AI Generated ভিডিঅ’ৰে উত্তৰ প্ৰদেশত যমুনা এক্সপ্ৰেছৱে’ত এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰা বুলি মিছাকৈ দাবী কৰা হৈছে।

False Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য উত্তৰ প্ৰদেশৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন দ্ৰুতবেগী এম্বুলেঞ্চৰ পৰা অক্সিজন লৈ থকা ৰোগী ষ্ট্ৰেছাৰৰে সৈতে ৰাষ্টাত সৰি পৰিছে। ভিডিঅ’টোত টেস্কট ওভাৰলে’(Text Overlay) কৰি হিন্দী আৰু ইংৰাজী ভাষাত লিখা অনুসৰি সেয়া যমুনা এক্সপ্ৰেছৱেক সংঘটিত হোৱা এটা ঘটনা।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি কিছুমান বিসংগতি ধৰা পেলালোঁ। আমি মন কৰিলোঁ যে যিখন এম্বুলেঞ্চৰ পৰা ৰোগীগৰাকী সৰি পৰা দেখুওৱা হৈছে, সেইখনৰ এখন দুৱাৰ নাই। এম্বুলেঞ্চখনত AMBULANCE বানানটোও ওলোটাকৈ লিখা আছে আৰু আখৰবোৰ বিসংগতিপূৰ্ণ। সাধাৰণতে এম্বুলেঞ্চবোৰত সমুখৰ ফালেহে বানানটো ওলোটাকৈ লিখা থাকে, যাতে আগে আগে গৈ থকা বাহনৰ চলকে। ৰিয়াৰভিউ মিৰৰত চিধাকৈ বানানটো পঢ়িব পাৰে। তদুপৰি যিটো গতিক এম্বুলেঞ্চখন গৈ আছে,সেই গতিত গৈ থকা বাহন এখনৰ পৰা এইদৰে যদি ষ্ট্ৰেছাৰৰে সৈতে এগৰাকী ৰোগী সৰি পৰে,তেনেহ’লে তেওঁৰ সৈতে হ’ব পৰা সাম্ভাব্য দুৰ্ঘটনাৰ একোৱেই ঘটা নাই। আনকি তেওঁৰ মুখত লাগি থকা অক্সিজেন মাস্কখন আৰু চেলাইনটোও অক্ষত অৱস্থাত আছে।

সমান্তৰালকৈ আমি মন কৰিলোঁ যে বিপৰীত দিশৰ পৰা আহি থকা গাড়ীবোৰ বিসংগতিপূৰ্ণ। সাধাৰণতে যিধৰণৰ গাড়ী আমি ভাৰতৰ ৰাজপথত দেখোঁ,তেনেকুৱা গাড়ী সেইসমূহ নহয়। সেই গাড়ীবোৰ আকাৰ, প্ৰকাৰ বিসংগতিৰে ভৰা।

ইয়াৰ পৰাই আমাৰ সন্দেহ উপজিল যে সেই ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হ’ব পাৰে। এইবাৰ আমি আমাৰ অনুসন্ধান সেই দিশত আগুৱাই লৈ গ’লোঁ। আমি কেইবাটাও AI detector ৱেবছাইটত এই ভিডিঅ’টো পৰীক্ষা কৰিলোঁ। তেতিয়া সৰহভাগেই ৯৯ শতাংশলৈকে এইটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰিলে। হাইভ মোডাৰেছন আৰু ছাইটইঞ্জিনৰ দৰে নিৰ্ভৰযোগ্য ৱেবছাইচৰ মতে এই ভিডিঅ’টো ৯৯ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

আমি সেই ভিডিঅ’টো কম্বোডিয়াৰ পৰা পৰিচালিত এটা ফেচবুক পেজতো দেখা পালঁ। গতিকে এই দৃশ্য ভাৰতৰ বা উত্তৰ প্ৰদেশৰ বুলি কৰা দাবীটো সম্পূৰ্ণ সত্য নহয় বুলি আমি অনুমান কৰিলোঁ। 

তাৰ পাছত আমি যমুনা এক্সপ্ৰেছৱেত এইদৰে কোনো এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰিছে নেকি, সেই সম্পৰ্কে তথ্যৰ সন্ধান কৰিলোঁ। কিন্তু তেনেকুৱা কোনো তথ্য লাভ নকৰিলোঁ। আনকি দেশৰ কোনো সংবাদ মাধ্যমতেই এই সম্পৰ্কে কোনো বাতৰি আমি লাভ নকৰিলোঁ। যদিও এই ভিডিঅ’টো বিভিন্ন ভাষাত বিভিন্নজনে একেই দাবীৰে আপলোড কৰিছে, কিন্তু কোনো প্ৰতিষ্ঠিত আৰু নিৰ্ভৰযোগ্য সংবাদ মাধ্যমেই ইয়াৰ নিশ্চিতিৰে কোনো বাতৰি প্ৰকাশ আৰু প্ৰচাৰ কৰা নাই। আনকি ভিডিঅ’টোত দাবী কৰা ধৰণে যোগী আদিত্যনাথৰ কাৰ্যকালত উত্তৰ প্ৰদেশত তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা খবৰ আমি লাভ নকৰিলোঁ।

ইয়াৰ পৰাই ক’ব পৰা যায় যে সেই ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’। যমুনা এক্সপ্ৰেছৱে’ত এনেকুৱা ঘটনা ঘটাৰ কোনো তথ্য নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ’। যমুনা এক্সপ্ৰেছৱে’ত এনেকুৱা ঘটনা ঘটাৰ কোনো তথ্য নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated ভিডিঅ’ৰে উত্তৰ প্ৰদেশত যমুনা এক্সপ্ৰেছৱে’ত এম্বুলেঞ্চৰ পৰা ৰোগী সৰি পৰা বুলি মিছাকৈ দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *