পিজ্জা ডেলিভাৰী বয়ৰ ভাইৰেল ভিডিঅ’টো আচলতে এটা প্ৰেংক বা ধেমেলীয়া ভিডিঅ’হে আছিল। 

False Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে ভিডিঅ’টো সত্য। দেখা গৈছে যে এগৰাকী যুৱতীয়ে তেওঁৰ স্কুলীয়া সহপাঠীক এজন পিজ্জা ডেলিভাৰী বয় হিচাপে বাটত লগ পায় আৰু কয় যে তেওঁ ৩০ বছৰীয়া হৈছে আৰু এতিয়া পিজ্জা ডেলিভাৰী বয় হিচাপে কাম কৰি আছে। স্কুলীয়া দিনত সেই যুৱকজনে এই যুৱতীগৰাকীসহিতে অন্য সহপাঠীক প্ৰেৰণামূলক ৰীল প্ৰেৰণ কৰিছিল আৰু আজি নিজেই এইধৰণ কাম কৰি আছে। তেওঁ তেওঁৰ অন্য বন্ধু বান্ধৱীকো সেই দৃশ্যটো প্ৰেৰণ কৰিব বুলি ভিডিঅ’টোত কোৱা শুনা গৈছে। 

Facebook Link Archived Link

আন এগৰাকী ব্যৱহাৰকাৰীয়েও সেয়া সত্য বুলি দাবী কৰি পোষ্ট কৰা দেখা গৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি সেই ভিডিঅ’টো বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন ভাষাত শ্বেয়াৰ হোৱা দেখিলোঁ। তেতিয়াই আমি তাৰ সত্যতা বিচাৰি প্ৰাসংগিক কী-ৱৰ্ড কিছুমান লৈ সন্ধান কৰা আৰম্ভ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম হেণ্ডেলত ভিডিঅ’ এটা পালোঁ। তাত ভাইৰেল ভিডিঅ’টোত থকা যুৱকজনো আছিল। ভাইৰেল ভিডিঅ’টো ৰেকৰ্ডিং কৰা যুৱতীগৰাকীয়ে এইটো ভিডিঅ’ত কৈছে যে সেয়া আচলতে এটা ধেমালি বা প্ৰেংকহে আছিল। তেওঁলোক চাৰিওগৰাকী বন্ধু-বান্ধৱী আৰু তেওঁলোকে ধেমালিতে সেই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিল। যাক ভিডিঅ’টোত ৩০ বছৰীয়া বুলি কোৱা হৈছে তেওঁ আচলতে এগৰাকী ২২বছৰীয়া যুৱকহে।  

আন এটা ইনষ্টাগ্ৰাম পোষ্টত চাৰিওগৰাকী যুৱক-যুৱতীৰ সেই ভিডিঅ’টো আপলোড কৰি কোৱা হৈছে যে কোনো সত্যতা নিৰূপণ নকৰাকৈয়ে সংবাদ মাধ্যমেও সেই ভিডিঅ”টো সত্য বুলি প্ৰচাৰ কৰিছিল। এটা স্ক্ৰিপ্টেড ভিডিঅ’কে সঁচা বুলি মানি লৈছিল। অনুৰূপ ভিডিঅ’ আমি ইয়তো পালোঁ।

ইয়াৰ পাছত আমি আন এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ। তাত সেই যুৱক-যুৱতী চাৰিগৰাকী পাটনাৰ বুলি উল্লেখ কৰা হৈছে আৰু যুৱকজনৰ নামটো তৰুণ সিং আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰা যুৱতীগৰাকীৰ নাম আয়ুসী সিং বুলি উল্লেখ কৰি তেওঁলোকে ধেমালিৰ বাবে স্ক্ৰিপ্টেড ভিডিঅ’ প্ৰস্তুত কৰা বুলি কোৱা হৈছে। 

এই সম্পৰ্কে অধিক তথ্য আহৰণৰ চেষ্টা কৰোতে আমি আন এটা ভিডিঅ’ পালোঁ। তাত সেই ভাইৰেল যুৱকজনক তেওঁৰ বন্ধুৰ সৈতে দেখা গৈছে আৰু কেমেৰাৰ আঁৰৰ পৰা যুৱতীগৰাকীয়ে কৈছে যে এইজনেই সেই ভাইৰেল পিজ্জা ডেলিভাৰী বয়জন আৰু তেওঁলোকে সেই ভিডিঅ’টো ধেমালিৰ বাবেহে কৰিছিল। তেওঁ সঁচাকৈয়ে ডেলিভাৰী বয় নহয়। 

সমান্তৰালভাৱে আমি একেটা ভিডিঅ’ আন এটা ইনষ্টাগ্ৰাম পোষ্টত পালোঁ য’ত আয়ুসী সিঙে বন্ধু তৰুণ সিঙক লৈ ধেমালি কৰি সেই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছিল বুলি উল্লেখ কৰা হৈছে। তেওঁলোকে সেই কথা নিজৰ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলযোগে প্ৰকাশ কৰা বুলি উল্লেখ কৰা হৈছে। 

ইয়াৰে আঁত ধৰি আমি প্ৰথমে আয়ুসী সিঙৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো বিচাৰি উলিয়ালোঁ আৰু জানিব পাৰিলোঁ যে তেওঁ বিহাৰৰ পাটনাৰ এগৰাকী ভ্লগাৰ। আমি তেওঁৰ ইনষ্টাগ্ৰামত তেওঁৰ বন্ধু তৰুণৰ সৈতে তেওঁ প্ৰস্তুত কৰা এটা স্পষ্টীকৰণ ভিডিঅ’ পালোঁ। 

তেওঁ সেই ভিডিঅ’টোত কৈছে যে তেওঁলোক চাৰিও পাটনাৰ কণ্টেণ্ট ক্ৰিয়েটৰ আৰু সেই সন্ধিয়া তেওঁ তেওঁৰ আন তিনিগৰাকী বন্ধুৰ সৈতে ওলাই গৈছিল আৰু ৰখাই থোৱা এখন স্কুটাৰত তেওঁ বন্ধু তৰুণক বহুৱাই ধেমালিতে সেই ভিডিঅ’টো কৰিছিল। তাৰ ভিত্তিতেই অন্য বহুতে ফেক আইডি খুলি লৈ সেই ভিডিঅ’টো সত্যাসত্য নজনাকৈয়ে শ্বেয়াৰ কৰি আছে বুলি কৈ সেই কাম নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সেইটো কেৱল এটা প্ৰেংক ভিডিঅ’ আছিল।

আমি ভাইৰেল ডেৰিভাৰী বয় তৰুণ সিঙৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোও বিচাৰি উলিয়ালো আৰু তাত তেওঁৰ সেই ভাইৰেল ভিডিঅ’টোৰ লগতে সেই ভিডিঅ’টো সন্দৰ্ভত তেওঁ দিয়া স্পষ্টীকৰণ ভিডিঅ’টোও পালোঁ।

স্পষ্টীকৰণ ভিডিঅ’টোত তেওঁ কৈছে যে তেওঁ সঁচাকৈয়ে পিজ্জা ডেলিভাৰী বয় নহয়। তেওঁ অভিনয় কৰি আৰু গান গাই ভালপোৱা এজন যুৱক। সিদিনা সেয়া তেওঁৰ অভিনয়হে আছিল। আমি তৰুণৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই বিষয়ে আমি ইতিপূৰ্বেই লাভ কৰা আন দুটা স্পষ্টীকৰণ ভিডিঅ’ও দেখিলোঁ। তাত আমি তেওঁলোকৰ সেইগৰাকী বান্ধৱী,যিয়ে ভিডিঅ’টোত তৰুণ সৈতে কথা পাতিছিল, তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোৰো সন্ধান পালোঁ। জানিব পাৰিলোঁ যে তেওঁৰ নাম ৰুচিকা।

ফেশ্বন ভ্লগাৰ হিচাপে কাম কৰা ৰুচিকাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই কাণ্ডটোক লৈ এটা ভিডিঅ’ আপলোড কৰি কৈছে যে সেয়া তেওঁলোক চাৰি বন্ধুৰ মাজৰ এক ধেমেলীয়া ভিডিঅ’হে আছিল। তেওঁলোকে ভবা নাছিল যে সেই ভিডিঅ’টোৰ সত্যাসত্য নজনাকৈয়ে যে মানুহে সেইটো শ্বেয়াৰ কৰিব আৰু নিজৰ হেণ্ডেলত আপলোড কৰি কৰি ভাইৰেল কৰি পেলাব। তেওঁ সকলোকে আহ্বান জনায় যে এই বিষয়টো ইমানতে অন্ত পেলাব লাগে। 

সমগ্ৰ ঘটনাটো সন্দৰ্ভত আমি একাধিক সংবাদ মাধ্যমত বাতৰি লাভ কৰিলোঁ। সেই বাতৰিবোৰত লিখা হৈছে যে পাটনাৰ কেইগৰাকীমান যুৱক-যুৱতীয়ে এইদৰে ধেমেলীয়া ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ’টো সমগ্ৰ দেশতেই ভাইৰেল হৈ পৰে। বহুলোকে আৱেগিক হৈ পৰে আৰু যুৱতীগৰাকীক কটু কথা শুনায়। লগতে ডেলিভাৰী বয়ৰ প্ৰতি অনুকম্পা দেখুৱায়। পৰৱৰ্তী সময়ত তেওঁলোকে নিজ নিজ ইনষ্টাগ্ৰাম হেণ্ডেলত এই বিষয়ে স্পষ্টীকৰণ দি কয় যে সেয়া আচলতে এটা প্ৰেংক ভিডিঅ’হে আছিল। তেওঁলোকে ধেমালিৰ বাবেহে সেই ভিডিঅ’টো প্ৰস্তুত কৰিছিল। সেই বাতৰিবোৰ আপোনালোকে ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব। 

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে যিটো ভিডিঅ’ সত্য ঘটনা বুলি ভাবি শ্বেয়াৰ কৰিছে, সেইটো আচলতে এটা প্ৰেংক ভিডিঅ’ বা ধেমেলীয়া ভিডিঅ’হে আছিল। প্ৰকৃততে সেই যুৱকজন ৩০ বছৰীয়া পিজ্জা ডেলিভাৰী বয় নহয়।    

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ সত্য ঘটনা বুলি ভাবি শ্বেয়াৰ কৰিছে, সেইটো আচলতে এটা প্ৰেংক ভিডিঅ’ বা ধেমেলীয়া ভিডিঅ’হে আছিল। প্ৰকৃততে সেই যুৱকজন ৩০ বছৰীয়া পিজ্জা ডেলিভাৰী বয় নহয়।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পিজ্জা ডেলিভাৰী বয়ৰ ভাইৰেল ভিডিঅ’টো আচলতে এটা প্ৰেংক বা ধেমেলীয়া ভিডিঅ’হে আছিল।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *