
শেহতীয়াভাবে যোৱা ৫ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পোষ্টত আপলোড কৰা ফটোখনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ ওপৰত লিখিছেঃ প্ৰধানমন্ত্ৰী নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰিছিল..কাৰণ তেওঁ ভণ্ড নাছিল…। মোডীয়ে আজি এইবোৰ কি কৰিলে…!!! এইদৰে দাবী কৰা হৈছে যে পোষ্টটোত ব্যৱহৃত ফটোখনত জৱাহৰলাল নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰা দেখা গৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি জৱাহৰলাল নেহৰুৰ সেই বিশেষ ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। ইয়াৰ ফলত ২০২৩ চনৰ ২৮ মে’ৰ এটা টুইট পালোঁ। সেই টুইটটোত উল্লিখিত ফটোখন আপলোড কৰা হৈছিল আৰু তাত থকা কেপছনটোৰ ভাবানুবাদ আছিলঃ- “আপুনি পোষ্ট কৰা ফটোখন নেহৰুৱে মাকৰ মৃত্যুৰ পাছত কৰা ‘অন্তিম ক্ৰিয়া কৰ্ম’ৰ সময়ৰ! এয়া ধৰ্ম বা অন্ধবিশ্বাসৰ ৰাজহুৱা প্ৰদৰ্শন নহয়। শালীনতাৰ কিছু আভাস ৰক্ষা কৰক!”
সেই ফটোখনত লিখা আছিল “ENDURING TRAGEDY: Jawaharlal Nehru immersing his mother’s ashes in Allahabad. ( চিৰস্থায়ী শোকঃ জৱাহৰলাল নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন কৰাৰ সময়ত”।)
এই সূত্ৰৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ২০০৬ চনৰ ৬ মাৰ্চত ইণ্ডিয়া টুডেত প্ৰকাশিত এটা লেখা পালোঁ। লেখাটোৰ শিৰোনামত লিখা আছিল, “Book review: ‘The Nehrus: Personal Histories’ by Mushirul Hasan & Priya Kapoor”।
সেই লেখাটোত জৱাহৰলাল নেহৰুৰ আন ফটোবোৰৰ মাজতে সেই ফটোখনো আছিল।
অনুগ্ৰহ সেই লেখাটো কৰি ইয়াত পঢ়ক।
উল্লেখযোগ্য যে ১৯৩৮ চনৰ ১০ জানুৱাৰীত জৱাহৰলাল নেহৰুৰ মাতৃ স্বৰূপ ৰাণী নেহৰুৰ মৃত্যু হৈছিল।
ইয়াৰ পাছত আমাৰ সন্ধানত আগবাঢ়ি গৈ আমি একেখন ফটোকে এটা ৱেবছাইটত আপলোড কৰা দেখিলোঁ, য’ত লিখা আছিল, “নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন দিয়াৰ পাছত”। ফটোখনৰ বৰ্ণনাত লিখা কথাখিনিৰ ভাবানুবাদঃ “নেহৰুৰ বিদায়: ৰাজহুৱা সেৱাৰ মাজতে এক ব্যক্তিগত শোক। এই মাৰ্মান্তিক ছবিখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁক সাংস্কাৰৰ শিপাৰ সৈতে বান্ধি ৰখা এক গভীৰ ব্যক্তিগত পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে।”
তদুপৰি আমি সন্ধান কৰি আমি গম পালোঁ যে ১৯৩৮ চনত কুম্ভমেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছিল, এলাহাবাদ (বৰ্তমান প্ৰয়াগৰাজ)ত নহয়। ১৯৩৮ চনৰ হৰিদ্বাৰ মহা কুম্ভত দুটা দুৰ্যোগো সংঘটিত হৈছিল। গংগাৰ কাষৰ বস্তিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে মেলা চৌহদত কলেৰাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। দুয়োটা দুৰ্যোগৰ ফলতেই বিপুলভাৱে প্ৰাণ আৰু সম্পত্তিৰ হানি হৈছিল। মেলা চৌহদৰ পৰা মানুহে পলায়ন কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে জৱাহৰলাল নেহৰুৰ ভাইৰেল ফটোখন কুম্ভমেলাৰ গংগা স্নানৰ নহয়। ফটোখনত নেহৰুৱে ১৯৩৮ চনত এলাহাবাদত মাকৰ শেষকৃত্য সম্পন্ন কৰা দেখা গৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখনত জৱাহৰলাল নেহৰুক কুম্ভমেলাত গংগা স্নান কৰা দেখা যোৱা নাই। বৰং ১৯৩৮ চনত এলাহাবাদত মাতৃৰ শেষকৃত্য সম্পন্ন কৰাহে দেখা গৈছে। ১৯৩৮ চনৰ কুম্ভমেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছিল, এলাহাবাদত (এতিয়া প্ৰয়াগৰাজ) নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোখনত জৱাহৰলাল নেহৰুক মাতৃৰ শেষকৃত্য কৰা দেখা গৈছে। সেয়া কুম্ভমেলাৰ গংগা স্নান নহয়।
Fact Check By: Pranjal SharmaResult: Misleading
