
শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেইখন উত্তৰ প্ৰদেশৰ এটা নতুন বিমান বন্দৰৰ ফটো। লগতে দাবী কৰিছে যে এই নতুন বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰিছে। পোষ্টটোত লিখিছে এইদৰেঃ- কি ধুনীয়া দেখোন। কুম্ভমেলাৰ পাছত এনেকুৱা বিমান বন্দৰ বনাব পাৰিছে উত্তৰ প্ৰদেশে। ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ উঠিল উত্তৰ প্ৰদেশ। পোষ্টটোৰ কমেণ্টসমুহ পৰীক্ষা কৰি আমি অনুমান কৰিছোঁ যে কমেণ্টকৰ্তাসকল সেয়া উত্তৰ প্ৰদেশৰ ২১ সংখ্যক নতুন বিমান বন্দৰ বুলি পতিয়ন গৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই নিৰ্দিষ্ট ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰথমেই আমি Condé Nast Traveler নামৰ ভ্ৰমণমূলক এক ৱেবছাইটত সেই ফটোখনৰ সৈতে সেয়া তুৰস্কৰ ইষ্টানবুলৰ iGA Istanbul Airport বিশ্বৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বন্দৰ হিচাপে পৰিগনিত হোৱা সন্দৰ্ভত iGA Istanbul Airport Was Named World’s Best International Hub—Here’s Why শীৰ্ষক লেখা এটা পালোঁ। লেখাটোত প্ৰকাশ কৰা হৈছিল যে Condé Nast Travelerৰ পাঠকসকলে ভোটৰ জৰিয়তে এই বিমান বন্দৰটোক বিভিন্ন সা-সুবিধা তথা সৌন্দৰ্য্যৰ বাবে শ্ৰেষ্ঠ বুলি স্বীকৃতি দিছে।
ইয়াৰ লগতে আমি ২০২৪ চনৰ ২৬ নৱেম্বৰত ইষ্টানবুল বিমান বন্দৰৰ অফিচিয়েল এক্স হেণ্ডেলতো একেখিনি কথা উল্লেখ কৰি কৰা এটা টুইট আমি লাভ কৰিলোঁ। সেই টুইটটোতো আমি সত্যতা নিৰূপণ কৰি থকা ফটোখন আপলোড কৰা হৈছিল। যিখন ফটো ওপৰোক্ত প্ৰতিবেদনতো ব্যৱহাৰ কৰা হৈছিল।
তদুপৰি আমি ইনষ্টাগ্ৰামত ইষ্টানবুল এয়াৰপোৰ্টৰ একাউণ্টটোত বিমান বন্দৰটোৰ সকলো সা-সুবিধা বাহিৰে ভিতৰে দেখুৱাই প্ৰস্তুত কৰা এটা ভিডিঅ’ পালোঁ। তাতো আমি বিহংগম দৃষ্টিৰে গ্ৰহণ কৰা দৃশ্যত সত্যতা নিৰূপণ কৰি থকা আলোকচিত্ৰৰ ৰূপটো পালোঁ।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিখন ফটো উত্তৰ প্ৰদেশৰ নতুন বিমান বন্দৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে সেইখন আচলতে তুৰস্কৰ ইষ্টানবুল বিমান বন্দৰৰ ফটোহে।
সমান্তৰালকৈ একেটা অসমীয়া ফেচবুক পোষ্টত উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰা বুলিও দাবী কৰা হেতু আমি সেই দাবীৰো সত্যতা নিৰূপণ কৰাৰ বাবে প্ৰাসংগিক কী-ৱৰ্ডেৰে সন্ধান কৰিলোঁ। তেতিয়া আমি ২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীত দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এটা বাতৰি পালোঁ। তাত উল্লেখ কৰা হৈছিল যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অচিৰেই উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা একমাত্ৰ ৰাজ্য হৈ পৰিব বুলি মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু তেতিয়ালৈকে হৈ উঠা বুলি ঘোষণা কৰি নাছিল।
আনহাতে ২০২৪চনৰ মাৰ্চৰ ২১তাৰিখে দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা আন এটা বাতৰিত কোৱা হৈছে যে ১৪টা কৰ্মক্ষম বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ বৰ্তমান দেশৰ ভিতৰতেই সৰ্বাধিক বিমান বন্দৰ থকা ৰাজ্য হৈ আছে। লগতে ১১টা সক্ৰিয় বিমান বন্দৰেৰে মহাৰাষ্ট্ৰ দ্বিতীয় স্থানত থকাৰ কথাও উল্লেখ কৰি প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰৰ তথ্য প্ৰদান কৰিছিল বাতৰিটোত।
আমাৰ সন্ধানত আমি ২০২৩ চনৰ মাৰ্চৰ ২০ তাৰিখে দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৰাজ্যসভাত দিয়া তথ্য লাভ কৰিলোঁ। সেই তথ্য মতে উত্তৰ প্ৰদেশত মুঠ ১৯টা বিমান বন্দৰ আছে, তাৰে ৫টা কাৰ্যক্ষম নহয়। অৰ্থাত মুঠ ১৪টা বিমান বন্দৰ সক্ৰিয় হৈ আছে উত্তৰ প্ৰদেশত।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে উত্তৰ প্ৰদেশত ১৪টাহে সক্ৰিয় বিমান বন্দৰ আছে। অৰ্থাত অসমৰ ফেচবুক ব্যৱহাকাৰীয়ে কৰা দ্বিতীয় দাবীটোও অসত্য।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। ফেচবুক পোষ্টটোত ব্যৱহাৰ কৰা ফটোখন উত্তৰ প্ৰদেশৰ নতুন বিমান বন্দৰৰ নহয়; ইষ্টানবুল বিমান বন্দৰৰহে হয় আৰু উত্তৰ প্ৰদেশত ২১টা নহয়, মুঠ ১৪টাহে সক্ৰিয় বিমান বন্দৰ আছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইষ্টানবুল বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ নতুন ২১ সংখ্যক বিমান বন্দৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
