
শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ।
পাকিস্তান আৰু আফগান সীমান্ত; বিবাদিত ডুৰাণ্ড লাইনৰ খোষ্ট, পাক্টিকা আৰু অন্যান্য অঞ্চলত পাক-আফগান সীমান্তত চলি থকা সংঘৰ্ষত, কেইবা ডজন পাকিস্তানী সেনা জোৱানে আফগান বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।
পাকিস্তানী সৈন্যৰ অভিলেখ হৈছে যে, যদি বোমা বিস্ফোৰণ নহয়, তেন্তে প্ৰথমে আত্মসমৰ্পণ কৰোঁ, তেতিয়া হে জীৱন ৰক্ষা হব
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে সেই ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া সেই ফটোখন আপলোড কৰা কেইবাটাও ছোচিয়েল মিডিয়া পোষ্ট আমি লাভ কৰিলোঁ। লগতে ফটোখন সংলগ্ন বাতৰিও আমি পালোঁ।
আমি এটা টুইট পালোঁ য’ত সেই ফটোখন আপলোড কৰি লিখা হৈছিল যে পাকিস্তানৰ সেনা জোৱান কেইগৰাকীমানে আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছে। সেই টুইটটো আছিল ২০২৪ চনৰ ১৯ মাৰ্চৰ। অৰ্থাৎ ফটোখন যে অন্ততঃ ২০২৪ৰ ডিচেম্বৰ অৰ্থাৎ এই প্ৰতিবেদন লিখি থকা মাহৰ নহয়, সেই কথা নিশ্চিত হৈছে।
আমি ২০২৪ৰ ২০ মাৰ্চৰ পত্ৰিকা নামৰ হিন্দী সংবাদ প্ৰতিস্থানৰ এক বাতৰি পালোঁ। তাতো এই ফটোখনকে সংলগ্ন কৰি পাকিস্তান সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি লিখিছিল।
ইয়াৰ পাছত আমি ২০১৮ চনৰ ১৮ এপ্ৰিলত মূল পষ্টো ভাষাত দিয়া এটা ফেচবুক পোষ্ট পালোঁ।
সেই পোষ্টটোত সংলগ্ন বহুকেইখন ফটোৰ মাজত এই নিৰ্দিষ্ট ফটোখনো আছিল। পোষ্টটোত আফগান যুঁজাৰুৰ প্ৰশংসা কৰা হৈছিল।
২০১৮ চনৰ ১৫ এপ্ৰিলত দিয়া আন এটা ফেচবুক পোষ্টতো আমি বহুকেইখন ফটোৰ মাজত সেই ফটোখন পালোঁ।
আমাৰ অনুসন্ধান ইমানতে ক্ষান্ত নাৰাখি আৰু অধিক সন্ধান কৰোতে আমি ২০১৬ চনৰ ১৫ জুনত পষ্টো ভাষাত দিয়া এটা ফেচবুক পোষ্ট পালোঁ। পোষ্টটোৰ কেপছনটোৰ অসমীয়া ভাবানুবাদ এনেকুৱা-পাকিস্তানী সংবাদ মাধ্যমে কয়। যেতিয়া আফগান বাহিনীয়ে ইয়াক ধ্বংস কৰিছিল। ২৫ জন পাকিস্তানী জোৱানৰ মৃত্যু, ২৭ জন আহত আৰু অধিক মৃত্যুৰ আশংকা। যদি আপুনি ইয়াত সুখী তেন্তে শ্বেয়াৰ কৰিব।
উল্লেখযোগ্য যে সময়ে সময়ে পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তত সংঘৰ্ষ হৈ থাকে। অনুমান কৰিব পাৰি যে সেই ফটোখন তেনেকুৱা এক সংঘৰ্ষৰ সময়ৰে। কিন্তু ফটোখন যে ২০২৪ চনৰ ডিচেম্বৰৰ নহয়, বৰং ২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, সেয়া নিশ্চিত।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ফটোখন শেহতীয়া অৰ্থাৎ ২০২৪ৰ ডিচেম্বৰৰ নহয়। ২০১৬চনৰে পৰা এই ফটোখন ইণ্টাৰনেটত উপলব্ধ হৈ আছে। বিভিন্ন সময়ত আফগান-পাক সংঘৰ্ষৰ বাৰ্তাৰ সৈতে এই ফটোখন শ্বেয়াৰ হৈ আহিছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।
Fact Check By: Pranjal SharmaResult: Misleading
