
শেহতীয়াকৈ কেইগৰাকীমান মহিলাই নিজৰ বোৰ্খা খুলি দলিয়াই পেলোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এইসকল ইৰাণৰ মহিলা আৰু তেওঁলোকে এইদৰে বোৰ্খা আৰু হিজাব দলিয়াই পেলাইছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি adela.xia নামৰ এটা ইনষ্টাগ্ৰাম হেণ্ডলত ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ৭ ছেপ্তেম্বৰত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোত ফ্ৰেন্স ভাষাত এটা টেক্সট অভাৰলে’ আছিল যাৰ অসমীয়া অনুবাদ এনেধৰণৰ, “বেষ্টিলত আমি সেই প্ৰতীকটো আঁতৰাই দিলোঁ যিয়ে লাখ লাখ মহিলাক অদৃশ্যতালৈ হ্ৰাস কৰিছিল”।
একেটা ইনষ্টাগ্ৰাম হেণ্ডলত ভাইৰেল ভিডিঅ’ৰ সৈতে মিল থকা আন এটা ভিডিঅ’ (অন্য দিশৰ পৰা ৰেকৰ্ড কৰা) আমি পালোঁ।

ভিডিঅ’টোৰ ইংৰাজী কেপশ্বনৰ অনুবাদ এনেধৰণৰ, “প্লেচ ডি লা বেষ্টিলৰ সন্মুখত সমবেত হয় প্ৰাক্তন মুছলমানসকল। (Former Muslims gather in front of the Place de la Bastille.)
এই ইনষ্টাগ্ৰাম হেণ্ডলটোৰ গৰাকীয়ে Bio অংশত ফ্ৰেন্স ভাষাত লিখা পৰিচয়ৰ অসমীয়া অনুবাদ এনেধৰণৰ, “মই এজন প্ৰাক্তন মুছলমান; মই বৈষম্যৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু মানৱ অধিকাৰ, মুক্তি, আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰো।”
ভিডিঅ’টোত থকা মহিলাসকলৰ ভিতৰত এই ইনষ্টাগ্ৰাম হেণ্ডলটোৰ গৰাকীও আছিল।

ইনষ্টাগ্ৰাম পোষ্টটোত Place de la Bestille বুলি উল্লেখ কৰা হৈছিল। আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু ভাইৰেল ভিডিঅ’টোত দেখা পোৱা ঠাইডোখৰ পেৰিছ চহৰৰ বুলি জানিব পাৰিলোঁ। ভিডিঅ’টোত দেখা পোৱা স্তম্ভটো হ’ল July Column যি জুলাই বিপ্লৱৰ পৰিঘটনাৰ স্মৰণত নিৰ্মিত।
ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বট আৰু গুগল মেপৰ ফটোৰ মাজত তুলনা তলত চাব পাৰিব।

আমি এই বিষয়ে অধিক জানিবলৈ ইনষ্টাগ্ৰাম হেণ্ডলটোৰ গৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ পৰা সঁহাৰি পালে আমি ইয়াত আপডেট কৰিম।
আমি পুনৰ অনুসন্ধান কৰি এটা ফেচবুক প্ৰফাইলত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কিছুমান ফটো পালোঁ আৰু লগতে ফেচবুক প্ৰফাইলৰ গৰাকীজনৰো ফটো দেখিলোঁ ভাইৰেল ভিডিঅ’টোত থকা মহিলাসকলৰ লগত।

আমি সেই ব্যক্তিজনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁ আমাক জনায় যে ভিডিঅ’টো পেৰিছৰ আৰু মহিলাসকল আলজেৰিয়া আৰু মৰক্কোৰ। তেওঁলোকে ইছলাম ধৰ্ম পৰিত্যাগ কৰি এইদৰে বোৰ্খা আঁতৰাই পেলাইছিল।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ সৈতে সম্পৰ্কিত নহয়। ভিডিঅ’টোত দেখা মহিলাসকল আলজেৰিয়া আৰু মৰক্কোৰ; তেওঁলোকে ইছলাম ধৰ্ম পৰিত্যাগ কৰি পেৰিছত এইদৰে বোৰ্খা আঁতৰাই পেলাইছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:পেৰিছৰ অপ্ৰাসংগিক ভিডিঅ’ ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Fact Crescendo TeamResult: Misleading


