
অতি শেহতীয়াকৈ অসমৰ বহুকেইটা ফেচবুক পেজ তথা ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে এজন যুৱকে নিজৰ প্ৰেমিকাৰ ওপৰত ক্ষুব্ধ হৈ প্ৰেমিকাৰ গাঁৱৰ বিজুলী সংযোগ কাটি পেলায়। ফেচবুক পেজ কেইটামানত প্ৰতিবেদন ৰূপত প্ৰকাশ কৰিছে যে যুৱকজনৰ প্ৰেমিকা দীৰ্ঘসময় ধৰি ফোনত ব্যস্ত আছিল আৰু যুৱকজনে প্ৰেমিকাক ফোনত নাপায় খঙতে বিজুলীৰ খুটাৰ ওপৰত উঠি প্ৰেমিকাৰ গাঁৱৰ বিজুলী সংযোগ এইদৰে কাটি দিয়ে। অন্য ব্যৱহাৰকাৰীৰ ভিডিঅ’ পোষ্টতো একেধৰণৰ দাবীয়েই উত্থাপন কৰা হয়।





একেই দাবীৰে কৰা আন ফেচবুক পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ইউটিউৱত @Technicalwork786 নামৰ এটা বিশেষ চেনেলত সেই ভিডিঅ’টো পালোঁ। যোৱা ১৭ জুলাই ২০২৫ত সেই ভিডিঅ’টো আপলোড কৰা হৈছিল।

আমি সেই ইউটিউৱ চেনেলটো পৰীক্ষা কৰি দেখিলোঁ যে তাত বিদ্যুতৰ বিভিন্ন কামকাজৰ ভিডিঅ’ আপলোড কৰা হয়। ২০১১ চনৰে পৰা এইদৰে এই চেনেলটোত বৈদ্যুতিক সা-সজুলিৰ মেৰামতি, বিদ্যুতৰ নতুন সংযোগ, ট্ৰাঞ্চফৰ্মাৰৰ বিভিন্ন কাম আদিৰ ভিডিঅ’ আপলোড কৰি অহা হৈছে। ভাইৰেল হোৱা ভিডিঅ’টোত দেখা যুৱকজনে অন্য বিভিন্ন বৈদ্যুতিক কামকাজ কৰি থকা অন্য বিভিন্ন ভিডিঅ’ আমি চেনেলটোত দেখিলোঁ। সেই ভিডিঅ’ কিছুমান আপোনালোকে ইয়াত,ইয়াত,ইয়াত,ইয়াত চাব পাৰিব।

ইউটিউৱ চেনেলটোতেই আমি এটা ফেচবুক পেজৰ লিংক আৰু এটা ইমেইল আইডিও পালোঁ। আমি ফেচবুক পেজৰ লিংকটো ক্লিক কৰি Technical Work নামৰ পেজটো পালোঁ। পেজটোত আমি অসমৰ বৰপেটা ৰ’ড বুলি লিখি থোৱা দেখিলোঁ।

একেটা ভিডিঅ’ আমি এই পেজটোতো আপলোড কৰি থোৱা দেখা পালোঁ।

ইউটিউৱ চেনেলটো আৰু ফেচবুক পেজটো পৰীক্ষা কৰি আমি নিশ্চিত হ’লোঁ যে ভাইৰেল হোৱা ভিডিঅ’টোৰ উত্স হৈছে এই টেকনিকেল ৱৰ্কছ নামৰ গোটটো। তেওঁলোকেই এইদৰে বিভিন্ন বৈদ্যুতিক কামকাজ কৰে আৰু তাৰে ভিডিঅ’ আপলোড কৰে।
ইয়াৰ পাছত আমি চেনেলটো আৰু পেজটো থকা ইমেইল আইডিটোৰ জৰিয়তে চেনেল আৰু পেজৰ পৰিচালকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ। লগতে আমি ফেচবুক মেছেঞ্জাৰৰ জৰিয়তেও যোগাযোগ স্থাপন কৰিলোঁ। আমাৰ মেছেজৰ প্ৰতি সহাৰি জনাই এই চেনেলটো আৰু পেজটোৰ মূল ব্যক্তি জাহিদুল ইছলামে আমাক তেওঁৰ যোগাযোগ নম্বৰটো প্ৰদান কৰে। সেই নম্বৰত ফোন কৰি আমি জাহিদুল ইছলাৰ সৈতে এই নিৰ্দিষ্ট ভাইৰেল ভিডিঅ’ সম্পৰ্কত কথা পাতিলোঁ। তেওঁ আমাক জানিবলৈ দিয়ে যে তেওঁলোক হৈছে ঠিকাদাৰৰ অধীনত বিদ্যুতৰ কাম কৰা এটা বিশেষ শ্ৰমিক দল। তেওঁলোকৰ মূল ঘৰ বৰপেটা ৰ’ডত। দীৰ্ঘদিনে তেওঁলোকে এইদৰে কাম কৰি আহিছে আৰু তেওঁলোকৰ কামৰ ভিডিঅ’বোৰ দৰ্শকৰ বাবে আপলোড কৰি আহিছে। ভাইৰেল হোৱা ভিডিঅ’টোও তেনেকুৱা এটা ভিডিঅ’। তেওঁৰেই সহকৰ্মী আনোৱাৰ হুছেইনে অলপতে বাক্সা জিলাৰ মুছলপুৰ পাৰ হৈ গৈ নিকাচিৰ সমীপৰে কুঁৱৰীচ’ক নামৰ ঠাইখিনিত বিদ্যুতৰ পুৰণি তাঁৰ সলনি কৰি নতুন তাৰ সংযোগ কৰাৰ সময়ত লোৱা ভিডিঅ’টো এইদৰে মিছা এক কাহিনীৰে প্ৰচাৰ কৰা হৈছে। সেই কাৰ্যই আনোৱাৰৰ লগতে তেওঁলোক আটাইকে যথেষ্ট মনোকষ্ট দিছে বুলি তেওঁ আমাৰ আগত দুখ প্ৰকাশ কৰে। প্ৰেমিকাই ফোন নধৰা কাৰণে প্ৰেমিকাৰ গাঁৱৰ তাঁৰ কাটি দিয়া বুলি মিছাকৈ প্ৰচাৰ হৈ থকা বাবে আনকি আনোৱাৰৰ ব্যক্তিগত জীৱনতো যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা বুলি আমি জানিব পাৰিলোঁ। জাহিদুলে আমাৰ হোৱাটছএপৰ জৰিয়তে তেওঁলোকৰ সতীৰ্থবৃন্দৰ ফটোৰ লগতে মিছা কাহিনীৰে ভাইৰেল হোৱা আনোৱাৰ হুছেইনৰ ফটোও প্ৰেৰণ কৰে। সেই ফটো আপোনালোকে তলত চাব পাৰিব।

ইয়াৰ পৰাই নিশ্চিত যে যিটো ভিডিঅ’ প্ৰেমিকাই ফোন নধৰা বাবে ক্ষুব্ধ হৈ প্ৰেমিকে প্ৰেমিকাৰ গাঁৱৰ বিদ্যুতৰ তাঁৰ কাটি দিয়া বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে এজন বিদ্যুতৰ কৰ্মীয়ে স্বাভাৱিকভাৱে কাম কৰি থকা ভিডিঅ’হে। প্ৰেমিক প্ৰেমিকাৰ কাহিনী বুলি কৰা প্ৰচাৰটো আচলতে ভুৱা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। প্ৰেমিকাই ফোন নধৰা বাবে প্ৰেমিকে প্ৰেমিকাৰ গাঁৱৰ বিদ্যুতৰ তাঁৰ কাটি দিয়া বুলি প্ৰচাৰ কৰা ভিডিঅ’টো আচলতে এজন বিদ্যুতৰ কৰ্মীয়ে স্বাভাৱিকভাৱে কাম কৰি থকা ভিডিঅ’হে। প্ৰেমিক প্ৰেমিকাৰ কাহিনী বুলি কৰা প্ৰচাৰটো আচলতে ভুৱা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মিছা। প্ৰেমিকাৰ ফোন নাপাই বিজুলী কাটি দিয়া নাছিল। কাম হে কৰি আছিল।
Fact Check By: Pranjal SharmaResult: False
