হিজাব খুলি প্ৰতিবাদ কৰা এই যুৱতীগৰাকী ইৰাণৰ নহয়, ফ্ৰান্সৰ সমাজকৰ্মী কেমিল ইৰছহে। 

Misleading Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁ পিন্ধি থকা জেকেটটো খুলি দিয়ে আৰু দেখা যায় যে তেওঁ পিন্ধি থকা চোলাটোত ইৰাণৰ শাসক খামেইনীৰ বিৰুদ্ধে এশাৰি বাক্য লিখা আছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে এগৰাকী যুৱতীয়ে খামেইনী তথা শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, প্ৰতিবাদ কৰিছে। 

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি এই ভিডিঅ’টো একাধিক ইনষ্টাগ্ৰাম হেণ্ডেলত লাভ কৰিলোঁ। এটা পোষ্টত লিখিছে- Camille Eros acts as spokesperson for Collectif Eros, a French activist group combating Islamist expansion and woke cultural drifts through public campaigns and media confrontations. Her content sharply critiques left-wing hypocrisy in allying with extremists, while championing French Catholic heritage and national sovereignty against foreign influences. Find her on X (কেমিল ইৰছে ইছলামিক সম্প্ৰসাৰণৰ বিৰুদ্ধে যুঁজ দিয়া ফৰাচী কৰ্মী গোট কলেক্টিফ ইৰ’ছৰ মুখপাত্ৰ হিচাপে কাম কৰে আৰু ৰাজহুৱা অভিযান আৰু সংবাদ মাধ্যমৰ জৰিয়তে সাংস্কৃতিক চেতনা জাগ্ৰত কৰে। তেওঁৰ বিষয়বস্তুসমূহে উগ্ৰপন্থীৰ সৈতে মিত্ৰতা কৰা বাওঁপন্থী ভণ্ডামিক তীব্ৰ সমালোচনা কৰে। একে সময়তে বিদেশী প্ৰভাৱৰ বিৰুদ্ধে ফৰাচী কেথলিক ঐতিহ্য আৰু জাতীয় সাৰ্বভৌমত্বৰ পোষকতা কৰে। X ত তেওঁক বিচাৰি পাব)

আন এটা ইনষ্টাগ্ৰাম পোষ্টতো আমি সেই একেটা ভিডিঅ’ লাভ কৰিলোঁ, য’ত লিখা আছিল এইদৰে- Paris, January 11, 2026 — At a solidarity rally for Iran’s ongoing nationwide protests, French activist Camille Eros, spokesperson for Collectif Eros, dramatically removed her hijab and coat at Place du Trocadéro, revealing a T-shirt with the message “FUCK KHAMENEI” directed at Iran’s Supreme Leader. The bold gesture drew cheers amid flags of Iran, France, and Israel, amplifying diaspora calls for regime change. (পেৰিছ, ১১ জানুৱাৰী, ২০২৬ — ইৰাণৰ চলি থকা দেশজোৰা প্ৰতিবাদৰ বাবে এক সংহতি সমাৱেশত কলেক্টিফ ইৰ’ছৰ মুখপাত্ৰ ফৰাচী কৰ্মী কেমিল ইৰছে প্লেচ ডু ট্ৰ’কাডেৰ’ত নাটকীয়ভাৱে হিজাব আৰু কোট আঁতৰাই ইৰাণৰ উচ্চতম নেতাৰ বিৰুদ্ধে “FUCK KHAMENEI” বাৰ্তা থকা এটা টি-চাৰ্ট পিন্ধি প্ৰতিবাদ কৰে। ইৰাণ, ফ্ৰান্স আৰু ইজৰাইলৰ পতাকাৰ মাজত এই সাহসী ইংগিতে উল্লাসৰ সৃষ্টি কৰিছিল, যাৰ ফলত প্ৰব্ৰজনকাৰীসকলৰ শাসন ব্যৱস্থা পৰিৱৰ্তনৰ আহ্বান বৃদ্ধি পাইছিল।)

ইয়াৰ পাছত আমি কেমিল ইৰছক ইনষ্টাগ্ৰামত সন্ধান কৰোতে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পালোঁ আৰু তাতেই তেওঁ আপলোড কৰা সেই মূল ভিডিঅ’টো পালোঁ। 

তদুপৰি এক্সতো আমি এই ভিডিঅ’টো কেমিল ইৰছক সৌজন্য কৰি আপলোড কৰা টুইট এটাত পালোঁ। তাত তেওঁক সমৰ্থন কৰা বাবে কেমিল ইৰছে ধন্যবাদ দি কমেণ্ট কৰাও আমি দেখিলোঁ। তাত তেওঁ উল্লেখ কৰিছিল যে সেই প্ৰতিবাদ ফ্ৰান্সৰ পেৰিছত কৰা হৈছিল। 

আমি এক্সত কেমিল ইৰছৰ হেণ্ডেলটো পৰীক্ষা কৰিলোঁ আৰু যোৱা ১১ জানুৱাৰীত তেওঁ খামেইনীক টেগ কৰি এই ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ। 

সদৌ শেষত আমি কেমিল ইৰছৰ ভিডিঅ’টোত দেখা ঠাইটুকুৰা গুগল মেপত বিচাৰি উলিয়ালোঁ। ফ্ৰান্সৰ পেৰিছৰ ভিক্টৰ হুগো বুলি আমি মেপত জানিব পাৰিলোঁ। ভিডিঅ’টোৰ খণ্ডচিত্ৰ আৰু গুগল মেপৰ খণ্ডচিত্ৰৰ তুলনা তলত দিয়া হৈছে। 

আমি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউৰো নিউজতো এই প্ৰতিবাদ সম্পৰ্কে বাতৰি লাভ কৰিলোঁ। 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে ইৰাণী যুৱতীয়ে খামেইনী আৰু চৰকাৰৰ বিৰুদ্ধে ইৰাণত হিজাব খুলি প্ৰতিবাদ কৰা দাবীটো বিভ্ৰান্তিকৰ। প্ৰকৃততে এইগৰাকী ফ্ৰান্সৰ এগৰাকী সমাজকৰ্মী কেমিল ইৰছহে। তেওঁ পেৰিছত এই প্ৰতিবাদ কৰিছিল। যোৱা ১১ জানুৱাৰীত পেৰিছত তেওঁ এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। ইৰাণী যুৱতীয়ে খামেইনী আৰু চৰকাৰৰ বিৰুদ্ধে ইৰাণত হিজাব খুলি প্ৰতিবাদ কৰা দাবীটো সত্য নহয়। প্ৰকৃততে এইগৰাকী ফ্ৰান্সৰ এগৰাকী সমাজকৰ্মী কেমিল ইৰছহে। তেওঁ পেৰিছত এই প্ৰতিবাদ কৰিছিল।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হিজাব খুলি প্ৰতিবাদ কৰা এই যুৱতীগৰাকী ইৰাণৰ নহয়, ফ্ৰান্সৰ সমাজকৰ্মী কেমিল ইৰছহে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *