
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেইখন অতি শেহতীয়া হোলীৰ ফটো। ফটোখনেৰে দাবী কৰা হৈছে যে শেহতীয়া হোলীত পাকিস্তানৰ ৰাজপথত সেইদৰে হিন্দু লোকসকলে হোলী খেলি আনন্দ প্ৰকাশ কৰিছে। লিখিছেঃ-পাকিস্তানৰ ৰাজপথত উলহ মালহেৰে হলি উদযাপন কৰিলে দেশখনৰ হিন্দুৱে। দেখা নগ’ল কোনো অপ্ৰিতিকৰ পৰিস্থিতি।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফটোখন ব্যৱহাৰ কৰি লিখা কেইবাটাও বাতৰি আৰু অন্য প্ৰতিবেদন লাভ কৰিলোঁ। ঢাকা মেইলে ২০২২ চনৰ ২০ অক্টোবৰত লিখা পাকিস্তানের যে শহরে হিন্দুরা সংখ্যাগরিষ্ঠ শীৰ্ষক এটা লেখাত সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। পাকিস্তানৰ পূৱ প্ৰান্তত অৱস্থিত হিন্দু সংখ্যাগৰিষ্ঠ মৰু-চহৰ মিঠিৰ বিষয়ে লিখা সেই লেখাত অন্য ফটোৰে সৈতে সেই ফটোখনো ব্যৱহাৰ কৰা দেখি আমি সেইখন অন্তত অতি শেহতীয় ২০২৫ চনৰ অৰ্থাত এই বছৰৰ হোলীৰ ফটো নহয় বুলি জানিব পাৰিলোঁ।
২০২১ চনৰ ২৯ মাৰ্চত ইংৰাজী সংবাদ প্ৰতিষ্ঠান দ্য এক্সপ্ৰেছ ট্ৰিবিউনে Hindu community celebrates Holi শীৰ্ষক লেখাটোতো ‘ফাইল ফটো’ হিচাপে সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। পাকিস্তানৰ লাহোৰত হিন্দুসকলে হোলী আৰু খ্ৰীষ্টানসকলে পাম(Palm) নামৰ উছৱটি উদযাপন কৰা বাতৰি লিখা হৈছিল তাত। তাৰ পৰা আমি আশ্বস্ত হৈছোঁ যে ফটোখন তাৰো আগতে তোলা। একেটা প্ৰতিষ্ঠানে সিন্ধ প্ৰদেশৰ হোলী সম্পৰ্কে লিখা লেখাটোতো সেই একেখন ফটোকে ফাইল ফটো হিচাপে ব্যৱহাৰ কৰা আমি দেখিলোঁ।
ফটোখনৰ মূল উৎস বিচাৰি কৰা আমাৰ অনুসন্ধানত এইবাৰ আমি পূৰ্বে উল্লিখিত লেখাসমুহৰো আগৰ অৰ্থাৎ ২০২০ চনৰ ১১ এপ্ৰিলত দ্য ৱাল নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা পাকিস্তানের মরুভূমি শহর মিঠির আজও ঘুম ভাঙ্গে মন্দিরের ঘন্টাধ্বনি শুনে শীৰ্ষক লেখাটোতো একেখন ফটোকেই আমি দেখিলোঁ।
আৰু অৱশেষত আমি সন্ধান কৰি উলিয়ালোঁ সেই ফটোখনৰ মূল উৎসটো। ২০১৪ চনৰ ২২ মাৰ্চত দ্য এক্সপ্ৰেছ ট্ৰিবিউনে লিখা Local colour: Celebrating Holi in Tharparkar নামৰ লেখাটোৰ পৰা আমি জানিব পাৰিলোঁ যে টুবা মাছুদ নামৰ ফটোগ্ৰাফাৰজনে সেই ফটোখন তুলিছিল উমেৰকোটত। ২০২৪ চনত অৰ্থাৎ আজিৰ পৰা প্ৰায় ১১ বছৰ পূৰ্বে উমেৰকোটত হিন্দু লোকসকলে হোলী খেলা দৃশ্যহে সেয়া । ফটোখনৰ কেপছনত সবিশেষ লিখা হৈছে।
এই তথ্যসমুহৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিখন ফটো ২০২৫ চনৰ অৰ্থাৎ এইবছৰৰ শেহতীয়া হোলীৰ পাকিস্তানৰ ৰাজপথৰ দৃশ্য বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে, সেইখন আচলতে ২০১৪ চনৰে উমেৰকোটৰ হোলীৰ দৃশ্যৰ ফটো। ১১ বছৰ পুৰণি এখন ফটো।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। যিখন ফটো ২০২৫ চনৰ শেহতীয়া হোলীৰ পাকিস্তানৰ ৰাজপথৰ দৃশ্য বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে, সেইখন আচলতে ২০১৪ চনৰে উমেৰকোটৰ হোলীৰ দৃশ্যৰ ফটোহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পাকিস্তানৰ উমেৰকোটৰ ১১ বছৰ পুৰণি হোলী উদযাপনৰ ফটো শেহতীয়া ২০২৫চনৰ হোলীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
