCG01jdoxLTr8pg5GrzJSU22pOGxMadC5EZAqerHBrYu36CHF1b-CxEHl?key=0_mDC6Mh23216omvbVUiEQ

সেই লেখাটোতেই আমি ২০১৮ চনৰ ১৭ আগষ্টত ইউটিউৱত আপলোড হোৱা Hawaii Volcanoes National Park Changed By Eruption (Aug. 17, 2018) শীৰ্ষক ভিডিঅ’টো পালোঁ আৰু তাতেই ২০১৮চনত হাৱাইৰ কিলিউৰ সেই আগ্নেয়গিৰিত ক্ষতিগ্ৰস্থ ক্ৰেটাৰ ৰিম ড্ৰাইভৰ বিস্তাৰিত দৃশ্য দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfzjH1qRXlLekyEFmsVwaKSKgqiyFHt45bl_n6XDuM4AZAPlPcVoJpZBiINW0pbzYS6v-KiZypzHnRtWEQ1KoBJ_WmViWX0eTMmxLRIhDmM2Qy1FKWlCrmyxH5rKIBosBN59_ZIkw?key=0_mDC6Mh23216omvbVUiEQ

আমি লাভ কৰা এইসমুহ তথ্য প্ৰমাণৰ ভিত্তিত আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোত ৰাছিয়াৰ কামছাটকাত যোৱা ২৯ জুলাই ২০২৫ত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি বুলি কৰা দাবীটো সত্য নহয়। সেয়া প্ৰকৃততে ২০১৮ চনত হাৱাইৰ কালডেৰাৰ কিলিউত আগ্নেয়গিৰিৰ লাভা বিষ্ফোৰণৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যহে।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। সেয়া ২০১৮ চনত হাৱাইৰ কালডেৰাৰ কিলিউত আগ্নেয়গিৰিৰ লাভা বিষ্ফোৰণৰ ফলত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যহে।      

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *