
১৬জুলাই ২০২৫,বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে সময়চোৱাতে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দল শেষ হৈ গৈছে বুলি নিজৰ ভাষণত প্ৰকাশ কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিছিলোঁ।
ফলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেলত আমি ভাইৰেল ভিডিঅ’টো পাইছিলোঁ। এই ভিডিঅ’টো ৩ মে’, ২০২৪ তাৰিখে আপলোড কৰা হৈছিল।
তথ্য অনুসৰি এই ভিডিঅ’টো গুজৰাটৰ আহমেদাবাদৰ, য’ত খাৰ্গেই এক সভাত ভাষণ দিছিল।
ভিডিঅ’টো ১২ মিনিট ১৩ ছেকেণ্ডৰ পৰা শুনা যায়, য’ত খাৰ্গেয়ে কৈছে – “আহমেদাবাদ এখন বিখ্যাত চহৰ। মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আৰু অন্যান্য মহান নেতাৰ জন্ম হৈছিল এই ভূমিতে। তেওঁলোকে গুজৰাটক মহান কৰি তুলিছিল। গান্ধীজী আৰু চৰ্দাৰ পেটেল আৰু মোৰাৰজী দেশাই, বিত্থালভাই পেটেল আৰু সকলো মহান নেতাই দেশ গঢ়িছিল। মই ক’ব বিচাৰিছো যে আহমেদাবাদত কংগ্ৰেছ দলৰ ভেটি খুব মজবুত। কোনেও আঁতৰাব নোৱাৰে আৰু কংগ্ৰেছ শেষ কৰিবলৈও কোনেও সাহস কৰিব নোৱাৰে। কিন্তু
কিছুমানে কয় যে কংগ্ৰেছ শেষ, কংগ্ৰেছ মৰিল আৰু ক’তো কংগ্ৰেছক দেখা নাপাব। ইয়াৰ নেতাসকলে এনেকৈ কথা কয়। মাথোঁ তেওঁলোকক ইমানেই সুধিছো, এই আহমেদাবাদ মহাত্মা গান্ধীৰ পবিত্ৰ স্থান।”
আমি ভাইৰেল ভিডিঅ’টো আৰু মূল ভিডিঅ’টোৰ বিশ্লেষণ কৰিলোঁ। য’ত স্পষ্ট হৈ পৰিছে যে মল্লিকাৰ্জুন খাৰ্গেৰ বক্তব্যক বিকৃত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। তলত বিশ্লেষণ চাওক।
তথ্য পৰীক্ষা কৰাৰ পাছত আমি দেখিবলৈ পালোঁ যে মল্লিকাৰ্জুন খাৰ্গেৰ বক্তব্যক বিকৃত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। ভাইৰেল বক্তব্যটো আধৰুৱা হোৱাৰ বাবে শুনাৰ পাছত বিভ্ৰান্তিৰ সৃষ্টি হয়। ভাইৰেল ভিডিঅ’টোৰে যি দাবী কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা আৰু প্ৰসংগ সংগতিহীন।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে। মল্লিকাৰ্জুন খাৰ্গেৰ বক্তব্যক বিকৃত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে। ভাইৰেল বক্তব্যটো আধৰুৱা হোৱাৰ বাবে শুনাৰ পাছত বিভ্ৰান্তিৰ সৃষ্টি হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মল্লিকাৰ্জুন খাৰ্গেৰ পুৰণি ভাষণৰ কিয়দংশ প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Fact Crescendo TeamResult: Missing Context
