২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৫,০৪,৩১৩টা অতিৰিক্ত ভোট গণনা কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে। 

Misleading Social

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পোষ্টত এটা দাবী উত্থাপন কৰা হৈছে যে মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনত ভোট গণনাত মুঠ ভোটতকৈ ৫,০৪,৩১৩টা অতিৰিক্ত ভোট ওলাইছিল। সেই দাবীৰে ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰাৰ উপৰিও অন্য পোষ্টো কৰা দেখা গৈছে।

Facebook Link Archived Link

একেই দাবীৰে কৰা একাধিক পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা টুইট পালোঁ। ২০২৪ চনৰ ২৬ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াই (চি ই অ’) তেওঁলোকৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টৰ জৰিয়তে ভাইৰেল দাবী সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰা আমি দেখিলোঁ।

এই দাবী দেশৰ আগশাৰীৰ সংবাদ প্ৰতিস্থান দ্য ৱায়াৰে প্ৰথমে উত্থাপন কৰিছিল বাবে সেই প্ৰতিস্থানক উদ্দেশ্যি দিয়া স্পষ্টীকৰণ মতে ইভিএম ব্যৱহাৰ কৰা ২৮৮টা বিধানসভা সমষ্টিত মুঠ ভোটৰ সংখ্যা আছিল ৬,৪০,৮৮,১৯৫টা। কিন্তু ৫,৩৮,২২৫ টা বৈধ ডাক বেলট( valid postal ballot) এই সংখ্যাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। ইভিএমৰ ভোট গণনাত ডাক বেলট যোগ কৰিলে মুঠ ভোটৰ সংখ্যা ৬,৪৬,২৬,৪২০ হয়। গণনাৰ দিনটোত ডাক বেলটকে ধৰি মুঠ ভোট গণনা কৰা হৈছে ৬,৪৫,৯২,৫০৮টা। সেয়েহে গণনা কৰা মুঠ ভোট ভোটদান কৰা মুঠ ভোটতকৈ বেছি নহয়।

ইয়াৰ সত্যাসত্য নিৰূপণৰ বাবে আমি ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ কৰা মুঠ ভোটৰ সন্দৰ্ভত ২০২৪ চনৰ ২২ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্য পৰীক্ষা কৰিলোঁ। এই তথ্য অনুসৰি মহাৰাষ্ট্ৰত ইভিএম ব্যৱহাৰ কৰি ২৮৮টা বিধানসভা সমষ্টিৰ আটাইকেইটাতে মুঠ ভোটৰ সংখ্যা ৬,৪০,৮৮,১৯৫টা, মুঠ ভোটদানৰ শতাংশ ৬৬.০৫%। ইয়াৰ পৰা স্পষ্ট হয় যে মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰকাশ কৰা তথ্যক ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ সংখ্যা হিচাপে ডাক বেলট বাদ দি ভুলকৈ উপস্থাপন কৰা হৈছিল।

আষ্টী আৰু ওছমানবাদ বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰাতকৈ ক্ৰমে ৪৫৩৮ আৰু ৪১৫৫টা ভোট অধিক ভোট গণনা কৰা বুলি দাবী সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আষ্টী বিধানসভা সমষ্টিত ইভিএমত ভোটগ্ৰহণ কৰা মুঠ ভোট ২,৮২,২৪৬ আৰু মুঠ ডাক বেলট ভোটৰ সংখ্যা আছিল ৫,০১৩, ইয়াৰে ৪৭৫ টা ভোটা অবৈধ ঘোষণা/প্ৰত্যাখ্যান কৰা হৈছিল। ইয়াৰ লগে লগে মুঠ বৈধ ডাক ভোটৰ সংখ্যা ৪৫৩৮টালৈ বৃদ্ধি পায়। ভাইৰেল দাবীটোত এই ডাক ভোটক অতিৰিক্ত ভোট বুলি ভুলকৈ আখ্যা দিয়া হৈছে। বাস্তৱত ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটগ্ৰহণ কৰা মুঠ ভোটৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্যত এই ডাক ভোটসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। একেদৰে ওছমানবাদ বিধানসভা সমষ্টিত ইভিএমত মুঠ ভোটৰ সংখ্যা ২,৩৮,৮৪০, আৰু ডাক বেলটৰ মুঠ ভোট ৪,৩৩০, ইয়াৰে ১৭৫টা অবৈধ ঘোষণা/প্ৰত্যাখ্যান কৰা হৈছিল। ইয়াৰ লগে লগে মুঠ বৈধ ডাক ভোটৰ সংখ্যা ৪,১৫৫টালৈ বৃদ্ধি পায়।

ইয়াৰ সত্যতা নিশ্চিত কৰিবলৈ আমি নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশিত ২৩১ নং আষ্টী আৰু ২৪২ নং ওছমানবাদ বিধানসভা সমষ্টিৰ ফলাফল পৰীক্ষা কৰিলোঁ, য’ত ইভিএমৰ বিভাজন আৰু ডাক ভোট গণনাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হৈছে। এই তথ্য অনুসৰি আষ্টী বিধানসভা সমষ্টিত ক্ৰমে ২,৮২,২৪৬ ইভিএম ভোট আৰু ৪,৫৩৮ টা ডাক ভোট গণনা কৰা হৈছে। ওছমানবাদ বিধানসভা সমষ্টিত ক্ৰমে ২,৩৮,৮৪০ ইভিএম ভোট আৰু ৪,১৫৫ টা ডাক ভোট গণনা কৰা হয়। ফলাফলত উল্লেখ কৰা অনুসৰি এই দুটা সমষ্টিত গণনা কৰা ইভিএমৰ মুঠ ভোটৰ সংখ্যা ২০২৪ চনৰ ২২ নৱেম্বৰত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰকাশ কৰা পূৰ্বৰ তথ্যৰ সৈতে মিল খায়, য’ত কোৱা হৈছে যে ২,৮২,২৪৬টা ভোট আষ্টী বিধানসভা সমষ্টিত ভোটগ্ৰহণ কৰা হয় আৰু ওছমানবাদ বিধানসভা সমষ্টিত ২,৩৮,৮৪০ টা ভোটগ্ৰহণ কৰা হয়। ইয়াৰ পৰা স্পষ্ট যে ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত সৰ্বমুঠ ভোট সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই প্ৰকাশ কৰা পূর্বে তথ্যত অন্তর্ভুক্ত নোহোৱা ডাক বেলটৰ ভোটক এই দুটা সমষ্টিত অতিৰিক্ত ভোট বুলি ভুলকৈ প্রতিবেদন প্ৰস্তুত কৰা হৈছিল৷

কেইটামান বিধানসভা সমষ্টিত কম সংখ্যক ভোট গণনাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াই তলত দিয়া ব্যাখ্যা আগবঢ়াইছিল।

কোৱা হৈছিলঃ- যদিহে ভোটগ্ৰহণ প্ৰকৃততে আৰম্ভ হোৱাৰ আগতে ভোটগ্ৰহণ কেন্দ্ৰৰ নিয়ন্ত্ৰণ ইউনিটৰ পৰা মক পল ডাটা ক্লিয়াৰ কৰা হোৱা নাছিল বা নিয়ন্ত্ৰণ ইউনিটৰ ডিছপ্লে পেনেলত ফলাফল প্ৰদৰ্শিত নহয়  অথবা যদি প্ৰপত্ৰ ১৭চিত ৰিপৰ্ট কৰা তথ্য আৰু ইভিএমত ৰেকৰ্ড কৰা ভোটৰ ক্ষেত্ৰত টাইপিং ভুলৰ বাবে কোনো মিল নাথাকে তেন্তে ইভিএম গণনা গ্ৰহণ কৰা নহয়।

এনে ক্ষেত্ৰত যিহেতু এই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণ কৰা মুঠ ভোটতকৈ জয়ৰ ব্যৱধান বেছি আছিল, সেয়েহে ১৯.০৭.২০২৩ তাৰিখৰ নিৰ্বাচন আয়োগৰ পত্ৰৰ দফা নং ৭(iv)(b)ত থকা নিৰ্দেশনা অনুসৰি এই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিভিপিএটি স্লিপৰ গণনা কৰা হোৱা নাছিল । 

নিৰ্বাচন কৰ্তব্যৰ প্ৰমাণ পত্ৰ(Election’ Duty Certificate) ভোট কৰ্তব্যত থকা ভোটগ্ৰহণ বিষয়াসকলক প্ৰদান কৰা হয় যিসকল একেটা বিধানসভা সমষ্টিৰ ভোটাৰ কিন্তু তথ্য প্ৰৱেশ কৰাৰ সময়ত ইডিচি (নিৰ্বাচনৰ কৰ্তব্যৰ প্ৰমাণ পত্ৰ) ভোটৰ সংখ্যা অন্তৰ্ভুক্ত কৰা নহয়। 

দ্বিতীয়তে একেটা বিধানসভা সমষ্টিতে ভোটাৰ হোৱা ভোটগ্ৰহণ বিষয়াক নিৰ্বাচনী কৰ্তব্যৰ প্ৰমাণ পত্ৰ (ইডিচি) প্ৰদান কৰা হয়। কিন্তু তথ্য প্ৰৱেশৰ সময়ত ইডিচিৰ ভোটৰ সংখ্যা অন্তৰ্ভুক্ত কৰা হোৱা নহয়।

মুখ্য কাৰ্যবাহী বিষয়া, মহাৰাষ্ট্ৰৰ স্পষ্টীকৰণত উল্লেখ কৰা ১৯ জুলাই ২০২৩ চনৰ প্ৰাসংগিক পত্ৰখন ইয়াত পঢ়িব পাৰিব।

দেশত ভাইৰেল হোৱা এই পোষ্টবোৰৰ উৎস ‘দ্য ৱায়াৰ’ৰ লেখাটো পাছত আপডেট কৰা হয়। আপডেট কৰা প্ৰবন্ধটোত সম্পাদকৰ টোকা অন্তৰ্ভুক্ত কৰা হৈছিল য’ত লিখা আছিল যে পূৰ্বৰ প্ৰতিবেদনত ডাক বেলটৰ তথ্যৰ হিচাপ দিয়া হোৱা নাছিল। সম্পাদকৰ টোকাটোত লিখা আছে: “এই প্ৰতিবেদনৰ পূৰ্বৰ সংস্কৰণত ডাকযোগে দিয়া ভোটৰ হিচাপ দিয়া হোৱা নাছিল। পাছত শুদ্ধ হিচাপ-নিকাচেৰে লেখাটো আপডেট কৰা হ’ল। প্ৰাৰম্ভিক ভুলৰ বাবে দুঃখিত।”

এইসমুহ তথ্যৰ পৰা ক’ব পাৰি যে মহাৰাষ্ট্ৰৰ মুখ্য নিৰ্বাচনী বিষয়াই স্পষ্ট কৰি দিয়ে যে ইভিএমৰ জৰিয়তে ৬,৪০,৮৮,১৯৫টা আৰু ডাক বেলটৰ জৰিয়তে ৫,৩৮,২২৫টা ভোট লাভ কৰা হৈছে, যাৰ ফলত মুঠ ভোটদান ৬,৪৬,২৬,৪২০ হৈছে। ডাক বেলটকে ধৰি মুঠ ভোট গণনা কৰা হৈছে ৬,৪৫,৯২,৫০৮টা, যিটো মুঠ ভোটদানতকৈ কম। আষ্টী আৰু ওছমানবাদ সমষ্টিৰ বৈধ ডাক বেলটৰ ভোটক অতিৰিক্ত ভোট বুলি ভুলকৈ দাঙি ধৰা হৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।  ইভিএমৰ জৰিয়তে ৬,৪০,৮৮,১৯৫টা আৰু ডাক বেলটৰ জৰিয়তে ৫,৩৮,২২৫টা ভোট লাভ কৰা হৈছিল, যাৰ ফলত মুঠ ভোটদান ৬,৪৬,২৬,৪২০ হৈছিল। ডাক বেলটক ধৰি মুঠ ভোট গণনা কৰা হৈছে ৬,৪৫,৯২,৫০৮টা, যিটো মুঠ ভোটদানতকৈ কম। আষ্টী আৰু ওছমানবাদ সমষ্টিৰ বৈধ ডাক বেলটৰ ভোটক অতিৰিক্ত ভোট বুলি ভুলকৈ দাঙি ধৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৫,০৪,৩১৩টা অতিৰিক্ত ভোট গণনা কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *