চত্তগ্ৰামৰ ৭ মাহ পুৰণি এক ঘটনাত জ্বলি যোৱা বুদ্ধৰ মুৰ্তিৰ ফটো শেহতীয়া এক ঘটনাৰ সৈতে সাঙুৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

Partly-False Social

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাংলাদেশৰ চিতাগঙৰ খাগ্ৰাচাৰীৰ দিঘীনালা বজাৰত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সম্পৰ্কত এক পোষ্ট দি তাত এটা ভিডিঅ’ আৰু এখন ফটো সংলগ্ন কৰে। পোষ্টটোৰে দাবী কৰা হৈছে যে সেই ভিডিঅ’টো উল্লেখ কৰা ঘটনাটোৰ সময়ৰ আৰু ফটোখনো সেই সময়ৰে। পোষ্টটোত লিখিছে- #মুছলমানৰ_আচল_ৰূপ চাওকচোন , কিমান #জঘণ্য #বাংলাদেশৰ চিতাগঙৰ খাগ্ৰাচাৰীৰ দিঘীনালা বজাৰত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ লোকৰ ওপৰত #মুছলমানৰ_অত্যাচাৰ। ভাৰতত মুছলমানে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ধৰ্মনিৰপেক্ষতাৰ কথা কৈ হিন্দুক ঠগাই আছে

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdpvv_L_WaJWT8TY7osmnJTupL-7mJFGjp1q2V9TBgbLkXAB2XXQiPJDmfGQzyDnLyllmgeKb0DOL7uOPtayioYKcDMNw5kqLgW0s2atZiKliunHadFT66GnP73wf8iR4c0dvQ9OR0N-v9XF_FAVKL8euuS?key=hMyvgR5x62u-2PRAvn7K_A

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো পৰীক্ষা কৰিলোঁ। ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে আমি বিভিন্ন বাতৰি আৰু আনুসংগিক ভিডিঅ’ লাভ কৰিলোঁ, যিয়ে প্ৰমান কৰিলে যে সেই ভিডিঅ’টো সেই সময়ৰ সেই ঘটনাৰ হয়। ইয়াৰ অৰ্থ হৈছে যে পোষ্টটোত ব্যৱহাৰ কৰা ভিডিঅ’টো মিছা নহয়। 

ইয়াৰ পাছত আমি তাত ব্যৱহাৰ কৰা জ্বলি যোৱা বুদ্ধৰ মুৰ্তিটোৰ ফটোখনৰ সত্যতা নিৰূপণ কৰাৰ বাবে অনুসন্ধান আৰম্ভ কৰি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। প্ৰথমে আমি লাভ কৰা International Buddhist Tv ৰ ফেচবুক পোষ্টটো চালোঁ। সেই পোষ্টটো দিয়া হৈছিল ২০২৪ চনৰ ১০ জানুৱাৰীত। তাৰ অৰ্থ হৈছে ফটোখন এতিয়াৰ পৰা প্ৰায় ৭ মাহ আগৰ। সেই ফেচবুক পোষ্টটো মতে যোৱা ৬ জানুৱাৰীত নিশাৰ অন্ধকাৰত ৰাংগুনিয়া শৰণংকৰ ভিক্ষুৰ মন্দিৰ জ্ঞানশৰণ মহাৰণ্য বৌদ্ধ বিহাৰত অগ্নিসংযোগৰ এক ঘটনা ঘটিছিল। সেই ফটো তেতিয়াৰ। সেই বৌদ্ধ ভিক্ষুৰ মন্দিৰটোত থকা বুদ্ধৰ মুৰ্তিৰ জ্বলি যোৱা ফটো সেয়া। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfrVtFOQyC183O7KpmTnYqtV-o4nisOHK8mQY_JC7CQLCOq7CP9bDctk3Y3LLP6OpSCf8XZD1LuoDzzNbEbVnUF9VZlvLKN7UqcCw55W7pNEih2IvOW6EkTk6qiYPABTqhx0ELMF-UkKSNsGSW7Gj3LKgb0?key=hMyvgR5x62u-2PRAvn7K_A

Facebook Post Archived Link

ইয়াৰ পাছত আমি দেখিলোঁ যে সেই ঘটনাটো সম্পৰ্কত একাধিক বাতৰি প্ৰকাশ পাইছিল। হিন্দু পোষ্ট নামৰ ৱেবচাইটটোত যোৱা ১০ জানুৱাৰীত সেই একেই ফটো ব্যৱহাৰ কৰি প্ৰকাশ কৰা বাতৰিত সেই ঘটনাটোৰ সবিশেষ লিখা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXekr6jjO43rXbdyU7jrB9ug5F5ukBnlkqqK28gHebgE1j6zVDcyDQJmIlyuXhtCPBD8UtmcQfRryF6NPe_jGFxiknEOT12hGTl5C3mgcQ0bcnEo0F3nzb8SVqsj_hLxAvvM_fKQojx42UdHCPIJmsuksGk?key=hMyvgR5x62u-2PRAvn7K_A

Archived Link

তদুপৰি হিন্দু ভইছ নামৰ ৱেবচাইটটোত একেটা ঘটনা সম্পৰ্কত যোৱা ১২ জানুৱাৰীত প্ৰকাশ কৰা বাতৰিটোতো সেই একেখন ফটোকে প্ৰকাশ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfXr40CtG72h6cq_u5XVG7meNbtDiDEMv3CnH91hDNQQn13zYjWykQHBLtzKzDLufCVzo3Jz8gCCMC8VlBUcwLbUYaFdjdYemQEpLkjNBZb130xB6XUwic-J3wQOnvwjZ3xMQ68g6gzGneb3UOtPiyub8E?key=hMyvgR5x62u-2PRAvn7K_A

Archived Link

এইখিনি তথ্য প্ৰমানে স্পষ্ট কৰিছে যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে অতি শেহতীয়া ঘটনা এটাৰ লগত সংগতি ৰাখি আপলোড কৰা জ্বলি যোৱা বুদ্ধৰ মুৰ্তিটোৰ ফটোখন আজিৰ পৰা প্ৰায় ৭ মাহ পুৰণি এটা ঘটনাৰ ফটো। চত্তগ্ৰামৰ শেহতীয়া ঘটনাৰ সৈতে সেই ফটোখনৰ কোনো সম্পৰ্ক নাই। গতিকে ফটো আৰু ভিডিঅ’ ব্যৱহাৰ কৰি ফেচবুকত কৰা দাবীটো আংশিকভাৱে মিছা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো আংশিকভাৱে মিছা। জ্বলি যোৱা বুদ্ধৰ মুৰ্তিটোৰ ফটোখন আজিৰ পৰা প্ৰায় ৭ মাহ পুৰণি এটা ঘটনাৰ ফটো। চত্তগ্ৰামৰ শেহতীয়া ঘটনাৰ সৈতে সেই ফটোখনৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চত্তগ্ৰামৰ ৭ মাহ পুৰণি এক ঘটনাত জ্বলি যোৱা বুদ্ধৰ মুৰ্তিৰ ফটো শেহতীয়া এক ঘটনাৰ সৈতে সাঙুৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *