
যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে উচিত সন্মান প্ৰদান নকৰিলে। ভিডিঅ’টোত দেখা যায় যে মোদীয়ে আগুৱাই আহি নিজৰ সোঁহাতখন আগুৱাই দিছে আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৰমৰ্দন নকৰি আওকান কৰিছে। চীনত শেহতীয়াকৈ হৈ যোৱা SCO Summitৰ সময়ত এই দৃশ্যটো আপলোড কৰি জিনপিঙে মোদীত গুৰুত্ব প্ৰদান নকৰা বুলি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ANIৰ ইউটিউৱ চেনেলত ২০২৪চনৰ ২৩ অক্টোবৰ তাৰিখে আপলোড কৰা এই দৃশ্যটোৰ সম্পূৰ্ণ সংস্কৰণটো লাভ কৰিলোঁ। তাত দেখা গৈছে যে ভাইৰেল দৃশ্যটোৰ ঠিক পাছতেই নিৰ্দিষ্ট স্থানলৈ গৈ দুয়োগৰাকী নেতাই কৰমৰ্দন কৰিছে। ‘Historic handshake’: PM Modi holds meeting with Chinese President Xi Jinping at BRICS Summit শীৰ্ষকেৰে এই সম্পূৰ্ণ ভিডিঅ’টো আপলোড কৰা হৈছে। ভিডিঅ’ বাতৰিটো মতে ব্ৰিকছ সন্মিলনৰ সময়ত ৰাছিয়াৰ কাজান চহৰত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজধানী টাটাৰস্তানত অনুষ্ঠিত হোৱা এই বৈঠকত দুয়োগৰাকী নেতাৰ মাজত পাঁচ বছৰৰ ভিতৰত প্ৰথম আনুষ্ঠানিক পাৰস্পৰিক আলোচনা হয় আৰু ইয়াৰ পাছতে পূব লাডাখত থকা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এল ও চি) নিয়মীয়া টহল পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত চুক্তি হয়।
একেধৰণে সন্ধান কৰোতে আমি Bloombergত ২০২৪ৰ ২৫ অক্টোবৰত প্ৰকাশ হোৱা China Makes Nice With India Before the Big US Election শীৰ্ষক বাতৰিটো লাভ কৰিলোঁ।

তাতো আমি মোদী আৰু জিনপিঙৰ সেই সাক্ষাত তথা কৰমৰ্দনৰ সম্পূৰ্ণ ভিডিঅ’টো দেখিলোঁ।

Bloombergত সেই দৃশ্যটো সম্পূৰ্ণভাৱে উপলব্ধ হৈ আছে। তাত দেখা গৈছে যে মোদী আগুৱাই আহিছে আৰু জিনপিঙে আদৰি আনি দুয়োখন দেশৰ পতাকাৰ সমুখত থিয় হৈ কৰমৰ্দন কৰিছে।

ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে যিটো দৃশ্য মোদীক জিনপিঙে অৱমাননা কৰা বুলি ভাইৰেল কৰা হৈছে সেইটো আচলতে এটা সম্পূৰ্ণ ভিডিঅ’ৰ আৰম্ভনীৰ কিয়দংশহে। ২০২৪ত ৰাছিয়াত আয়োজিত ব্ৰিকছ ছামিটৰ সময়ত চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ সাক্ষাতৰ সময়ত মোদীত আদৰি নিয়াৰ সময়ৰ দৃশ্য সেয়া। আদৰি নি নিৰ্দিষ্ট স্থানত জিনপিঙে মোদীৰে কৰমৰ্দন কৰে।
ইয়াৰ পাছত আমি অতি শেহতীয়া SCO ছামিটৰ সময়ত মোদীৰে সৈতে জিনপিঙৰ সাক্ষাত আৰু অভ্যাগত অভিবাদন সম্পৰ্কত সন্ধান কৰি চালোঁ। তেতিয়াও আমি কিছুমান ভিডিঅ’ লাভ কৰিলোঁ। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত দেখিলোঁ যে মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হাতে হাত ধৰি আগুৱাই গৈছে আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে কৰমৰ্দন কৰিছে।

তদুপৰি RT_India Newsৰ টুইটতো আমি দেখিলোঁ যে মোদীক সসন্মানে কৰমৰ্দন কৰিছে জিনপিঙে।

এই সকলো তথ্য প্ৰমাণৰ ভিত্তিত আমি ক’ব পাৰোঁ যে চীনত শেহতীয়াকৈ আয়োজিত এছচিও ছামিটৰ সময়ত জিনপিঙে মোদীৰ কৰমৰ্দনৰ আগ্ৰহক আওকান কৰা বুলি যিটো দৃশ্য ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ ব্ৰিকছ ছামিটৰ সময়ৰহে আৰু সেয়া জিনপিঙ আৰু মোদীৰ সাক্ষাত আৰু আন্তৰিক কৰমৰ্দনৰ পূৰ্বৰ এক মুহূৰ্তহে। তদুপৰি শেহতীয়া এছচিও ছামিটৰ সময়তো দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সাক্ষাত আৰু কৰমৰ্দন দেখা গৈছে। গতিকে দাবীটো বিভ্ৰান্তিকৰ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ কৰমৰ্দনৰ আগ্ৰহক আওকান কৰা নাই। সেয়া সৌহাৰ্দপূৰ্ণ এক সাক্ষাত আৰু আন্তৰিক কৰমৰ্দনৰ পূৰ্বৰ ক্ষণিকৰ এক মুহূৰ্তহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:চীনৰ ৰাষ্ট্ৰপতিয়ে প্ৰকৃততে মোদীক আওকান কৰা নাছিল।
Fact Check By: Pranjal SharmaResult: Misleading
