যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা শিশু-মহিলাকে ধৰি অসংখ্য লোকে পলায়ন কৰিছে। দাবী কৰা হৈছে যে সেয়া পাকিস্তানৰ দৃশ্য। ভিডিঅ’টোত এজন যুৱকে কৈ থকা দেখা গৈছে যে আনকি পাকিস্তানৰ সেনা প্ৰধানেও পৰিয়াল লৈ পলায়ন কৰিছে। এইদৰেই সেই ভিডিঅ’টো ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীজনে পাকিস্তানৰ লোকে ভাৰতৰ ভয়ত পলায়ন কৰা বুলি দাবী কৰা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf_xWTZ1v1TvwjdlwCjpkbLxXigQTIPDnme2_JLG6a02FA45SdSE-xcswrWppBIqKpaD_unRuy9Tm-vhXdaLi0lAxFFGslNxCaYyxkJ4H1ZDK5uKLNzNqFF78Ti-pzKrPLD06GNNA?key=CxYh8IKbXmQlHa_vR8yiwXIh

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক ফেচবুক, ইউটিউৱ, ইনষ্টাগ্ৰাম আৰু এক্স পোষ্টৰ লিংক লাভ কৰিলোঁ। যোৱা ৬ এপ্ৰিলত অৰ্থাত পেহেলগাম কাণ্ডৰ বহুদিন আগতেই ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো আপলোড কৰা ৰূপত আমি পালোঁ। তাৰ পৰা নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো অন্ততঃ পেহেলগাম কাণ্ডৰ পাছৰ কোনো প্ৰতিক্ৰিয়াৰ দৃশ্য নহয়। ভিডিঅ’টোত উৰ্দু ভাষাত কেপছন লিখা আছিল এইদৰে آنسوؤں اور آہوں کی روداد سن۔ যাৰ অসমীয়া ভাবানুবাদ হৈছে চকুলো আৰু হুমুনিয়াহৰ কাহিনী শুনাচোন। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcvN8WD2wsgiO_-NK_lySBuXVFFB9wuUSSQu8GdbmCruu7_eZoDqbDUJDJ-oe9T3OMVMwH9P7iuygsLIvhk04XZ7vZzEZN2pld_ST1oAaUOMnxiFl5jJ94AtJ8HFEk1Pn-QoX-eug?key=CxYh8IKbXmQlHa_vR8yiwXIh

ইয়াৰ পাছত আমি ৮ এপ্ৰিলত ইউটিউৱত The Gaza is being finished and Muslims are watching কেপছনেৰে একেটা ভিডিঅ’ আপলোড কৰা দেখিলোঁ। ইয়াৰ পৰা আমি অনুমান কৰিলোঁ যে ভিডিঅ’টো পেলেষ্টাইনৰ যুদ্ধ বিধ্বস্ত চহৰ গাজাৰ হ’ব পাৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcWtuxR8i-kHT46DCcQutEmtk6VzwSLjzqc6Oam1Oqa3CfdhMZG_ORanij3L3PaPheig76W4KMA7-pIFX0SWAQDfUr62LoMT5UQKtGye7lElpvB8c_GQJfUyXpFVPOl7aFOXIve?key=CxYh8IKbXmQlHa_vR8yiwXIh

আনহাতে ৯ এপ্ৰিলত একেটা ভিডিঅ’ বর্তমানে গা’জার করুন অবস্থা! কেপছনেৰে ইউটিউৱত আপলোড কৰা আমি দেখিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcnYJ70_UIWlOFgk0AG6PjzWoTLY48B6DufBu72ty_UoGDrUfBp3H2o9OkRhJ7YKJCCZKYaUHiwHxJStbp-M_S2uQQDoEBhTfMnNczAoUBvk0-sTvZcNLuWvOjK8pClHKI6TSub1Q?key=CxYh8IKbXmQlHa_vR8yiwXIh

ফিলিস্তিনিদের উপর ইজরায়েলের বর্বতা দেখুন। বুলি আন এক ইউটিউৱ ভিডিঅ’ পালোঁ, য’ত একেটা দৃশ্যয়ে আমি দেখা পালোঁ। 

তদুপৰি যোৱা ২৯ মাৰ্চত ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে #palestine ke liye abaz uthao বুলি কেপছন লিখি সেই ভিডিঅ’টো আপলোড কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdmumOLXqLQplDGpkCZ6fZEvH0hg2cX81kG7EOTjOCgkVmosjD58dQleYThWUt4HoWODJ-SomXcOA8xrdb8Rua_CaBoBOevJY0G0AhmybZDLNBFIM6EJqtR9LhOvUq_tlSuaFV7bg?key=CxYh8IKbXmQlHa_vR8yiwXIh

তাৰো দুদিন আগত অৰ্থাত ২৭ মাৰ্চত আন এক ব্যৱহাকাৰীয়ে हमारे बच्चे फ़टाके की आवाज़ सुनकर रजाई होडकर सो जाते हैं, और इन बहादुर बच्चों पर ऊपर से बम बरस रहे हैं বুলি কেপছন লিখি সেয়া পেলেষ্টাইনৰ গাজাৰ দুৰ্ভগীয়া শিশুসকলৰ দৃশ্য বুলি ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfm8eHEz2AzSgvuP7_oROk9vbEQSTVc64r73DuRUwhAO6zsObgw2Z4qTPOQipkkej0Qp1Z2RI4ivdF5n95evb-RPqo9bSSetkC_GiEKp8R97_fnt6RPQ_5LxHjccdje6_kPfE-9BA?key=CxYh8IKbXmQlHa_vR8yiwXIh

অনুসন্ধান আগুৱাই নি আমি এক্সত এটা টুইট পালোঁ। Gaza Notifications নামৰ হেণ্ডেলটোৰ পৰা যোৱা ১৯ ফেব্ৰুৱাৰীত Part of the BBC Documentary “Gaza: How to Survive a Warzone” Following the lives of 4 young people trying to survive in Gaza. বুলি কেপছন লিখি সেই টুইটটোত একেটা ভিডিঅ’ আপলোড কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeus3XhkiK-qYGRVDXwax0uyULqFK9M6q6-Y_JL3EVL1Yt2QYOoHVy6Qdvj8eorrjmVNz4mmLVupNl6tevFvlXuohgkdNQTRjY9YM6v8-rD52GmNud2luDPOTGdDKn7b-f3dDd7?key=CxYh8IKbXmQlHa_vR8yiwXIh

ইয়াৰ সূত্ৰ ধৰি আমি বিবিচিৰ সেই তথ্যচিত্ৰখনৰ সন্ধান কৰিলোঁ। তেতিয়া আমি ইউটিউৱত Gaza: How to Survive a Warzone নামৰ তথ্যচিত্ৰখন পালোঁ। তথ্যচিত্ৰখন আপলোড কৰা হৈছিল ২০ ফেব্ৰুৱাৰীত। ৯টা মাহ ধৰি দুজন কেমেৰামেনে দৃশ্যগ্ৰহণ কৰা আৰু লণ্ডনৰ পৰা বিবিচিৰ দুজন প্ৰযোজকে নিৰ্দেশনা দিয়া তথ্যচিত্ৰখনত গাজাৰ সেই যুদ্ধ বিধ্বস্ত জীৱনৰ মাজত জীয়াই থকা ৪টি শিশু-কিশোৰৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। তথ্যচিত্ৰখনৰ ৪ মিনিট ২৭ চেকেণ্ডৰ পৰা ৪ মিনিট ৩৭ চেকেণ্ডলৈ আমি সেই দৃশ্যখিনি দেখোঁ, যিখিনি দৃশ্য অসমৰ ফেচবুক ব্যৱহাৰকাৰীজনে পাকিস্তানত নিজৰ ঘৰৰ পৰাই পলায়ন কৰা পাকিস্তানী নাগৰিকৰ দৃশ্য বুলি দাবী কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdYp4N4Y7082NBaOa6O7MK0-vjt-8esb6B5O5QHWAHDx3VkYtvho8bLLwXU3e-KvEBkJPMDEgMEgQWKSm0U2Pg3DHB6oTHwzmdLEFPDvbl_oICOMnik-O8tl49wLzuaJMf8chr16g?key=CxYh8IKbXmQlHa_vR8yiwXIh

এইদৰেই আমি নিশ্চিত হ’লোঁ যে পাকিস্তানী নাগৰিকে ভাৰতৰ ভয়ত নিজৰ ঘৰ এৰি পলায়ন কৰিছে বুলি দাবী কৰা দৃশ্যটো আচলতে যুদ্ধ বিধ্বস্ত গাজাৰ দৃশ্যহে। বিশেষকৈ সেইটো এখন বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্য। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। পাকিস্তানী নাগৰিকে ভাৰতৰ ভয়ত নিজৰ ঘৰ এৰি পলায়ন কৰিছে বুলি দাবী কৰা দৃশ্যটো আচলতে যুদ্ধ বিধ্বস্ত গাজাৰ দৃশ্যহে। বিশেষকৈ সেইটো এখন বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্য।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *