ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত গুৱাহাটী প্ৰেছ ক্লাৱৰ চাইনব’ৰ্ডখনৰ ফটোখন আপলোড কৰি তাত টেক্সট ওভাৰলে’ কৰি লিখিছে-  ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠান বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব- সম্পাদক, গুৱাহাটী প্ৰেছ ক্লাৱ। এইদৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকাই এই মন্তব্য কৰা বুলি দাবী কৰিছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকাই এই মন্তব্য কৰিছে নেকি, সেই সম্পৰ্কে বাতৰিৰ সন্ধান কৰিলোঁ। কাৰণ যদিহে ৰাজ্যৰ অগ্ৰণী সাংবাদিক সংস্থা, গুৱাহাটী প্ৰেছ ক্লাৱৰ তৰফৰ পৰা তেনেকুৱা কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হ’লহেঁতেন, তেনেহ’লে নিশ্চিতভাৱে অসমৰ প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানতেই সেই বাতৰি প্ৰকাশ তথা সম্প্ৰচাৰ কৰা হ’লহেঁতেন।  বিভিন্ন প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰাৰ পাছতো আমি তেনেকুৱা কোনো বাতৰি লাভ নকৰিলোঁ। 

তাৰ পাছত আমি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ সামাজিক মাধ্যমত এটা পোষ্ট পালোঁ। তাত আমি সত্যতা নিৰূপণ কৰি থকা পোষ্টটোৰ স্ক্ৰীণশ্বট লৈ সেই বাৰ্তা গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে দিয়া নাই বুলি কোৱা হৈছে। 

ইয়াৰ পাছত এই কথাৰ নিশ্চিতিৰ বাবে আমি অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ পোনছাতেই এই কথা অস্বীকাৰ কৰে আৰু সেই পেজটোৱে মিছা কথা এটা প্ৰকাশ কৰা বুলি কয়। লগতে এই কথাক কোনেও বিশ্বাস নকৰিবলৈ আহ্বান জনায়।   

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে সেই দাবী মিছা। ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছ’চিয়েল মিডিয়াত বিজেপিৰ বিৰোধিতা কৰি থকা সাংবাদিকৰ সংবাদ প্রতিষ্ঠানলৈ বিজেপিয়ে বিজ্ঞাপন বন্ধ কৰিব নোৱাৰিব বুলি গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদকে কোৱা নাই। 

Fact Check By: Pranjal Sharma  

Result: False