মহাকুম্ভৰ মহাকালগিৰি বাবাৰ ফটোকে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী।  

False Social

শেহতীয়াভাবে যোৱা ১৫ এপ্ৰিলত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট দিয়া হৈছিল। পোষ্টটোত দুখন ফটো লগোৱা হৈছিল। সেই পোষ্টটোৰে ফটোত থকা দুয়োজন লোক একেজনেই বুলি দাবী কৰা হৈছে। কেপছনত লিখিছে- সৌৰভ ৰাজপুটক হত্যা কৰাৰ পিছদিনাই তেওঁ পাপ মুক্ত কৰিবলৈ স্নান আৰু ধ্যান কৰিব হৈছিল মহাকুম্ভ মেলাত। অৰ্থাৎ ফটোত থকা দুয়োজন লোক দেশ কঁপাই যোৱা মেৰটৰ সৌৰভ ৰাজপুট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী কৰা হৈছে।    

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdIHnum6t1oFJESryrlzolNaBFl1z5vkdn7F4H9VODdYoXcewT6o3ka3P9Ww9UHUTisgq2aVj51v17-YHMzSZPhXzJ2xh5gNHIdFMKtlPQH0xjStf-9WdW48SUhzZP_SW6vM47olg?key=k8mIynZriWXjIRe7CR7Sg7VH

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথম ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি মেৰটৰ সেই হত্যাকাণ্ডৰ বহুতো বাতৰিৰ লিংক লাভ কৰিলোঁ য’ত ছাহিল শুক্লাৰ সেই ফটোখন আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeCricX_t_v7G9gs8hVHIbrEth2pOz78IYKdOYqtDuScyuJEIKIfyCYKfJUWPxpyon1VJ8q9Y0zun4TFZTsO_D5PbmYUNr4WRYWAWYr51uLTWN8DnnC_tDMkt0nnzITHmAnviIOxg?key=k8mIynZriWXjIRe7CR7Sg7VH

NDTV এ ভিডিঅ’ৰে সৈতে পৰিবেশন কৰা বাতৰিতো একেই চোলা পৰিহিত ছাহিল শুক্লাক আমি দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc6kLOthCwEt-4Z5JKef5ubhpb_Ir4AgxwruMrWDhlj8cjdaOCj4AiNmbYJwkY2Q5jCygmBgps7hw14_AR_bgS3hcdW9AgkXAkySDbkM_xFcKF6p6fsjiHkpK8P3T79_v1XrN2PSQ?key=k8mIynZriWXjIRe7CR7Sg7VH

আন বাতৰিতো পোষ্টটোত ব্যৱহৃত ফটোখন পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe0dyHOvsXNrcW0OTJynoHhjOIVbSce8ZK8ZYTluz-_7k7TIpJ0-hIHclHYaZoVaSU7ooibRzV5agsplyEzdzrD9hjs0AkxJFT9JfG0FLMBNxAF1zd9lCr2Eij6qPSe9a9vFOuvJA?key=k8mIynZriWXjIRe7CR7Sg7VH

তেনেকুৱা অন্য বাতৰিতো আমি একেই সাজপাৰতে ছাহিল শুক্লাক দেখিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে পোষ্টটোত ব্যৱহাৰ কৰা প্ৰথম ফটোখন মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লাৰ হয়। 

ইয়াৰ পাছত পোষ্টটোৰ জৰিয়তে দাবী কৰা অনুসৰি দ্বিতীয় ফটোখনত থকা বাবজন ছাহিল শুক্লা হয় নে নহয় তাক জানিবলৈ আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি শেহতীয়াকৈ প্ৰয়াগৰাজত সম্পন্ন হৈ যোৱা  পূৰ্ণ মহাকুম্ভমেলাৰ বিভিন্ন লিংক লাভ কৰিলোঁ। তেতিয়া দেখিলোঁ যে সেইগৰাকী এজন বিশেষ বাবা, যিয়ে কুম্ভমেলাত সংবাদ মাধ্যম তথা সামাজিক মাধ্যমৰ দৃষ্টি আকৰ্শন কৰিছিল। আমি আমাৰ সন্ধানত লাভ কৰিলোঁ যে তেখেত হৈছে মহাকালগিৰি বাবা। যিয়ে বিগত ৯ বছৰ ধৰি নিজৰ বাওঁহাতখন ওপৰলৈ তুলি ৰাখি এক বিশেষ সাধনা কৰি আছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdcCX05-FqiwUW09nkSr8_yf5fTcNpRfQuZ4vxpK-FFul1b6Fy7_AB5m1iNxcSd5Wnw3RMJHapJmw-xucIDZgGW7OkMLRsScHgtYQ8z2tpViSaVr4pRWrk3sLhWvJ9-8VGvG_NAxQ?key=k8mIynZriWXjIRe7CR7Sg7VH

আমি মহাকালগিৰি বাবাৰ সাক্ষাৎকাৰৰ ভিডিঅ’ও লাভ কৰিলোঁ।

 

তেখেতৰ অন্য ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পৰায়ে নিশ্চিত হওঁ যে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লাৰ সৈতে একেজন লোক বুলি দাবী কৰা বাবাজন আচলতে মহাকালগিৰি বাবাহে। তেওঁ ছাহিৱ শুক্লা নহয়। দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী কৰা লোকজন আচলতে মহাকালগিৰি বাবাহে। তেওঁ বিগত ৯ বছৰ ধৰি নিজৰ হাত এখন ওপৰলৈ তুলি ৰাখি এক কঠোৰ সাধনা কৰি আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাকুম্ভৰ মহাকালগিৰি বাবাৰ ফটোকে মেৰট হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ছাহিল শুক্লা বুলি দাবী।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *