
শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।
একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা কেইটামান ফেচবুক পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো ভালকৈ পৰীক্ষা কৰিলোঁ আৰু ভিডিঅ’টোত কিছুমান বিসংগতি ধৰা পেলালোঁ। দৃশ্যটোত দেখা শুই থকা মানুহজনৰ দেহৰ ওপৰৰ অংশ আৰু ভৰিৰ ফালৰ অংশৰ মাজত সামঞ্জস্য দেখা নাযায়। তদুপৰি দোকান কেইখনত লিখা থকা কথাবোৰৰো কোনো ধৰণৰ অৰ্থ নোলায়। তেতিয়া আমাৰ সেই ভিডিঅ’টো এআই(AI) সৃষ্ট বুলি প্ৰাথমিকভাৱে সন্দেহ উপজিল। ভিডিঅ’টোৰ সেই বিসংগতি তলত দেখুওৱা হৈছে।
তাৰ পাছত ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি যোৱা ৮ জুন,২০২৫ত এই ভিডিঅ’টো এআই সৃষ্ট নেকি, সেই কথাৰ অৱতাৰণা কৰি এক্সত কৰা এটা টুইট পালোঁ।
ইয়াৰ পাছত এক্সতেই ৮ জুুনত এই ভিডিঅ’টো এআই সৃষ্ট বা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰা এটা টুইট পালোঁ
তাৰ পাছত আমি এক্সত এই ভিডিঅ’টো আপলোড কৰি যোৱা ৭ জুনত এটা টুইট কৰা দেখিলোঁ। তাত লিখা আছিল-A man sleeping on the road narrowly escaped being attacked by a lioness.
[ theworldofbeasts-d4x, ai].
‘টুইটটোত ভিডিঅ’ সৌজন্য ৱৰ্ল্ড অৱ বিষ্টছ নামৰ ইউটিউৱ চেনেলটোক দিয়া হৈছিল আৰু কাষত এআই(AI) বুলি লিখা হৈছিল।
তাৰেই আঁত ধৰি আমি সেই ভিডিঅ’টোৰ সন্ধান কৰোতে উল্লিখিত ইউটিউৱ চেনেলটোত সেই ভিডিঅ’টো লাভ কৰিলোঁ।
ভিডিঅ’টোৰ বৰ্ণনাত সেইটো সম্পাদিত আৰু ডিজিটেলী সৃষ্টি কৰা বুলি উল্লেখ কৰা আমি দেখিলোঁ।
তাৰ পাছত আমি সেই ইউটিউৱ চেনেলটো পৰীক্ষা কৰি দেখিলোঁ যে তাত এআইৰ জৰিয়তে আৰু ডিজিটেলী সৃষ্টি কৰা জীৱ-জন্তুৰ ভিডিঅ’ আপলোড কৰা হয়। চেনেলটোৰ এবাউট(About) অংশত লিখা আছে যে তাত এআইৰ(AI) দ্বাৰা সৃষ্টি কৰা ভিডিঅ’ আপলোড কৰা হয়।
ইয়াৰ পাছত আমি Google’s SynthID Detector ৰ জৰিয়তে সেই ভিডিঅ’টো এআই সৃষ্ট হয় নে নহয় তাকো পৰীক্ষা কৰি চালোঁ আৰু তেতিয়া জানিব পাৰিলোঁ যে সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।
ইয়াৰ দ্বাৰাই আমি নিশ্চিত হৈছোঁ যে সেইটো কোনো চিচিটিভিত বন্দী হোৱা প্ৰকৃত দৃশ্য নহয়। বৰং সেইটো এটা বিশেষ ইউটিউৱ চেনেলে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এটা ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। সেইটো কোনো চিচিটিভিত বন্দী হোৱা প্ৰকৃত দৃশ্য নহয়। বৰং সেইটো এটা বিশেষ ইউটিউৱ চেনেলে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এটা ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা।
Fact Check By: Pranjal SharmaResult: False
