
শেহতীয়াকৈ অসমৰ বিভিন্ন ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে ৰাজপাল যাদৱৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে অৰ্থনৈতিক অপৰাধত জেললৈ যোৱা ৰাজপাল যাদৱে চলমান খানৰ আৰ্থিক সহায়ৰ পাছত জেলৰ পৰা ওলাই আহি চলমান খানক ধন্যবাদ জ্ঞাপন কৰিছে।

একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি কিছুমান প্ৰাসংগিক শব্দ লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৮ চনৰ ৯ এপ্ৰিলত মুভিজ আড্ডা নামৰ ইউটিউৱ চেনেলটোত ৰাজপাল যাদৱৰ এই সাক্ষাতকাৰৰ সম্পূৰ্ণ সংস্কৰণটো পালোঁ। তাত তেওঁ চলমান খানে ব্লেক বাকছ গোচৰত জামিন লাভ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল যে চলমান খান তেওঁৰ ককাইদেউৰ দৰে আৰু তেওঁৰ দৰে অন্তৰৰ মানুহ বলিউডত বহুত কম আছে। এই সম্পূৰ্ণ সাক্ষাতকাৰটোৰ পৰাই আমি নিশ্চিত হ’লোঁ যে ৰাজপাল যাদৱৰ শেহতীয়াকৈ ভাইৰেল হোৱা কথাংশ এতিয়াৰ নহয়, সেয়া ২০১৮ চনৰে।

এইবাৰ আমি ৰাজপাল যাদৱৰ এই গোচৰটো সন্দৰ্ভত তথ্যৰ সন্ধান কৰি জানিব পাৰিলোঁ যে তেওঁ এতিয়াও মুক্তি লাভ কৰা নাই। গতিকে জেলৰ পৰা ওলাই চলমান খানক ধন্যবাদ দিয়া বুলি কৰা দাবীটোও মিছা। সেই সন্দৰ্ভত বাতৰি ইয়াত চাব পাৰিব।

তদুপৰি ১৬ ফেব্ৰুৱাৰী ২০২৬ সোমবাৰে ৰাজপাল যাদৱৰ গোচৰৰ শুনানিৰ কথা। যোৱা ১২ ফেব্ৰুৱাৰীত ৰাজপাল যাদৱে জামিন লাভ কৰিবলৈ সক্ষম নহ’ল। সেই বাতৰি ইয়াত চাব পাৰিব। অৰ্থাত এতিয়ালৈকে তেওঁ জেলৰ পৰা মুক্তি লাভ কৰা নাই।

আনহাতে আমি আন এক বাতৰি লাভ কৰিলোঁ য’ত কোৱা হৈছে যে চলমান খানৰ উপৰিও চনু চুদ আৰু অজয় দেৱগনেও অৰ্থনৈতিক সহায় আগবঢ়াইছে। কিন্তু ৰাজপাল যাদৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰা কোনো আনুষ্ঠানিক খবৰ এই মুহূৰ্তলৈকে আমি লাভ কৰা নাই। কেৱল তেওঁলৈ আগবঢ়োৱা আৰ্থিক সহায়ৰ বাতৰিহে পোৱা গৈছে।

ইয়াৰ দ্বাৰা এই সত্য প্ৰমাণিত হয় যে ৰাজপাল যাদৱে এতিয়াও জেলৰ পৰা মুক্তি লাভ কৰা নাই আৰু তেওঁ জেলৰ পৰা ওলাই চলমান খানক ধন্যবাদ দিয়া বুলি কৰা দাবীটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ৰাজপাল যাদৱে এতিয়াও জেলৰ পৰা মুক্তি লাভ কৰা নাই আৰু তেওঁ জেলৰ পৰা ওলাই চলমান খানক ধন্যবাদ দিয়া বুলি প্ৰচাৰ কৰা ভিডিঅ’টো পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ৰাজপাল যাদৱে জেলৰ পৰা ওলাই চলমান খানক ধন্য়বাদ দিয়া বুলি কৰা দাবীটো মিছা।
Fact Check By: Pranjal SharmaResult: False


