
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন চেলুনৰ এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এজন গ্ৰাহকে নাপিতৰ পৰা মালিচ লৈছে, আৰু মূৰৰ মালিচৰ কিছু সময়ৰ পাছত গ্ৰাহকজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে।
ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “আপুনি চেলুনত মালিচ লয় নেকি ? যদি লয়, তেন্তে সাৱধান হওঁক আপুনি !”
একেটা ভিডিঅ’ আমি ইয়াতো পালোঁ। Archived Link
কিন্তু সঁচাকৈয়ে এইদৰে গ্ৰাহকজন পক্ষাঘাতগ্ৰস্ত হৈছিলনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৪ চনৰ ১১ নৱেম্বৰৰ এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল। পোষ্টটোৰ কেপশ্বনত লিখা আছিল যে ভিডিঅ’টো স্ক্ৰীপ্টেড (চিত্ৰনাট্যযুক্ত) আৰু মনোৰঞ্জনৰ উদ্দেশ্যে কোনোৱে শ্বেয়াৰ কৰিছে।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ফেচবুক প্ৰ’ফাইলত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা ২০২৪ চনৰ ১২ নৱেম্বৰত আপলোড হোৱা দেখিলোঁ। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে, “Never allow barber to twist head during message. It could lead to paralysis or death. Watch till end & be careful”(মালিচৰ সময়ত নাপিতক এইদৰে কেতিয়াও মূৰ পকাই দিবলৈ নিদিব, ইয়াৰ ফলত পক্ষাঘাত বা মৃত্যু হ’ব পাৰে। শেষলৈকে চাওক আৰু সাৱধান হওক)।
Facebook Link | Archived Link.
এই ভিডিঅ’টোৰ শেষত এটা ডিচক্লেইমাৰ আছিল- “ৰিল লাইফ ভিডিঅ’ ফুটেজবোৰ কেৱল জনসাধাৰণক বাস্তৱ জগতৰ পৰিস্থিতি কেনেকুৱা হ’ব সেই কথা বুজাই শিক্ষিত কৰাৰ উদ্দেশ্যেৰে প্ৰকাশ কৰা হৈছে আৰু জনসাধাৰণক শিক্ষিত কৰিবলৈ চিত্ৰায়ন কৰা হৈছে। এই ভিডিঅ’টোৰ চৰিত্ৰবোৰ মনোৰঞ্জন আৰু শিক্ষাৰ উদ্দেশ্যেহে” (The reel life video footage published only for the purpose of educating the public by making them understand how the real world situations will be.and picturized to educate public. Characters in this video are entertainment and education purpose)।
ইয়াৰ পাছত আমি এই একেটা ভিডিঅ’ এটা ইউটিউব চেনেলত ২০২৪ চনৰ ৯ নৱেম্বৰত আপলোড হোৱা দেখিলোঁ।
ভিডিঅ’টোৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে এই চেনেলত থকা ভিডিঅ’সমূহ মনোৰঞ্জন আৰু সজাগতা সৃষ্টিৰ বাবে নিৰ্মিত। বিৱৰণত ইংৰাজী ভাষাত লিখা আছিল এইদৰে, “This May Happen..!😲😲 See What Happened In A Saloon When Barber Did Massage
#awareness #saloon #bodymassage #massage
Disclaimer: Thank you for watching! Please be aware that this Channel features scripted dramas and parodies of Aware People in Different Situations. This Channel Brings Social Awareness Videos. These short films are for entertainment purposes only!
Please note: The Videos/Content on this channel are copyrighted and may not be reused without permission from the channel administrator”।
তদুপৰি একেটা ভিডিঅ’ আমি ২০২৪ চনৰ ৭ নৱেম্বৰত ফেচবুক পেজ এটাত আপলোড কৰা দেখিলোঁ, য’ত এটা ডিচক্লেইমাৰ আছিল, “চোৱাৰ বাবে ধন্যবাদ! অনুগ্ৰহ কৰি মন কৰক যে এই পেজত চিত্ৰনাট্যযুক্ত নাটক, পেৰ’ডি, আৰু সজাগতামূলক ভিডিঅ’সমূহ সন্নিবিষ্ট কৰা হৈছে। এই চুটি ছবিসমূহ কেৱল মনোৰঞ্জন আৰু শিক্ষাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। ভিডিঅ’সমূহত চিত্ৰিত সকলো চৰিত্ৰ আৰু পৰিস্থিতি কাল্পনিক আৰু ইয়াৰ উদ্দেশ্য হৈছে সজাগতা বৃদ্ধি, মনোৰঞ্জন আৰু শিক্ষা প্ৰদান(Thank you for watching! Please note that this page features scripted dramas, parodies, and awareness videos. These short films are created for entertainment and educational purposes only. All characters and situations depicted in the videos are fictional and intended to raise awareness, entertain, and educate.)”
আমি একেধৰণৰ দৃশ্যসজ্জাৰ আন এটা ভিডিঅ’ পালোঁ, যিটো ২০২৪ চনৰ ১০ নৱেম্বৰত এই ফেচবুক পেজটোত আপলোড কৰা হৈছিল।এই ভিডিঅ’টোত দেখুওৱা নাপিতজন আৰু ভাইৰেল ভিডিঅ’টোত দ্বিতীয়জন গ্ৰাহক হিচাপে থকা ব্যক্তিজন আছিল একেজনেই ব্যক্তি। দুয়োটা স্ক্ৰীণশ্বটৰ মাজত তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো দৰাচলতে সজাগতা সৃষ্টিৰ বাবে নিৰ্মিত এক চিত্ৰনাট্যযুক্ত ভিডিঅ’হে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। নাপিতৰ মালিচৰ ফলত গ্ৰাহক এজন পক্ষাঘাতগ্ৰস্ত হৈ পৰাৰ এই ভিডিঅ’টো দৰাচলতে সজাগতা সৃষ্টিৰ বাবে নিৰ্মিত এক চিত্ৰনাট্যযুক্ত ভিডিঅ’হে। এই ঘটনাটো বাস্তৱ ঘটনা নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এখন চেলুনত গ্ৰাহক পক্ষাঘাতগ্ৰস্ত হোৱা এই ভিডিঅ’টো দৰাচলতে চিত্ৰনাট্যযুক্ত।
Fact Check By: Debanjana BaishyaResult: Misleading
