
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ একাধিক ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ এগৰাকী টিভি এংকৰে বাতৰিৰি মাজতে এইদৰে কান্দি দিয়াৰ দৃশ্য।
অনুৰূপ ফেচবুক পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি পাকিস্তানী নিউজ এংকৰ ফৰৱা ৱাহিদৰ farwawaheedofficial নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোত ২০২৩ৰ ৭ নৱেম্বৰত ভাইৰেল ভিডিঅ’টোৰ এটা সংবৰ্ধিত ৰূপ লাভ কৰিলোঁ। ভিডিঅ’টো পোষ্ট কৰি তেওঁ লিখিছিল- I couldn’t control my tears and emotions .. i know we can’t do anything for the people of palestine (Gaza) Thousand of people have lost their lives, many are struggling to survive and that hurts a lot .. may this brutality end soon ..পেলেষ্টাইনৰ গাজাত মৃত্যুমুখত পৰা লোকসকলৰ প্ৰতি দুখ প্ৰকাশ কৰি বাতৰিৰ মাজতে এনেকৈ তেওঁ নিজৰ চকুপানী ৰখাব নোৱাৰা কথাটো উল্লেখ কৰিছিল।
আমি ফৰৱা ৱাহিদৰ ফেচবুক পেজতো ২০২৩ৰ ৭ নৱেম্বৰত সেই ভিডিঅ’টো আপলোড কৰি তেওঁৰ সেই সময়ৰ মনৰ অৱস্থাৰ কথা একেধৰণে উল্লেখ কৰা দেখিলোঁ।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে পাকিস্তান আক্ৰমণ কৰাৰ পাছত পাকিস্তানী এংকৰে লাইভ টিভিত কন্দা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰে। ফৰৱা ৱাহিদ নামৰ এংকৰগৰাকীয়ে গাজাত নিহত লোকৰ বাবেহে তেনেকৈ কান্দিছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে পাকিস্তান আক্ৰমণ কৰাৰ পাছত পাকিস্তানী এংকৰে লাইভ টিভিত কন্দা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ৰে। ফৰৱা ৱাহিদ নামৰ এংকৰগৰাকীয়ে গাজাত নিহত লোকৰ বাবেহে তেনেকৈ কান্দিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ত গাজাত নিহত লোকৰ বাবেহে এংকৰগৰাকীয়ে এনেকৈ কান্দিছিল। অপাৰেচন সিন্দূৰৰ পাছৰ ভিডিঅ’ নহয় এইটো।
Fact Check By: Pranjal SharmaResult: False
