
শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একেটা ভিডিঅ’ৰে সৈতে ইনষ্টাগ্ৰামত ২১ জুলাই তাৰিখে কৰা এটা পোষ্ট পালোঁ। তাত ভয়ছ ওভাৰ দি কোৱা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা বুলি মিছাকৈ সেই ভিডিঅ’টো সামাজিক মাধ্যমত,বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰি থকা হৈছে। তাত কোৱা হৈছে যে সেয়া মিছা খবৰ। অসমীয়া ভাষাতেই এইখিনি কথা কোৱা হৈছিল। সেই ইনষ্টাগ্ৰাম পোষ্টটো আপোনালোকে ইয়াত চাব পাৰিব।
ইয়াৰ পাছত আমি পুনৰ সন্ধান কৰোতে আন এটা ইনষ্টাগ্ৰাম পোষ্ট লাভ কৰিলোঁ। পোষ্টটোত আমি Darbhanga Crime Branch বুলি লিখি থোৱা দেখা পালোঁ। সেই পোষ্টটোত আপোনালোকে ইয়াত চাব পাৰিব।
দৰভাংগা শব্দটোৰ আঁত ধৰি সন্ধান কৰোতে আমি ইনষ্টাগ্ৰামত আন এটা পোষ্ট লাভ কৰিলোঁ, য’ত এই ভিডিঅ’টো আপলোড কৰি ঘটনাটোৰ সবিশেষ লিখা হৈছে। তাত হিন্দী ভাষাত লিখা কথাখিনিৰ অসমীয়া অনুবাদ হৈছে- বিখ্যাত জ্যেষ্ঠ অধিবক্তা অম্বাৰ ইমাম হাছমী ওৰফে “ছোটে চাহাব”ক এডিজে-৩ৰ জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰিছে। এই ভিডিঅ’টোত আৰক্ষীৰ জিম্মাত দেখা পোৱা ব্যক্তিজন হৈছে “অধিবক্তা সুশীল কুমাৰ চৌধুৰী জী”। ছ’চিয়েল মিডিয়াত চলি থকা বাতৰি/তথ্য অনুসৰি প্ৰায় ৩২ বছৰ পূৰ্বে হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰত তেওঁ অভিযুক্ত আৰু এই সন্দৰ্ভত আজি আদালতত হাজিৰ হ’বলগীয়া হৈছিল। অৱশ্যে তেওঁ ফৰ্ম-৩১৭ দাখিল কৰি আদালতক অৱগত কৰে যে তেওঁ কিবা কাৰণত হাজিৰ হ’ব নোৱাৰিব। কিন্তু কিছু সময়ৰ পাছত একেখন আদালততে আন এটা গোচৰৰ শুনানিৰ বাবে তেওঁ হাজিৰ হ’ল। এই সন্দৰ্ভত এডিজে-৩-এ আপত্তি কৰি ক’লে, “আপুনি নিজকে অনুপস্থিত বুলি ঘোষণা কৰিছিল, তেন্তে এঘণ্টাৰ পাছত শুনানিৰ বাবে কেনেকৈ হাজিৰ হ’ল?” এই বৈপৰীত্যক গুৰুত্বসহকাৰে লৈ এডিজে-৩য়ে তেওঁক জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰে। সেই ইনষ্টাগ্ৰাম পোষ্টটো আপোনালোকে ইয়াত চাব পাৰিব আৰু তাৰ স্ক্ৰীণশ্বট তলত দিয়া হৈছে।
এই ইনষ্টাগ্ৰাম পোষ্টটোত পদটিকা উল্লেখ কৰি লিখা হৈছে যে এইটো দৰভাংগা আদালত চৌহদৰ ভিডিঅ’। জ্যেষ্ঠ অধিবক্তা অম্বৰ ইমাম হাছমীক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে যুৱ অধিবক্তা সুশীল কুমাৰ চৌধাৰীক আৰক্ষীয়ে অমানৱীয়ভাৱে আটক কৰিছিল আৰু তাৰ পাছত তেওঁক থানাৰ পৰা মুকলি কৰি দিছিল। পোষ্টটোৰ আৰম্ভনী আৰু শেষত হেশ্বটেগ দি দৰভাংগা শব্দটো লিখা হৈছে।
ইয়াৰ নিশ্চিতিৰ বাবে আমি প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰোতে এই ঘটনাটো সন্দৰ্ভত একাধিক বাতৰি লাভ কৰিলোঁ। দ্য ট্ৰিকী স্ক্ৰাইব নামৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত আমি এই ঘটনাটোৰ সবিশেষ লাভ কৰিলোঁ। বাতৰিটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।
বাতৰিটোত উল্লেখ কৰা হৈছে যে -এক নাটকীয় পট পৰিৱৰ্তনত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (এডিজে) – ৩য় সুমন কুমাৰ দিবাকাৰে দৰভংগাৰ সুপৰিচিত অপৰাধমূলক অধিবক্তা অম্বৰ ইমাম হাছমী ওৰফে ছোটে চাহাবক আদালতক বিভ্ৰান্ত কৰা আৰু অনুচিত আচৰণ কৰা বুলি অভিযুক্ত হোৱাৰ পাছত তেওঁক ন্যায়িক জিম্মাত লোৱাৰ নিৰ্দেশ দিয়ে।
নিজেই ৩২ বছৰীয়া ট্ৰিপল মাৰ্ডাৰৰ গোচৰৰ অভিযুক্ত হাছমীয়ে অন্যান্য পেছাদাৰী প্ৰতিশ্ৰুতিৰ বাবে অনুপলব্ধ বুলি দাবী কৰি আদালতত ফৰ্ম ৩১৭ দাখিল কৰিছিল। কিন্তু আদালতক আচৰিত কৰি এঘণ্টাৰ পাছত একেখন আদালতৰ কক্ষতে হাজিৰ হৈ বেলেগ গোচৰৰ যুক্তি আগবঢ়ায়।
যেতিয়া ন্যায়াধীশে এই বৈপৰীত্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া হাছমীয়ে খং কৰিছিল, তীব্ৰ তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু আদালতৰ বিষয়াসকলৰ ওপৰত হাত উঠোৱা বুলি অভিযোগ উঠিছিল, যাৰ ফলত ন্যায়াধীশে তেওঁক তাৎক্ষণিক জিম্মাত লোৱাৰ নিৰ্দেশ দিছিল।
এই বাতৰিটোত সেই ট্ৰিপল মাৰ্ডাৰ গোচৰটোৰ লগতে হাছমীৰ আচৰণ, পূৰ্বৰ খ্যাতি আৰু তেওঁক জিম্মাত লোৱাৰ নিৰ্দেশ দিয়াৰ পাছত অন্য অধিবক্তাই কৰা প্ৰতিবাদৰ সবিশেষ লিখা হৈছে। আমি সেই বাতৰিটোত এটা দীঘল ভিডিঅ’ পালোঁ। তাত এডিজে ৩য় সুমন কুমাৰ দিবাকৰে হাছমীক দিয়া নিৰ্দেশৰ লগতে প্ৰতিবাদকাৰী অধিবক্তা সুশীল কুমাৰ চৌধুৰীক আৰক্ষীয়ে টানি আজুৰি লৈ যোৱা সেই দৃশ্যটোও দেখিলোঁ। সেইটো দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা বুলি অসমৰ ফেচবুকত ভাইৰেল কৰা হৈছে।
এই দৃশ্যটোৰ পাছতেই আৰক্ষীৰ ৰোষত পৰা অধিবক্তা সুশীল কুমাৰ চৌধুৰীয়ে ইয়াৰ প্ৰতিবাদ কৰি তেওঁ ওপৰত এয়া আৰক্ষীৰ নিৰ্যাতন বুলি কেমেৰাৰ আগত কোৱা আমি দেখিলোঁ।
ইয়াৰ লগতে আমি ই-টিভি ভাৰততো দৰভাংগাৰ এই ঘটনাটো সন্দৰ্ভত সবিস্তাৰে বাতৰি এটা লাভ কৰিলোঁ। তাতো একেখিনি কথাকে উল্লেখ কৰা হৈছে। সেই বাতৰিটো আপোনালোকে ইয়াত চাব পাৰিব।
এইসমূহ সমলৰ পৰা আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে বিহাৰৰ দৰঙাংগাত ন্যায়িক আৰু সত্ৰ ন্যায়াধীশ সুমন কুমাৰ দিবাকৰে জ্যেষ্ঠ অধিবক্তা অম্বাৰ ইমৰাণ হাছমীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাছত প্ৰতিবাদ কৰা অধিবক্তা সুশীল কুমাৰ চৌধুৰীক আৰক্ষীয়ে টানি আজুৰি লৈ যোৱা দৃশ্যটোকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। দৰঙাংগাত ন্যায়িক আৰু সত্ৰ ন্যায়াধীশ সুমন কুমাৰ দিবাকৰে জ্যেষ্ঠ অধিবক্তা অম্বাৰ ইমৰাণ হাছমীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাছত প্ৰতিবাদ কৰা অধিবক্তা সুশীল কুমাৰ চৌধুৰীক আৰক্ষীয়ে টানি আজুৰি লৈ যোৱা দৃশ্যটোকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
