ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

Misleading Social

ম্যানমাৰত শেহতীয়াকৈ হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক হস্পিতালৰ এটা ৱাৰ্ডৰ ভূমিকম্পৰ সময়ৰ  চিচিটিভি ফুটেজ দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ ভূমিকম্পৰ সময়ত এগৰাকী নাৰ্ছে নৱজাতক এটিক কোচত লৈ মজিয়াত আঁঠু কাঢ়ি বহি পৰিছে আৰু আন এগৰাকী নাৰ্ছে আন কেইটিমান নৱজাতকৰ বিছনাকেইখন স্থিৰে ৰাখিবলৈ চেষ্টা কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে সেয়া ম্যানমাৰৰ ভূমিকম্পৰ সময়ত ম্যানমাৰৰ কোনো এক হস্পিতালৰ প্ৰসূতি আৰু শিশু ৱাৰ্ডৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া বিবিচিত যোৱা ৩১ মাৰ্চত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি ভিডিঅ’টো চীনৰ এখন চহৰ ৰুইলিৰ এখন হস্পিতালৰ। চহৰখন চীন-ম্যানমাৰ সীমান্তৰ ওচৰত অৱস্থিত। ম্যানমাৰত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ সময়ত নাৰ্ছ দুগৰাকীয়ে এইদৰে নৱজাতককেইটিক সুৰক্ষা প্ৰদান কৰা দেখা গৈছিল।

অনুগ্রহ কৰি ইয়াত পঢ়ক। Archived Link.

বিবিচি নিউজৰ অফিচিয়েল ইউটিউবত এই ভিডিঅ’টো ২০২৫ চনৰ ৩১ মাৰ্চত আপলোড কৰা হৈছিল আৰু বাতৰিটোত উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’টো ম্যানমাৰৰ ভূমিকম্পৰ সময়ত চীনৰ এখন হস্পিতালৰ।

একে ভিডিঅ’ ইউ এছ এ টুডেৰ ইউটিউব চেনেলতো আমি পালোঁ। তাতো উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো চীনৰ।

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ম্যানমাৰৰ নহয় বৰং চীনৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ৰ যদিও দৃশ্যটো প্ৰকৃততে চীনৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *