
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইলেৰে কৰা ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। একেলগে দুটাকৈ ভিডিঅ’ ক্লিপ সংলগ্ন কৰি আপলোড কৰি লিখিছে- ইৰাণৰ ভয়ংকৰ আক্ৰমণ! ইজৰাইলৰ আকাশত মিছাইলৰ বৰ্ষণ! অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! শ শ মিছাইল নিক্ষেপ কৰি ইজৰাইলত হাহাকাৰ সৃষ্টি কৰিছে ইৰাণৰ সেনাই। এতিয়া কি হ’ব? সমগ্ৰ বিশ্ব এতিয়া আতংকিত! চাওক এই বিশেষ ৰিপোৰ্ট।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম ক্লিপটো কীঃফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি থ্ৰেডছত সেই ক্লিপটো ২০২৫ৰ অক্টোবৰ মাহৰ ২৭ তাৰিখে আপলোড কৰা দেখিলোঁ। তেতিয়াই নিশ্চিত হ’লোঁ যে দৃশ্যটো শেহতীয়া নহয়, পুৰণি।

সেই একেটা ভিডিঅ’ ক্লিপ আমি ২০২৫ৰ অক্টোবৰ মাহত আন কেইটামান ফেচবুক পেজত আপলোড কৰা দেখিলোঁ। সেই পোষ্টবোৰ ইয়াত আৰু ইয়াত চাব পাৰিব।

আমি এই ভিডিঅ’ ক্লিপটো পুৰণি বুলি নিশ্চিত হোৱাৰ পাছত ইয়াৰ মূলটোৰ সন্ধান কৰোতে ফিক্সাৰ গেমিং নামৰ এটা ফেচবুক পেজত এই ভিডিঅ’টো ২০২৫ৰ অক্টোবৰত আপলোড কৰি থোৱা দেখিলোঁ। সেই ভিডিঅ’টো যথেষ্ট পৰিমানে শ্বেয়াৰ হৈছিল।

আমি এইবোৰ সেই পেজটো ভালকৈ পৰীক্ষা কৰি দেখিলোঁ যে প্ৰায় ৩.৩ মিলিয়ন ফলোৱাৰ্ছ থকা পেজটোৱে এইধৰণৰ চিমুলেছন গেমৰ ভিডিঅ’বোৰ আপলোড কৰে। পেজটোৰ বৰ্ণনাত উল্লেখ কৰা হৈছে যে তেওঁলোকে প্ৰায় সকলো গেম খেলে আৰু লাইভ ষ্ট্ৰিমিঙো কৰে। লগতে এইধৰণে ক্লিপবোৰ আপলোড কৰে। আমি তেনেকুৱা অনেক ক্লিপ পেজটোত দেখিলোঁ।

প্ৰথম ক্লিপটো গেমৰ দৃশ্য বুলি নিশ্চিত হোৱাৰ পাছত আমি দ্বিতীয় ক্লিপটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ক্লিপটো কোনো নিৰ্ভৰযোগ্য তথা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানত ইজৰাইলৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য বুলি উল্লেখ কৰা নেদেখিলোঁ। এইবাৰ আমি সেই ক্লিপটো ভালকৈ পৰ্যবেক্ষণ কৰি তাত কিছুমান বিসংগতি ধৰা পেলালোঁ। আমাৰ চকুত পৰিল যে সেই স্থানত কেইবাটাও হুবহু একেই অট্টালিকা আছে আৰু আটাইকেইটাৰে ওপৰত হুবহু একেই স্থানত একে ধৰণে চোলাৰ পেনেল লগোৱা আছে। সাধাৰণতে AI Generated ভিডিঅ’ বা ফটোৰ ক্ষেত্ৰত এনেকুৱা হোৱা দেখা যায়। কাৰণ সেই দৃশ্য নিৰ্দিষ্ট প্ৰম্প্টৰ ভিত্তিত সৃষ্টি হয় আৰু কৃত্ৰিম বুদ্ধিমত্তাই সেই প্ৰম্প্ট অনুসৰণ কৰি দৃশ্য সৃষ্টি কৰে।

আমি মন কৰিলোঁ যে তাত বিস্ফোৰণৰ পাছত ওলোৱা ধোৱাৰ মাজতো একেই সমতা দেখা গৈছে। জুইৰ শিখা আৰু আকাশলৈ উৰি যোৱা ধোৱাৰ শাৰীবোৰ একেবাৰেই একেধৰণৰ, যিটো সাধাৰণতে প্ৰকৃত বিষ্ফোৰণৰ ক্ষেত্ৰত দেখা নাযায়।

এইবাৰ আমি মন কৰিলোঁ যে ক্লিপটোত হঠাতে একোনত অট্টালিকা নিৰ্মাণৰ বেলিকা ব্যৱহাৰ কৰা ক্ৰেণ এখন প্ৰকত হৈ পৰে। সেই ক্ৰেণখন আদি আৰু অন্তত দেখা নাযায়।

এই সূত্ৰসমূহৰ ভিত্তিত এই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হ’ব পাৰে বুলি সন্দেহ হোৱাত আমি AI content detector tools ব্যৱহাৰ কৰি পৰীক্ষা কৰিলোঁ। এটা ৱেবছাইটে আমাক ইংগিত দিলে যে সেই দৃশ্যটো ৯৯.৮ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট।

আন এটাৰ মতে সেয়া ৯৪ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট।

অন্য এটা ৱেবছাইটে দিয়া ইংগিত মতে সেয়া ১০০ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা দৃশ্য।

অনুসন্ধান আগুৱাই লৈ যোৱাত অৱশেষত আমি সেই দৃশ্যটো মূলতঃ য’ত আপলোড কৰা হৈছিল সেই ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ আৰু তাত দৃশ্যটো দেখিলোঁ। তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে সেইটো AI Generated আৰু তাক মনোৰঞ্জনৰ উদ্দেশ্যেৰে সৃষ্টি কৰা হৈছে।

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক পেজটোৰ পৰা কৰা দাবীটো মিছা। যিটো দৃশ্য ইৰাণে ইজৰাইলৰ ওপৰত কৰা ভয়ংকৰ মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে, সেইটো আচলতে এটা গেমিং ভিডিঅ’ আৰু এটা AI Generated দৃশ্যৰে সৃষ্টি কৰা হৈছে
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:চিমুলেছন গেমৰ দৃশ্য আৰু AI Generated ভিডিঅ’ৰে ইৰাণৰ ভয়ংকৰ আক্ৰমণ বুলি মিছাকৈ দাবী।
Fact Check By: Pranjal SharmaResult: False


