
নেপালৰ শেহতীয়া পৰিস্থিতি বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে অজস্ৰ লোক কোনো এক চৌহদৰ বাহিৰত একত্ৰিত হৈ চৌহদটোৰ লোহাৰ গেট আৰু জেওৰা ভাঙিবলৈ চেষ্টা কৰিছে। চৌহদৰ ভিতৰত পুলিচ বাহিনী ঢাল লৈ সাজু হৈ থকা দেখা গৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ভিডিঅ’টো ভালদৰে লক্ষ্য কৰি আমি দেখিলোঁ যে আৰক্ষীয়ে লৈ থকা ঢালবোৰত “Polisi” বুলি লিখা আছিল। আমি জানিব পাৰিলোঁ যে ইংৰাজী “Police” শব্দটো ইন্দোনেছিয়ান ভাষাত “Polisi” বুলি কোৱা হয়। গতিকে এই ভিডিঅ’টো ইন্দোনেছিয়াৰ হ’ব পাৰে বুলি আমি অনুমান কৰিলোঁ।

এইবাৰ আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৩১ আগষ্টৰ এটা ফেচবুক পোষ্টত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল যে সেয়া ইন্দোনেছিয়াত হোৱা প্ৰতিবাদৰ দৃশ্য।

নেপালৰ প্ৰতিবাদ আৰম্ভ হৈছিল যোৱা ৮ ছেপ্টেম্বৰত, গতিকে এই ভিডিঅ’টো নেপালৰ শেহতীয়া পৰিস্থিতিৰ আগৰেই বুলি আমি নিশ্চিত হ’লোঁ।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Tribun Bengkulu নামৰ এটা ইউটিউব চেনেলত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা দৃশ্য (অন্য দিশৰ পৰা ৰেকৰ্ড কৰা) আমি দেখা পালোঁ। ভিডিঅ’টোৰ বিৱৰণ অনুসৰি যোৱা ২৯ আগষ্টত ইন্দোনেছিয়াৰ বেংকুলুত “বেংকুলু প্ৰভিঞ্চিয়েল ডিপিআৰডি বিল্ডিঙ”ৰ সন্মুখত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিশেষ আঠটা দাবী মানি লোৱাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল (The shouts of student orators echoed in front of the Bengkulu Provincial DPRD Building, Friday (29/8/2025), before finally the iron fence that fortified the parliament collapsed under the onslaught of the protesters. Thousands of students from various campuses forced their way in, demanding eight key points in their demands. From the observation of TribunBengkulu.com Reporters in the field, the protesters broke through the DPRD building fence and the action began to heat up, throwing things at the police guarding the people’s representative building. It is known that students from various campuses in Bengkulu stormed the Bengkulu Provincial DPRD building, bringing eight demands, Friday (29/8/2025)।
ইউটিউবত ভিডিঅ’টো আৰু ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ তুলনা তলত চাব পাৰিব।

ইন্দোনেছিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে ইয়াত পঢ়িব পাৰিব।
একেধৰণৰ প্ৰতিবেদন আৰু ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো নেপালৰ শেহতীয়া পৰিস্থিতিৰ নহয় বৰং ইন্দোনেছিয়াৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো নেপালৰ শেহতীয়া পৰিস্থিতিৰ নহয়। এই ভিডিঅ’টো যোৱা ২৯ আগষ্টত ইন্দোনেছিয়াৰ বেংকুলুত বিভিন্ন ছাত্ৰ সংগঠনে কৰা প্ৰতিবাদী কাৰ্যসূচীৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:যোৱা আগষ্টত ইন্দোনেছিয়াৰ বেংকুলুত হোৱা প্ৰতিবাদৰ দৃশ্য নেপালৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: False
