
শেহতীয়াভাবে যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে। ভিডিঅ’টোৰ ওপৰত লিখা হৈছে যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া সেইধৰণ ঘোষণা শুনা যায়।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোক কেন্দ্ৰ কৰি প্ৰাসংগিক কী-ৱৰ্ডেৰে সন্ধান কৰি চালোঁ আৰু তেতিয়া আমি ২০২৫ চনৰ ২৫ জানুৱাৰীত অন্ভেছ পেটেলৰ ইনষ্টাগ্ৰাম হেণ্ডেল @anveshgraphy ত আপলোড কৰা একেই অডিঅ’ৰে সৈতে আন এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টোতো মহাকুম্ভৰ দৃশ্যাৱলী আছিল। অসমত ভাইৰেল হোৱা ভিডিঅ’টোৰ অডিঅ’ আৰু এই ইনষ্টাগ্ৰাম আইডিটোত আমি লাভ কৰা ভিডিঅ’টোৰ অডিঅ’খিনি একেই। ইনষ্টাগ্ৰামত লাভ কৰা সেই পোষ্টটোৰ বৰ্ণনাত উল্লেখ কৰা আছে যে ২০২৫ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ সেই বিহংগম দৃশ্যসমূহ তেওঁৰ ভ্ৰমণৰ সময়ত লোৱা হৈছিল আৰু অডিঅ’টোৰ ভইচ অভাৰখিনি মৌলিক আৰু সম্পূৰ্ণ কপিৰাইটযুক্ত।
তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো পৰীক্ষা কৰি আমি গম পালোঁ যে সেই ভিডিঅ’টো নিৰ্মাণ কৰা অন্ভেছ পেটেল হায়দৰাবাদৰ এজন ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ, ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰ।
আমি তেওঁৰ প্ৰফাইলটো চাই এই ধৰণৰ আন এটা ভিডিঅ’ও দেখিবলৈ পালোঁ। হায়দৰাবাদৰ আকাশী দৃশ্যৰ সৈতে ইয়াৰ ওপৰেৰে উৰণৰ বিষয়ে ঘোষণা কৰা এজন পাইলটৰ একেধৰণৰ অডিঅ’ শুনা গ’ল সেই ভিডিঅ’টোতো।
ভাইৰেল হোৱা সেই ভিডিঅ’ৰ বিষয়ে অধিক তথ্য লাভৰ বাবে ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা অন্ভেছ পেটেলৰ সৈতে যোগাযোগ কৰাত তেওঁ নিশ্চিত কৰে যে তেওঁ ভাইৰেল হোৱা সেই ভিডিঅ’সমুহ কেমেৰাত নিজেই বন্দী কৰিছিল আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ আমেৰিকাৰ এজন বন্ধুৰ সহায়ত সেই অডিঅ’বোৰ প্ৰস্তুত কৰিছিল আৰু তাত কিছুমান ইকো ইফেক্টৰ সৈতে এটা মৌলিক মানৱ কণ্ঠ সৃষ্টি কৰিছিল আৰু ভিডিঅ’বোৰত ব্যৱহাৰ কৰিছিল।
এই প্ৰমাণসমূহৰ ভিত্তিত আমি বুজিব পাৰোঁ যে ২০২৫ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণৰ সময়ৰ ঘোষণাৰ ভাইৰেল ভিডিঅ’টো ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰৰ সৃষ্টিহে। এয়া কোনো প্ৰকৃত বিমান ঘোষণা নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত ২০২৫ চনৰ প্ৰয়াগৰাজ মহা কুম্ভৰ বাবে প্ৰকৃত আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণৰ ঘোষণা নহয়। হায়দৰাবাদৰ অন্ভেছ পেটেল নামৰ এজন ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰেহে সেই ভিডিঅ’ প্ৰস্তুত কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে।
Fact Check By: Pranjal SharmaResult: False
