
শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে গৰম পানীৰে গা ধুলে মানুহৰ শৰীৰত বিভিন্ন ,সমস্যাৰ সৃষ্টি হ’ব পাৰে। উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱালৈ বিভিন্ন সমস্যাৰ কথা ভিডিঅ’টোত উল্লেখ কৰা হৈছে। পেশীসম্পৰ্কীয় সমস্যা, স্নায়ুৰ বিষ তথা প্ৰজনন ক্ষমতা হ্ৰাস আদি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গৰম পানীত গা ধুলে সাৱধান হওক।। কি কি ক্ষতি হব পাৰে আপোনাৰ জানি লওক।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক কী-ৱৰ্ড লৈ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি বিভিন্ন লিংক লাভ কৰিলোঁ। বিভিন্ন স্বাস্থ্যসম্পৰ্কীয় ৱেবছাইটত গৰম পানীৰে গা ধুৱাৰ ফলত কি কি হয়, সেই সম্পৰ্কে উল্লেখ কৰা আমি দেখিলোঁ। তেনেকুৱা এটা ৱেবছাইটত আমি পালোঁ যে গৰম পানীৰে গা ধোৱা কাৰ্যই আমাৰ শৰীৰত কেলৰী বাৰ্ণ কৰে, চাল পৰিস্কাৰ আৰু স্বাস্থ্যবান কৰে, নিদ্ৰা উন্নত কৰে ইত্যাদি
আমি এই বিষয়ে সবিশেষ জনাৰ বাবে বিশিষ্ট চিকিৎসক ডাঃ হেমেন দাসৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে আমাক জানিবলৈ দিয়ে যে সাধাৰণতে মানুহে স্বাভাৱিক উষ্ণতাৰ পানীৰে গা ধুলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। কিন্তু বতৰৰ লগে লগে মানুহে স্বাভাৱিকতকৈ উষ্ণ আৰু স্বাভাৱিকতকৈ শীতল পানীৰে গা ধুবলৈ পছন্দ কৰে আৰু সেইমতে ধুৱেও। কিন্তু সকলোৰে অতিমাত্ৰা হোৱাটো বেয়া। আমাৰ শৰীৰটোৱে এটা স্বাভাৱিক উষ্ণতাত কাম কৰে। সেই উষ্ণতাৰ তাৰতম্য ঘটিলে শৰীৰটোৱে বিভিন্ন লক্ষণ প্ৰদৰ্শন কৰে। কিন্তু বিভিন্ন ক্ষেত্ৰত গৰম পানীৰে গা ধোৱাৰ সুফল নথকা নহয়। কিন্তু সেয়া শৰীৰে সহিব পৰা বিধৰ গৰম পানীহে হ’ব লাগে। অত্যধিক গৰম পানীয়ে শৰীৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে। আমি যেতিয়া ভিডিঅ’টোত উল্লেখ কৰা দাবীসমুহৰ কথা কৈছিলোঁ, তেতিয়া তেখেতে আমাক কয় যে উল্লেখ কৰাধৰণৰ সকলো দাবী সত্য নহয়। ই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব। গৰম পানীৰে গা ধুলে বিভিন্ন সমস্যাই দেখা দিব পাৰে বুলি কৰা দাবীটো সাধাৰণীকৰণ কৰাটো অনুচিত। শৰীৰ সমস্যা নিৰ্ভৰ কৰে শৰীৰৰ অৱস্থাৰ ওপৰত। মানুহভেদে প্ৰভাৱ ভিন্ন হ’ব। কোনো লোকৰ বাবে নিয়মিত গৰম পানীৰে গা ধোৱাটো উপসমৰ কাৰণ হ’ব পাৰে আৰু আন কোনো লোকৰ বাবে নহ’বও পাৰে। সেয়া নিৰ্ভৰ কৰিব ব্যক্তিজনৰ স্বাস্থ্যজনিত স্থিতি(Medical Condition)ৰ ওপৰত। গতিকে এইদৰে কৈ দিয়াটো অনুচিত।
আন এক ৱেবছাইটেও অনুৰূপভাৱে গৰম পানীৰে গা ধুলে বিভিন্ন সমস্যাৰ পৰা উপশম পোৱাৰ কথাহে উল্লেখ কৰা দেখিলোঁ।
তদুপৰি অন্য এটা ৱেবছাইটত গৰম পানীৰে গা ধুলে পাব পৰা উপকাৰিতাৰ কথা আমি পালোঁ।
সামগ্ৰিকভাৱে আমি ইণ্টাৰনেটত লাভ কৰা তথ্য হৈছে যে গৰম পানীৰে গা ধুলে আমাৰ শৰীৰত হোৱা প্ৰতিক্ৰিয়া সমুহ এনেধৰণৰঃ
তেজৰ সোঁত বৃদ্ধি কৰে: গৰম পানীৰ ফলত ৰক্তবাহী নলী প্ৰসাৰিত হয়, যাৰ ফলত ছাললৈ তেজৰ সোঁত বৃদ্ধি পায়।
পেশীবোৰ শিথিল কৰে: পানীৰ পৰা ওলোৱা তাপে টান পেশীবোৰ শিথিল কৰি বিষ বা জঠৰতা কম কৰাত সহায় কৰিব পাৰে।
ৰক্ত সঞ্চালন উন্নত কৰে: তেজৰ সোঁত বৃদ্ধি আৰু পেশীৰ শিথিলতাৰ ফলত সামগ্ৰিকভাৱে ৰক্ত সঞ্চালন উন্নত হ’ব পাৰে।
ঘাম ওলোৱাত সহায় কৰে: পানীৰ পৰা ওলোৱা তাপৰ ফলত শৰীৰৰ ঘাম ওলায়, যাৰ ফলত ছালৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছিদ্ৰবোৰ মুকলি হৈ পৰে।
মানসিক চাপ কমায়: পেশীৰ শিথিলতা আৰু ৰক্ত সঞ্চালন উন্নত হোৱাটোৱে মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে আৰু শান্তিৰ অনুভূতি বৃদ্ধি কৰিব পাৰে।
কিছুমান বিশেষ অৱস্থাৰ লক্ষণসমূহৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে: গৰম পানীত কিছুসময় থাকিলে বাতবিষ, ফাইব্ৰ’মাইয়ালজিয়া, পেশীৰ ঘাঁ আদি অৱস্থাৰ পৰা সকাহ পাব পাৰি।
টোপনি ভাল কৰিব পাৰে: পানীৰ পৰা ওলোৱা তাপ আৰু পেশীৰ শিথিলতাই টোপনিৰ মান উন্নত কৰাত সহায় কৰিব পাৰে।
ছাল শুকুৱাব পাৰে: গৰম পানীয়ে ছালৰ পৰা প্ৰাকৃতিক তেল আঁতৰাই পেলাব পাৰে, যাৰ ফলত ছাল শুকান আৰু ৰূক্ষ হয়।
ছালৰ বিষ হব পাৰে: বিশেষকৈ সংবেদনশীল ছালৰ বাবে গৰম পানীয়ে বিষ আৰু ৰঙা পৰাৰ সৃষ্টি কৰিব পাৰে।
ৰক্তচাপ হ্ৰাস পাব পাৰে: গৰম পানীত তিতিলে ৰক্তচাপ হ্ৰাস পাব পাৰে, যিটো নিম্ন ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে বিপজ্জনক হ’ব পাৰে।
এই স্বাস্থ্যসম্পৰ্কীয় ৱেবছাইটসমুহত গৰম পানীৰে গা ধুলে পাব পৰা সুফলৰ লগতে কিছুমান অসুবিধাৰ কথাও উল্লেখ কৰা হৈছে। তাৰে ভিতৰত চালৰ শুষ্কতা তথা নিম্ন ৰক্তচাপত ভোগা লোকে নিয়মিত গৰমপানীৰে গা ধুলে ৰক্তচাপ নিম্নগামী হৈ সমস্য়াত পৰাৰ কথাও উল্লেখ আছে। ইয়াৰ লগতে গা ধোৱা গৰম পানীৰ উষ্ণতাৰ পৰিমান শৰীৰে সহ্য কৰিব পৰাতকৈ অধিক হ’লে ই শৰীৰৰ চাল পুৰিব পাৰে বুলি উল্লেখ আছে।
ইয়াৰ পৰাই আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে ভিডিঅ’টোত কৰা সকলো দাবী সত্য নহয়। সেয়া বিভ্ৰান্তিকৰ। গৰম পানীৰে গা ধুলে উল্লেখ কৰা ধৰণে বিভিন্ন সমস্যাই দেখা নিদিবও পাৰে। সেয়া নিৰ্ভৰ কৰে ব্যক্তিবিশেষৰ শৰীৰৰ স্বাস্থ্যজনিত স্থিতিৰ ওপৰত।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ।গৰম পানীৰে গা ধুলে উল্লেখ কৰা ধৰণে বিভিন্ন সমস্যাই দেখা নিদিবও পাৰে। সেয়া নিৰ্ভৰ কৰে ব্যক্তিবিশেষৰ শৰীৰৰ স্বাস্থ্যজনিত স্থিতিৰ ওপৰত।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:গৰম পানীৰে গা ধুলে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বিভ্ৰান্তিকৰ দাবী।
Written By: Pranjal SharmaResult: Misleading
